ETV Bharat / state

আছুৰ নতুন ৰাজনৈতিক দল: কি কয় দুই প্ৰাক্তন সভাপতিয়ে

আছুৰ নতুন ৰাজনৈতিক দলৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আছুৰ দুগৰাকীকৈ প্ৰাক্তন সভাপতিয়ে ৷ বৰ্তমানৰ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে, কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায়ে এই সম্পৰ্কত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷

দুই প্ৰাক্তন সভাপতি
দুই প্ৰাক্তন সভাপতি
author img

By

Published : Aug 21, 2020, 9:09 PM IST

গুৱাহাটী, ২১ আগষ্ট: সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গঠন হ'বলগীয়া নতুন ৰাজনৈতিক দলক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া । আছুৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ অগপৰ সভাপতি অতুল বৰাই ইতিমধ্যে নতুন ৰাজনৈতিক দলৰ বাবে আছুক শুভেচ্ছা জনাইছে । একেদৰে ছাত্ৰ সংগঠনটোৰ আন এগৰাকী প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তয়ো শুকুৰবাৰে নতুন ৰাজনৈতিক দলৰ বাবে অভিনন্দন জনাইছে আছুক । কিন্তু তাৎপৰ্যপূৰ্ণভাবে তেওঁ এই বুলিও মন্তব্য কৰে যে বাকী ৰাজনৈতিক কথা বতৰাবিলাক নিৰ্বাচনৰ সময়ত ভোটৰ ক্ষেত্ৰখনতহে দেখা পোৱা যাব ।

আছুৰ নতুন ৰাজনৈতিক দল সম্বৰ্কে কেশৱ মহন্তৰ মন্তব্য

ইপিনে আছুৰ আন এগৰাকী প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ কংগ্ৰেছ নেতা শংকৰ প্ৰসাদ ৰায়ে নতুন ৰাজনৈতিক দলৰ বাবে আছুক শুভেচ্ছা জনাই এই বুলিও মন্তব্য কৰে যে, আছুৱে দল গঠন কৰাৰ সময়ত এই কথাও মনত ৰখা ভাল যে যাৰ বিৰুদ্ধে এই দল গঠন কৰা হৈছে তেওঁলোককে যাতে এই দলে উপকৃত নকৰে ।

আছুৰ নতুন ৰাজনৈতিক দল সম্বৰ্কে শংকৰ প্ৰসাদ ৰায়ৰ মন্তব্য
লগতে পঢ়ক: বেৰাচাপৰিত ২ কোটি টকীয়া পাৰ্কুপাইন আঁচনিৰ কামৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.