যোৰহাট,৬ ফ্ৰেব্ৰুৱাৰী: চলিত বিত্তীয় বৰ্ষত যান-বাহনৰ জৰিমনা বিহাৰ নামত যেন অভিলেখ গঢ়িলে পৰিবহন বিভাগে(Transport Department collects fine in Assam) । যান-বাহন আইন উলংঘা কৰাৰ অভিযোগত যান-বাহনৰ গৰাকীক জৰিমনা বিহি চলিত বিত্তীয় বছৰটোৰ ৯ মাহতে প্রায় ৭৫.৪৯ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে । পৰিবহন বিভাগৰ এক সূত্ৰই এই কথা জানিবলৈ দি কয় যে যোৱা এপ্রিল মাহৰপৰা ডিচেম্বৰ মাহৰ ভিতৰত সংগ্ৰহ কৰা হৈছে এই বিশাল পৰিমাণৰ জৰিমনা । বিত্তীয় বছৰটোৰ বাকী থকা সময়খিনিত এই পৰিমাণ বৃদ্ধি হৈ কমেও এশকোটি হ’ব বুলি আশা কৰা হৈছে(Drive against traffic law violators) ।
পৰিবহন বিভাগৰ তথ্য অনুসৰি, ইতিমধ্যে সংগ্রহ হোৱা পৰিমাণেই এই শিতানৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত এক অভিলেখ গঢ়িছে । ইয়াৰ পূৰ্বে ২০২১-২২ বৰ্ষত-সর্বাধিক ২৪.৬৬ কোটি টকা জৰিমনা সংগ্ৰহ হৈছিল । ২০২০-২১ বৰ্ষত ১৪.৯৯ কোটি আৰু ২০১৯-২০ বৰ্ষত ১০.৩৭ কোটি টকা সংগ্রহ হৈছিল । উল্লেখ্য যে, সংশোধিত পৰিবহন আইনৰ গইনা লৈ পৰিবহন বিভাগে ব্যক্তিগত আৰু ৰাজহুৱা যাত্রীবাহী তথা সামগ্রী কঢ়িওৱা যান-বাহনক উচ্চ হাৰৰ জৰিমনা বিহাক লৈ ব্যাপক প্রতিবাদ সাব্যস্ত হৈছে । কিন্তু পৰিবহন বিভাগে এনে প্ৰতিবাদক কোনো গুৰুত্ব প্ৰদান কৰা নাই ।
পৰিবহন সংস্থাসমূহে চকা বন্ধৰ কাৰ্যসূচী গ্রহণ কৰাৰ উপৰি বিভিন্ন ধৰণে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও এয়া অৰণ্য ৰোদনত পৰিণত হৈছে । শেহতীয়াকৈ যোৱা পহিলা ফেব্ৰুৱাৰীৰ পৰা পৰিবহন বিভাগে জৰিমণাৰ জৰিয়তে ধন সংগ্ৰহৰ বাবে আৰম্ভ কৰিছে ‘অভিযান কুৰুক্ষেত্ৰ’ । বৈধ নথি-পত্ৰ নথকা আৰু আইন ভংগ কৰা বাহনসমূহৰ বিৰুদ্ধে এই অভিযানৰ সময়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বিভাগে সকিয়নি প্ৰদান কৰিছে ।
কিন্তু লক্ষ্যণীয়ভাৱে ৰাজ্যত যান বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে পৰিবহন বিভাগ কঠোৰ হ'লেও বৰ্তমানেও দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস হোৱা নাই । ইফালে যান-বাহন আইন উলংঘন সম্পৰ্কীয় ঘটনাও হ্ৰাস হোৱা নাই ৰাজ্যত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম ক্ৰমাৎ বৃদ্ধি পাই আহিছে । এতিয়া ৰাজ্যৰ সাধাৰণ জনতাৰ মনত প্ৰশ্নৰ উদয় হৈছে যে যান-বাহন আইন উলংঘন সম্পৰ্কীয় গোচৰত কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহৰ পাছতো কিয় হ্ৰাস পোৱা নাই দুৰ্ঘটনাৰ সংখ্যা ? নে এই জৰিমণা সংগ্ৰহৰ লক্ষ্য কেৱল ৰাজকোষ টনকিয়াল কৰাহে ?
লগতে পঢ়ক: Safai karamchari Recruitment: ৰাজ্যত চাফাই কৰ্মী নিযুক্তিত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী