ETV Bharat / state

বিজেপিৰ হৈ ৰাজ্যসভালৈ যাব পাৰে পৱন সিং ঘাটোৱাৰ ! - বিজেপিৰ হৈ ৰাজ্যসভালৈ পৱন সিং ঘাটোৱাৰ

মার্চ মাহত কংগ্ৰেছৰ ৰাজ্যসভাৰ দুই সাংসদ ৰাণী নৰহ আৰু ৰিপুণ বৰাৰ কার্যকাল অন্ত পৰিব । বিজেপিয়ে দুয়ােখন আসন লাভ কৰাৰ অংক ( (BJP strategy to gain vacant Rajya sabha seats) আগতে কৰি থােৱাৰ ফলত চেষ্টা চলালেও কংগ্ৰেছে এখনাে আসন হাতত ৰাখিব নােৱৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে ।

BJP's strategy to gain vacant Rajya sabha seats
বিজেপিৰ হৈ ৰাজ্যসভালৈ যাব পাৰে পৱন সিং ঘাটোৱাৰ !
author img

By

Published : Jan 6, 2022, 6:56 PM IST

Updated : Jan 6, 2022, 7:27 PM IST

গুৱাহাটী, ৬ জানুৱাৰী : ৰাজ্যসভাত সাংসদ ৰিপুন বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল চলিত বৰ্ষৰ মাৰ্চ মাহত অন্ত পৰিব । ৰাজ্য সভাৰ খালী হ'বলগীয়া এই দুখন আসনৰ ভিতৰত এখন আসন বিৰােধীক ঐক্যবদ্ধ কৰি হাতত ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে (congress's strategy to retain vacant Rajya sabha seats) । অৱশ্যে এইক্ষেত্রত কংগ্ৰেছ দল কিমান দূৰ সফল হ'ব সেয়া সময়েহে ক'ব । কাৰণ দুয়োখন আসনত জয়লাভ কৰাৰ অংক বহুদিনৰ আগতে কৰি থৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই (BJP's strategy to gain vacant Rajya sabha seats) ।

বিৰােধী দলৰ দলপতি দেবব্রত শইকীয়াই (Opposition leader Debabrata Saikia) বিৰােধী পক্ষক একত্রিত কৰি ৰাজ্য সভাৰ এখন আসন লাভ কৰাৰ বাবে আলােচনা চলােৱাৰ কথা উল্লেখ কৰাৰ সময়তে লক্ষণীয়ভাৱে মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যসভাৰ আসনখনৰ প্রতি কংগ্ৰেছৰ লােভ লাগিছে যদিও ৰাজ্য সভাৰ দুয়ােখন আসন পাবলৈ যি কৰিব লাগে, সেয়া আগতীয়াকৈ কৰি থােৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ৷

উল্লেখ্য যে, অহা মার্চ মাহত কংগ্ৰেছৰ ৰাজ্য সভাৰ দুই সাংসদ ৰাণী নৰহ আৰু ৰিপুণ বৰাৰ কার্যকাল অন্ত পৰিব । বিজেপিয়ে দুয়ােখন আসন লাভ কৰাৰ অংক আগতে কৰি থােৱাৰ ফলত চেষ্টা চলালেও কংগ্ৰেছে এখনাে আসন হাতত ৰাখিব নােৱৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে । সংখ্যাৰ অংকত একত্রিত হ’লে মূৰামূৰিকৈ এখন আসন লাভ কৰাৰ অংক কৰি প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিৰােধী পক্ষক একত্রিত হ’বলৈ আহ্বান জনাইছে ।

এই আহ্বানৰ প্রতি এআইইউডিএফৰ বিধায়ক ৰফিকুল হুছেইনে লগে লগে সঁহাৰি দিছে । আনহাতে, বিৰােধী শক্তিৰ মাজত আনুষ্ঠানিকভাৱে কথা-বতৰা আৰম্ভ হােৱাই নাই অথচ এ আই ইউ ডি এফৰ প্রার্থী দিবলৈ দলটোৰ বিধায়ক আমিনুল ইছলামে কংগ্ৰেছক প্রস্তাৱ আগবঢ়াইছে । আনহাতে বিৰােধী শক্তিত থকা দল কংগ্ৰেছৰ সদস্য সংখ্যা অধিক হােৱাত দলটোৱে নিজে প্রার্থী দিব বিচাৰিব । সেয়েহে ৰাজ্য সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কেইমাহমানৰ আগতে ফাঁট মেলা কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজৰ সম্পর্ক ওচৰ চাপি আহিলেও প্রাথিত্বকেন্দ্রিক সংঘাতৰ ফলত মূৰকত বিৰােধী ঐক্য বিঘ্নিত হৈ পৰাৰ সম্ভাবনা আছে ।

