ETV Bharat / state

Mission Against Accident in Guwahati: গুৱাহাটীৰ বনভোজস্থলীত পৰিবহন বিষয়াৰ চাডেন ভিজিট - Awareness program in Guwahati

বৰদিন, 31 ডিচেম্বৰ, 1 জানুৱাৰীক লৈ বিশেষভাৱে সষ্টম হৈছে ৰাজ্যৰ পৰিবহন বিভাগ ৷ দুৰ্ঘটনা ৰোধৰ বাবে লৈছে বিশেষ ব্যৱস্থা ৷ শনিবাৰে কামৰূপ মহানগৰ জিলাৰ কেইবাটাও বনভোজস্থলীত পৰিবহন বিষয়াই চলালে অভিযান (DTO visit picnic places in Guwahati)৷

DTO visit picnic place in Guwahati
বনভোজস্থলীত পৰিবহন বিষয়াৰ চাডেন ভিজিট
author img

By

Published : Dec 24, 2022, 10:38 PM IST

বনভোজস্থলীত পৰিবহন বিষয়াৰ চাডেন ভিজিট

গুৱাহাটী, ২৪ ডিচেম্বৰ : আগন্তুক বৰদিন, ৩১ ডিচেম্বৰ আৰু নতুন বছৰটো পথ দুৰ্ঘটনামুক্তভাৱে উৎযাপন কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ পৰিছে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগ ৷ নৱবৰ্ষৰ লগতে উৎসৱকালিন সময়ছচোৱাত যাতে পৰিবহনৰ নীতি-নিয়ম উলংঘা কৰি তথা সুৰাসক্ত হৈ গাড়ী চালনা কৰি যাতে দুৰ্ঘটনা সংঘটিত নকৰে তাৰ প্ৰতি ৰখা হৈছে বিশেষ লক্ষ্য ৷

ইয়াৰ লগতে বনভোজস্থলীত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অধিক তৎপৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিভাগ (Kamrup Metro DTO)। শনিবাৰে মহানগৰীৰ পাৰ্শ্বৱৰ্তী হাতীশিলা, তপোবন আৰু চন্দ্ৰপুৰৰ বনভোজস্থলীত পৰিবহন বিষয়াৰ লগতে এনফৰ্চমেন্ট বিষয়াৰ এটা বৃহৎ দলে অভিযান চলায় (DTO visit picnic place in Guwahati)।

বনভোজস্থলীত জিলা পৰিবহন বিষয়া (এনফৰ্চমেন্ট) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত যোৱা দলটোৱে বনভোজকাৰীসকলক সজাগতা-সতৰ্কতা সন্দৰ্ভত মাইকযোগে অৱগত কৰোৱাৰ লগতে বনভোজকাৰীসকলে যাতে সুৰাপান নকৰে, মদ্যপান কৰি যাতে চালকে বাহন নচলায়, বনভোজস্থলীত কোনো লোকে যাতে উশৃংঙ্খল আচৰণ কৰি পৰিৱেশ বিঘ্নিত নকৰে তাৰ পৰামৰ্শ আগবঢ়ায় ।

পৰিবহণ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে জিলা পৰিবহন বিভাগে এই সময়চোৱাত বনভোজ খাবলৈ অহা লোকসকলৰ কোনো এটি পৰিয়ালে যাতে দুঃসংবাদ লৈ ঘৰলৈ যাব নালাগে তাৰ বাবে এই প্ৰদক্ষেপ গ্ৰহণ কৰিছে । সুৰাপান কৰি যদি কোনো লোকে বাহন চলায়, তেওঁৰ বিৰুদ্ধে পৰিবহন বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰী কৰে পৰিবহণ বিষয়াগৰাকীয়ে ।

উল্লেখ্য যে, ইতিমধ্যে পৰিবহণ বিভাগে মহানগৰীৰ ভিন্ন প্ৰান্তত পথ সুৰক্ষাক লৈ সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে পৰিবহণ বিভাগৰ তৰফৰ পৰা সুৰাপায়ী চালক তথা যান-বাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে আৰম্ভ কৰিছে বিশেষ অভিযান । শুকুৰবাৰে নিশা পৰিবহণ বিভাগৰ উদ্যোগত মহানগৰীৰ নাৰেংগী তিনিআলিৰ ৰাজপথত পথ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে চন্দ্ৰশেখৰ দাসৰ নেতৃত্বত শিল্পীৰ এটা দলে বাটৰ নাট প্ৰদৰ্শন কৰে (Awareness program in Guwahati)।

উক্ত অনুষ্ঠানত সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাস, নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত যান-বাহন আৰক্ষী বিষয়া কামেশ্বৰ বৈশ্য, নৱনিযুক্ত পৰিবহন বিষয়া পূৰবী কলিতা আদিৰ লগতে কেইবাগৰাকীও নৱ-নিযুক্ত পৰিবহন বিষয়া উপস্থিত থাকে ।

উল্লেখ্য যে, যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ লগতে অসম আৰক্ষীৰ যান-বাহন শাখাই লৈছে কঠোৰ স্থিতি ৷ পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ বাবে যুদ্ধকালিন প্ৰস্তুতিৰে আৰম্ভ কৰিছে কুৰুক্ষেত্ৰ অভিযান (Kurukhetra Mission in Guwahati)৷

লগতে পঢ়ক: Azamgarh Manduri Airport controversy : আৰক্ষীয়ে কিয় আটক কৰিলে মেগছেছে বঁটা বিজয়ী ড০ সন্দীপ পাণ্ডেক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.