ETV Bharat / state

য়াছৰ বাবে অসমৰ ১২ খনকৈ ৰে’লৰ চলাচল বাতিল - য়াছ

সাগৰীয় ঘূৰ্ণী য়াছৰ কবলত পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চল ৷ এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ নিৰাপত্তাৰ দিশৰ পৰা চালি-জাৰি চাই ইতিমধ্যে সষ্টম হৈ পৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে ৷ সেই অনুসৰি, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাবলগীয়া 6 খন ৰে’লৰ লগতে দক্ষিণ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ আহিবলগীয়া 6 খন ৰে’লকে ধৰি মুঠ ১২ খন ৰে’লৰ যাত্ৰা বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে-এ ৷

য়াছৰ বাবে অসমৰ ১২ খনকৈ ৰে’লৰ যাত্ৰা বাতিল

author img

By

Published : May 23, 2021, 2:12 PM IST

গুৱাহাটী,২৩ মে': টাউতেৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছতে দেশৰ ভিন্ন প্ৰান্তত পুনৰ তাণ্ডৱ চলাবলৈ আহি আছে সাগৰীয় ঘূৰ্ণী য়াছ ৷ ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত বিশেষকৈ ওড়িশা আৰু পশ্চিমবংগত জাৰি কৰা হৈছে সতৰ্কতা ৷ 24 মে’ৰ সন্ধিয়াৰ ভাগত এই ঘূৰ্ণীয়ে দুয়োখন ৰাজ্য কোবাই যোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ৷ তাৰ বাবে সষ্টম হৈ পৰিছে বহুকেইটা উদ্ধাৰকাৰী অভিযানৰ দল ৷ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এই সন্দৰ্ভত দেওবাৰে অনুষ্ঠিত হৈ যায় এক পৰ্যালোচনা বৈঠক ৷ য’ত অংশগ্ৰহণ কৰে দেশৰ জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিনিধি, টেলিকম, শক্তি, অসামৰিক বিমান পৰিবহণ, বৈজ্ঞানিক মন্ত্ৰালয়ৰ সচিবসকলে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য মন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে ৷

য়াছৰ বাবে অসমৰ ১২ খনকৈ ৰে’লৰ যাত্ৰা বাতিল
য়াছৰ বাবে অসমৰ ১২ খনকৈ ৰে’লৰ যাত্ৰা বাতিল

এই ঘূৰ্ণীৰ কবলত পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চল ৷ এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ নিৰাপত্তাৰ দিশৰ পৰা চালি-জাৰি চাই ইতিমধ্যে সষ্টম হৈ পৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে ৷ সেই অনুসৰি, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাব লগীয়া 6 খন ৰে’লৰ লগতে দক্ষিণ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ আহিব লগীয়া 6 খন ৰে’লকে ধৰি মুঠ ১২ খন ৰে’লৰ যাত্ৰা বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে-এ ৷

যাত্ৰা বাতিল কৰা ৰে’ল কেইখন ক্ৰমে গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ, বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছ, ত্ৰিবান্দ্ৰম-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ, তিনিচুকীয়া-টাম্বাৰাম এক্সপ্ৰেছ, টাম্বাৰাম-তিনিচুকীয়া এক্সপ্ৰেছ, বেংগালুৰু-তিনিচুকীয়া এক্সপ্ৰেছ, তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছ, কামাখ্যা-যশৱন্তপুৰ এক্সপ্ৰেছ, য়শৱন্তপুৰ-কামাখ্যা এক্সপ্ৰেছ, চেন্নাই-নিউ জলপাইগুৰি এক্সপ্ৰেছৰ লগতে নিউ জলপাইগুৰি-চেন্নাই এক্সপ্ৰেছ ৷

লগতে চাওকঃ ধনশিৰিত সেনা-আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 6 ডিএনএলএ সদস্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.