কংগ্রেছৰ মহাজোঁটৰ পৰা আঁতৰি অহা বি পি এফে বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্রতি সমর্থন জনােৱাৰ কথা আনুষ্ঠানিকভাবে ঘােষণা কৰাৰ পাছত দলটোৱে ৰাজ্য সভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্রার্থীক সমর্থন জনাব পাৰে । অর্থাৎ বিজেপি-বিৰােধী শক্তিৰ ভিতৰত অৱশেষত থাকিবগৈ এ আই ইউ ডি এফ, চি পি এম আৰু নির্দলীয় সদস্য। ৰাজ্য সভাৰ খালী হ'বলগীয়া দুয়োখন আসন লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ অংক কৰি থােৱাৰ পাছত আসন দুখনৰ বাবে প্রার্থী কোন হ’ব, সেই লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে ।

উল্লেখ যে পূৰ্বৰ চৰ্তমতে এইবাৰ খালী হ’বলগীয়া এখন আসন বিজেপিয়ে মিত্রদল ইউ পি পি এলক এৰি দিয়াৰ সম্ভাৱনা আছে । আনহাতে বিজেপিৰ হাতত থকা আসনখনত কোনে প্রার্থিত্ব লাভ কৰিব । তাকলৈ ব্যাপক চৰ্চা চলিছে। লক্ষণীয় বিষয় যে চাহ জনগােষ্ঠীৰ অন্যতম সংগঠন অসম চাহ মজদুৰ সংঘ নিয়ন্ত্ৰণলৈ আনিবলৈ বিজেপিয়ে লক্ষ্য কৰি লৈছে । ইতিমধ্যে সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গােৱালাই বিজেপিত যােগ দি ডুমডুমা সমষ্টিৰ পৰা বিধানসভালৈ নির্বাচিত হৈছে ।

সংঘৰ সভাপতি প্রাক্তন সাংসদ পৱন সিং ঘাটোৱাৰে দুলীয়াজানৰ জালনী ক্লাবত অনুষ্ঠিত আৰক্ষী অধীক্ষকসকলৰ বৈঠক উপলক্ষে আয়ােজিত নৈশভােজত মুখ্যমন্ত্রী ড° শৰ্মাৰ সৈতে উপস্থিত থকাৰ পাছতে ৰাজনৈতিক মহলত আন এক নতুন চৰ্চা আৰম্ভ হৈছে। চর্চা অনুসৰি ঘাটোৱাৰে ৰাজ্য সভাৰ খালী হােৱা আসন লক্ষ্য কৰি বিজেপিত যােগ দিলেও আচৰিত হ'বলগীয়া একো নাথাকিব ।

কিয়নাে চাহ জনগােষ্ঠীৰ মাজত ইতিমধ্যে বিজেপিয়ে খােপনি পুতিছে । যি অৱশিষ্ট কংগ্ৰেছৰ শিবিৰত আছে তেওঁলােককো চাহ মজদুৰ সংঘৰ সভাপতি ঘাটোৱাৰক ৰাজ্যসভাৰ প্রার্থিত্ব দি ভৱিষ্যতৰ বাবে বিজেপিৰ ভেটি মজবুত কৰাৰ কৌশল গেৰুৱা দলটোৱে গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি এতিয়া চৰ্চিত হৈছে । ইতিমধ্যে, চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বহু কেইগৰাকী নেতাই বিজেপিত যোগদান কৰি নিজৰ ৰাজনৈতিক অধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰবীণ নেতা পৱন সিং ঘাটোৱাৰে বিজেপিত যোগদান কৰিলে কংগ্ৰেছৰ বাবে মোক্ষম আঘাত হ'ব ।

লগতে পঢ়ক : Air India Disinvestment: দিল্লী উচ্চ ন্য়ায়ালয়ে খাৰিজ কৰিলে সুব্ৰমন্য়ম স্বামীৰ আবেদন

Last Updated : Jan 6, 2022, 7:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.