ETV Bharat / state

All clear drive in Guwahati: গুৱাহাটী মহানগৰীত পৰিবহণ বিভাগৰ 'অল ক্লিয়াৰ' অভিযান - Transport department all clear drive in Guwahati

মহানগৰীৰ, গড়চুক, কটাহবাৰী, গণেশপাৰা, আহোম গাঁও, বেলতলা অঞ্চলত কৰ অনাদায়ীলৈ ডিমাণ্ড নটিছ প্ৰেৰণ । ৰাজপথতে জব্দ বিলাসী বাহন । মহানগৰীৰ মাছখোৱা, ভুতনাথ, ফাঁচীবজাৰ আদি অঞ্চলত ব্যাপক অভিযান (All clear drive in Guwahati) ।

transport department's all clear
পৰিবহণ বিভাগৰ 'অল ক্লিয়াৰ' অভিযান
author img

By

Published : Mar 3, 2022, 10:32 PM IST

গুৱাহাটী,৩ মাৰ্চ: মিছন ছাৰখাৰৰ পাছত ৰাজ্যজুৰি আৰম্ভ হৈছে পৰিবহণ বিভাগৰ 'অল ক্লিয়াৰ' অভিযান (Transport department all clear drive in Guwahati)। এই অভিযান আৰম্ভ হোৱাৰ লগে লগে নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে মহানগৰীৰ মাছখোৱা, ভুতনাথ, ফাচীবজাৰ আদি অঞ্চলত ব্যাপক তালাচী অভিযান চলাইছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দলে ।

বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে বৃহৎ অঞ্চলটোত চলোৱা তালাচী অভিযানত নথিপত্ৰ নৱীকৰনকে ধৰি যাৱতীয় কৰ আদায় নিদিয়াৰ ক্ষেত্ৰত বহু বিসংগতি ধৰা পেলায়। অভিযানৰ সময়ত এখন বিলাসী বাহনে দীৰ্ঘদিন ধৰি কোনোধৰণৰ কৰ পৰিশোধ নকৰাৰ গুৰুতৰ তথ্য ধৰা পৰাত বাহনখন লগে লগে জব্দ কৰা হয় ।

transport department's all clear
মহানগৰীৰ, গড়চুক, কটাহবাৰী, গণেশপাৰা, আহোম গাওঁ, বেলতলা অঞ্চলত কৰ অনাদায়ীলৈ ডিমাণ্ড নটিছ প্ৰেৰণ ।

আনহাতে বহু চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰা, বীমা নথকাৰ উপৰি প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰ নথকাও ধৰা পৰে । সেইদৰে নিষেধাজ্ঞা থকাৰ পাছতো বহু বাহনত এতিয়াও ব্যৱহাৰ কৰি থকা হৈছে ক'লা আইনা । এই সকলো বিসংগতি সন্দৰ্ভত বাহনৰ গৰাকীলৈ লগে লগে ই-চালান প্ৰেৰণ কৰি জৰিমণা বিহা হয় ।

তালাচী অভিযানৰ উপৰি মহানগৰীৰ গড়চুক, কটাহবাৰী, গণেশপাৰা, আহোম গাওঁ, বেলতলা আদি বিভিন্ন অঞ্চলত কৰ পৰিশোধ নকৰা বাহনৰ মালিক তথা কৰ্তৃপক্ষৰ তথ্য হাতত লৈ ঘৰে-ঘৰে, কাৰ্যালয়ে-কাৰ্যালয়ে অভিযানকাৰী দল উপস্থিত হৈ ব্যক্তিগত বাহনৰ মালিক, নিৰ্মাণকাৰী সংস্থা আৰু যান-বাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠানক ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰেই কৰ পৰিশোধ কৰাৰ লগতে বাহনৰ নথিপত্ৰ নৱীকৰণৰ আহ্বান জনায় ।

transport department's all clear
জব্দ বিলাসী বাহন

একে সময়তে কৰ অনাদায়ী সকলক ৰাজ্যখনত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া সাৱধানতা সন্দৰ্ভতো অৱগত কৰে । উল্লেখ্য যে কৰ সংগ্ৰহৰ সমান্তৰালভাৱে বিভাগৰ উদ্যোগত আজিও অব্যাহত থাকে পথ-সুৰক্ষাৰ সজাগতা অভিযান ৷

লগতে পঢ়ক: সকাহ : স্থাৱৰ সম্পত্তি কিনা-বেচাত নালাগিব NOC

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.