গুৱাহাটী, ১১ জানুৱাৰী: দেশৰ অন্য প্ৰান্তৰ লগতে আজিৰে পৰা অসমতো আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩(National Road Safety Week 2023 ) । আজি অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত পথ সুৰক্ষা সপ্তাহৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ১৭ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই সপ্তাহজোৰা কাৰ্যসূচীৰ উদ্বোধন কৰে পৰিবহন তথা আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই(Transport Minister Parimal Suklabaidya) ।
অনুষ্ঠানটোত পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খান, পৰিবহণ বিভাগৰ অতিৰিক্ত আয়ুক্ত গৌতম দাস, জিলা এনফৰ্চমেন্ট পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস প্ৰমুখ্যে পৰিবহণ বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে । উদ্বোধনী অনুষ্ঠানৰ ভাষণ প্ৰসংগত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাইজক যান-বাহনৰ সকলো নীতি নিয়ম মানি চলিবলৈ আহ্বান জনায় । দুচকীয়া বাহন চলাওঁতে যাতে চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰে তথা আৰু চাৰিচকীয়া বাহনত ছীটবেল্ট ব্যৱহাৰ কৰে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়(Parimal Suklabaidya inaugurates Road safety week in Assam) ৷
তেওঁ লগতে যানবাহন চালনাত অত্যাধিক গতি পৰিহাৰ কৰা, সুৰাপান কৰি যানবাহন নচলোৱা আৰু যানবাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰিবলৈ সকলোকে অনুৰোধ জনায় । পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি গোটেই সপ্তাহটো মহানগৰীৰ বিভিন্ন স্থানত পথ সুৰক্ষা বিষয়ক বাটৰ নাট, মাৰাথন দৌৰ, বাইক ৰেলী, বিভিন্ন ৰাজহুৱা স্থানত বেনাৰ-পোষ্টাৰ লগাই সজাগত-সুৰক্ষাৰ বাণী প্ৰচাৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব(Road safety awareness programme) ৷ ইয়াৰ উপৰি ৰাজহুৱা আৰু ব্যৱসায়িক অঞ্চলৰ জনসমাৱেশত চালক-হেন্দিমেনৰ মাজত সজাগতা সৃষ্টিৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।
আজিৰ এই অনুষ্ঠানতে পথ সুৰক্ষা মিত্ৰসকলক প্ৰদান কৰা হয় পথ সুৰক্ষা কিট । সুৰাপান কৰি বাহন চলোৱাৰ বাবেই বহুতো পথ দুৰ্ঘটনা সংঘটিত হয় । সেয়েহে এতিয়াৰে পৰা সুৰাৰ বটলত পথ সুৰক্ষাৰ সতৰ্কবাণী থাকিব বুলি জনায় আবকাৰী তথা পৰিবহন মন্ত্ৰীগৰাকীয়ে । এফালে সুৰাপান কৰি বাহন নচলাবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ৷ তাৰ বিপৰীতে একেটা বিভাগতে থকা আবকাৰী মন্ত্ৰীগৰাকীয়ে সুৰাৰ নতুন বিপনীৰ বাবে নিবিদা মুকলি কৰি দিয়া জাননীয়ে বিশেষ চর্চা লাভ কৰিছে ৰাইজৰ মাজত ।
উল্লেখ্য যে, এক সমীক্ষা অনুসৰি সমগ্ৰ দেশতে পথ দুৰ্ঘটনাৰ ফলত প্ৰতিঘণ্টাত মৃত্যু হয় ১৭ জনকৈ লোকৰ । এই দুৰ্ঘটনা ৰোধ কৰাৰ তথা ইয়াৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ (National road safety week) । প্ৰতিবছৰে ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ পালন কৰাৰ হয় ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ (Road safety week in India)। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন সজাগতামূলক কাৰ্যসূচীও ৰূপায়ন কৰা হয় ৷
লগতে পঢ়ক : National Road Safety Week 2023: নলবাৰীত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ২০২৩ উদযাপন