ETV Bharat / state

Kidnapped children rescued : মহানগৰীৰ পৰা অপহৃত দুই শিশুক বিহাৰত উদ্ধাৰ

author img

By

Published : Mar 18, 2023, 4:18 PM IST

Updated : Mar 18, 2023, 4:29 PM IST

শেহতীয়াকৈ গুৱাহাটীৰ তেতেলিয়াৰ পৰা অপহৰণ হৈছিল দুই শিশু (Kidnapped case in Guwahati)। বিহাৰৰ পৰা উদ্ধাৰ শিশু দুটি । সম্প্ৰতি পলাতক অপহৰণকাৰী । শিশু দুটিক বৈশালী জিলাৰ মহুৱা আৰক্ষী থানাত ৰখা হৈছে ।

Kidnapped children rescued
মহানগৰীৰ পৰা অপহৃত দুই শিশুক বিহাৰত উদ্ধাৰ

গুৱাহাটী,১৮ মাৰ্চ : অৱশেষত উদ্ধাৰ হ'ল গুৱাহাটীৰ পৰা অপহৃত দুই শিশু (Child rescued in Bihar)। বিহাৰত উদ্ধাৰ হৈছে শিশু দুটি । গুৱাহাটী আৰক্ষী আৰু বিহাৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই উদ্ধাৰ কৰে শিশু দুটিক । গুৱাহাটীৰ তেতেলিয়াৰ পৰা অপহৰণ হৈছিল শিশু দুটি । অপহৰণকাৰীয়ে শিশু দুটিক অপহৰণ কৰি লৈ গৈছিল বিহাৰলৈ ।

জানিব পৰা মতে মালিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত তেতেলিয়াত পৰিয়ালৰ সৈতে ভাৰাতীয়া হিচাপে থাকে শিশু দুটি । শিশু দুটি হৈছে বিহাৰৰ বাসিন্দা মদন ৰায়ৰ দুই পুত্ৰ ৮ বছৰীয়া বিবেক ৰায় আৰু ৫ বছৰীয়া অজিত ৰায় । ঘৰৰ চৌহদত খেলি থকা অৱস্থাৰ পৰাই দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিল দুয়োকে (Two child kidnapped from Guwahati)।

এই ঘটনা বিহাৰৰে সুধিৰ কুমাৰ আৰু ৰাহুল সিং নামৰ দুই লোক জড়িত থকাৰ অভিযোগ উঠিছে । জানিব পৰা মতে শিশু দুটিয়ে বৃহস্পতিবাৰে বিয়লি ঘৰৰ চৌহদত খেলি আছিল । তেনে সময়তে সুধিৰ আৰু ৰাহুলে তেওঁলোকক অপহৰণ কৰি লৈ গৈছিল । আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত সুধিৰ আৰু ৰাহুলৰ মদন ৰায়ৰ পৰিয়ালৰ লগত দীৰ্ঘদিনীয়া সংঘাত আছিল ।

আৰক্ষীয়ে জনোৱা মতে মদন ৰায়ৰ বাহন চলাইছিল সুধিৰে । তাৰে সুযোগ গ্ৰহণ কৰি বৃহস্পতিবাৰে শিশু দুটিক ফুৰাব নিয়াৰ চলেৰে অপহৰণ কৰি লৈ গৈছিল । উদ্ধাৰ হোৱা শিশু দুটিক সম্প্ৰতি বিহাৰৰ বৈশালী জিলাৰ মহুৱা আৰক্ষী থানাত ৰখা হৈছে ।

শিশু দুটিক আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও মহানগৰীৰ মালিগাঁৱত অলপতে এটি চাৰি বছৰীয়া কন্যা সন্তানক কাপোৰৰ ব্যৱসায়ীয়ে অপহৰণ কৰি লৈ গৈছিল (Guwahati kidnapped case)। অপহৰণৰ ঘটনাৰ কেইবাটাও মাহ অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে অপহৃত শিশুটিক আজি পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । অপহৰণকাৰী ভুক্তভোগী পৰিয়ালৰ পূৰ্বৰে পৰা শত্ৰুতা আছিল ।

আৰক্ষীয়ে জনোৱা মতে এখন ৱেগনাৰ বাহনেৰে অপহৰণ কৰি লৈ গৈছিল । আনহাতে আৰক্ষীৰ তৎপৰতা দেখি অভিযুক্তই জংঘলত এৰি থৈ গৈছিল শিশু দুটিক । অৱশ্যে অপহৰণকাৰী এতিয়াও পলাতক হৈ আছে । আৰক্ষীয়ে অপৰহণকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Assam Nagaland border: তিতাবৰত নাগালেণ্ড আৰক্ষীৰ বাহনে মহতিয়ালে অসমীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান

Last Updated : Mar 18, 2023, 4:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.