ETV Bharat / state

শিলাদিত্য কাণ্ড: সাহিত্য সভাৰ দুগৰাকী প্ৰাক্তন সভাপতিৰ প্ৰতিক্ৰিয়া

বিধায়ক শিলাদিত্য দেৱে এইবাৰ অসমীয়া সাহিত্য জগতৰ মহীৰূহস্বৰূপ চৈয়দ আব্দুল মালিকক "বৌদ্ধিক জেহাদী" বুলি কোৱাৰ পাছতে বিধায়ক গৰাকীৰ বিৰুদ্ধে সৰৱ হৈ হৈছে বহু লোক ৷ বিশিষ্ট সাহিত্যিক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰাৰ লগতে প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়েও এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক গৰাকীৰ বিৰুদ্ধে ৷

author img

By

Published : Aug 9, 2020, 7:52 PM IST

দুগৰাকী প্ৰাক্তন সভাপতিৰ প্ৰতিক্ৰিয়া
দুগৰাকী প্ৰাক্তন সভাপতিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৯ আগষ্ট: বহুবাৰ বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে এইবাৰ অসমীয়া সাহিত্য জগতৰ মহীৰূহস্বৰূপ চৈয়দ আব্দুল মালিকক "বৌদ্ধিক জেহাদী" বুলি কোৱাৰ পাছতো এইজন বিধায়কক উভতি ধৰিবলৈ সাহস হোৱা নাই অসম সাহিত্য সভাৰ । অসম সাহিত্য সভাৰ সভাপতি কুল শইকীয়াৰ সৈতে দেওবাৰে পুৱাৰে পৰা একাধিকবাৰ ই টিভি ভাৰতৰ সাংবাদিকে যোগাযোগ কৰে এই বিষয়ে প্ৰতিক্ৰিয়া জনাৰ বাবে । কিন্তু প্ৰতিবাৰেই আশ্চৰ্যজনকভাবে তেওঁ এই বিষয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে ।

শিলাদিত্য কাণ্ড: সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰাৰ প্ৰতিক্ৰিয়া

ইয়াৰ বিপৰীতে শিলাদিত্য দেৱে কৰা এনে অপমানজনক মন্তব্যত জ্বলিপকি উঠিছে অসম সাহিত্য সভাৰ দুগৰাকীকৈ প্ৰাক্তন সভাপতি । বিশিষ্ট সাহিত্যিক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ লক্ষ্মীনন্দন বৰাই ইটিভি ভাৰতযোগে ক'লে- "কোনো কাৰণতে চৈয়দ আব্দুল মালিক সন্দৰ্ভত শিলাদিত্য দেৱে কৰা এনে অপমানসূচক মন্তব্য মানি ল'ব নোৱাৰি । মালিকৰ কোনো সৃষ্টিকৰ্মতে সাম্প্ৰদায়িকতাৰ গোন্ধ নাই । শিলাদিত্য দেৱে ক'ত পালে সেই গোন্ধ । ধৰ্ম পিচৰ কথা । মালিক আছিল প্ৰথমে এগৰাকী অসমীয়া । জাতে পাতে অসমীয়া । অসমৰ সৰ্বস্তৰতে শিলাদিত্য দেৱৰ এনে মন্তব্যৰ প্ৰতিবাদ হোৱা উচিত ।"

শিলাদিত্য কাণ্ড: সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ প্ৰতিক্ৰিয়া

অসম সাহিত্য সভাৰ আন এগৰাকী প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়েও ক'লে- "চৈয়দ আব্দুল মালিক অসমীয়া‌ সাহিত্যৰ বটবৃক্ষ । ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে বিভুষিত কৰা এগৰাকী বৰেণ্য ব্যক্তি । তেওঁ এগৰাকী প্ৰাক্তন সাংসদ । বিজেপি বিধায়কজনে এনে মন্তব্য কৰি কেৱল আব্দুল মালিককে অপমান কৰা নাই । কৰিছে চৰকাৰকো । তাৰ মানে ভাৰত চৰকাৰে এগৰাকী জেহাদীকহে পদ্মভূষণ সন্মান দিছিল নেকি ? মুখ্যমন্ত্ৰীয়ে এইজোপা বটবৃক্ষৰ বিষয়ে খুব ভালকৈ জানে । বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীও পঢ়াশুনা কৰা লোক । গতিকে তেওঁলোকে এনে অপমানসূচক মন্তব্য কৰা দলীয় বিধায়কজনৰ বিৰুদ্ধে ব্যৱস্থা লওক । এয়া আহ্বান নহয়, দাবী । "

লগতে পঢ়ক: স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী আখ্যা বিধায়ক শিলাদিত্য দেৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.