ETV Bharat / state

সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি; এহেজাৰ গছি বন্তিৰে উজলিল দীঘলী পুখুৰীপাৰ

author img

By

Published : Nov 5, 2021, 10:19 PM IST

আছুৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই ১০০০ গছি বন্তি প্ৰজ্জ্বলন গুৱাহাটীৰ দীঘলী পুখুৰীপাৰত ৷ অনুষ্ঠানত মনিষা হাজৰিকাই কয়, নতুন প্ৰজন্মই ভূপেনদাৰ গীত চৰ্চা কৰি আছে, ইয়াতকৈ ভাল কথা একো হ'ব নোৱাৰে ৷

Tributes to Bhupen Hazarika in digholipukhuri
এহেজাৰ গছি বন্তিৰে উজ্বলিল দীঘলী পুখুৰীপাৰ

গুৱাহাটী, ৫ নৱেম্বৰ : দশম সংখ্যক মৃত্যু তিথিত সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই ১০০০ গছি বন্তিৰে উজ্বলিল গুৱাহাটীৰ দীঘলী পুখুৰীপাৰ ৷ আছুৰ উদ্য়োগত দিনযোৰা কাৰ্যসূচীৰে দীঘলীপুখুৰ পাৰৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি সন্মুখত আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ এই বিশেষ দিনটোত পূৰ্বে ১০ হাজাৰ বন্তি প্ৰজ্বলন কৰিছিল যদিও এইবাৰ ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে সন্ধিয়া দীঘলী পুখুৰীৰ পাৰত ১০০০ গছি বন্তি প্ৰজ্বলন কৰা হয় ৷

অনুষ্ঠানত আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে, উত্তৰ পূৱৰ প্ৰতিটো দুৰ্যোগৰ সময়ত ভূপেন দাই শব্দ বাক্য সৃষ্টিৰে জাতীয় জীৱনৰ সন্ধান দি গ'ল । এই পথৰ সন্ধান লৈ আমি আগবাঢ়ি যাব লাগিব । তেওঁ সৃষ্টিৰাজি নতুন প্ৰজন্মৰ সদায়ে পথ প্ৰদৰ্শক হৈ ৰ'ব ৷

আনহাতে অনুষ্ঠানত মনিষা হাজৰিকাই কয়, নতুন প্ৰজন্মই ভূপেনদাৰ গীত চৰ্চা কৰি আছে, ইয়াতকৈ ভাল কথা একো হ'ব নোৱাৰে ৷ তেওঁৰ গীতে পথ দেখুৱাব পাৰে । পথ প্ৰদৰ্শক হ'ব পাৰে । তেওঁ জাতি, সমাজ, ৰাজনীতি, প্ৰেম, প্ৰকৃতি, ক্ৰীড়া ক্ষেত্ৰক লৈ গীত লিখি গৈছে । তেওঁৰ গীতৰ চৰ্চাৰ প্ৰয়োজন হৈ পৰিছে বুলি কয় মনিষা হাজৰিকাই ৷

লগতে পঢ়ক: দীঘলীপুখুৰীৰ পাৰত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.