ETV Bharat / state

ষঠ পূজা উপলক্ষে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা মহানগৰ আৰক্ষীৰ

ষঠ পূজা উপলক্ষে ১৯ নৱেম্বৰ আৰু ২০ নৱেম্বৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ পথ নির্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে ৷ আৰক্ষীৰ নিৰ্দেশনা অনুসৰি এম জি ৰোডৰ এপল' পইণ্টৰ পৰা কটন কলেজিয়েট স্কুল পইণ্টলৈ কেৱল ভক্ত কঢ়িওৱা বাহনহে চলাচল কৰিব পাৰিব ।

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 2:06 PM IST

Traffic restrictions for Chhath Puja in Guwahati
ষঠ পূজা উপলক্ষে গুৱাহাটীত যান-বাহন চলাচলত বিশেষ নির্দেশনা মহানগৰ আৰক্ষীৰ

গুৱাহাটী, ১৮ নৱেম্বৰ: ষঠ পূজা উপলক্ষে গুৱাহাটীত অহা ১৯ নৱেম্বৰ আৰু ২০ নৱেম্বৰত যান-বাহন চলাচলত বিশেষ পথ নির্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে । মহানগৰীৰ কেইবাটাও পথত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । ১৯ নৱেম্বৰৰ দিনৰ ১ বজাৰ পৰা ভক্তসকল ওভতি নহা পর্যন্ত আৰু ২০ নৱেম্বৰত ভক্তসকল ওভতি নহা পর্যন্ত যান-বাহন চলাচলৰ এই সালসলনি বাহাল থাকিব । আৰক্ষীৰ নিৰ্দেশনা অনুসৰি এম জি ৰোডৰ এপল' পইণ্টৰ পৰা কটন কলেজিয়েট স্কুল পইণ্টলৈ কেৱল ভক্ত কঢ়িওৱা বাহনহে চলাচল কৰিব পাৰিব ।

ভৰলুমুখ দিশৰ পৰা পাণবজাৰ আৰু চান্দমাৰীলৈ অহা সকলো বাহন এপল' পইণ্টেৰে এইচ বি ৰোড-টি আৰ পি ৰোড অথবা এটি ৰোড হৈ চলাচল কৰিব পাৰিব । বাহনসমূহ এন বি হল পইণ্ট পৰা বাওঁদিশে ঘূৰি এফ চি ৰোড, তৈয়াবুল্লা ৰোড আৰু জি এন বি ৰোড হৈ চলাচল কৰিব পাৰিব । চান্দমাৰী দিশৰ পৰা পাণবজাৰ, ভৰলুমুখ আৰু জালুকবাৰীলৈ যাবলগা বাহনসমূহ টি চি পইণ্টৰ পৰা জিলা পুথিভঁৰাল আৰু আৰ বি আই পইণ্ট, অ'ৱেছিছ পইন্টেৰে গৈ পাণবজাৰ উৰণ সেতুৰ উত্তৰ দিশে ঘূৰি পাণবজাৰ উৰণ সেতুৰ দক্ষিণ দিশ হৈ এটি টি ৰোড-আঠগাঁও উৰণ সেতু হৈ ভৰলুমুখ জালুকবাৰীলৈ চলাচল কৰিব পাৰিব ।

আনহাতে জি এন বি ৰোডেৰে টি চি পইণ্ট হৈ পাণবজাৰ, ফাঁচীবজাৰ অভিমুখে যোৱা লঘু বাহনসমূহ জিলা পুথিভঁৰাল, কে এন বি ৰোড আৰু এইচ বি ৰোডত নিয়ন্ত্রণ কৰা হ'ব। উজান বজাৰ, লতাশিল দিশৰ পৰা ভৰলুমুখ অভিমুখী সকলো লঘু বাহন বি চি ৰোড, তৈয়াবুল্লা ৰোড আৰু জি এন বি ৰোড হৈ চলাচল কৰিব পাৰিব । খানাপাৰাৰ পৰা ভৰলুমুখ, জালুকবাৰী অভিমুখী সকলো চিটি বাছ এ টি ৰোড হৈ চলাচল কৰিব পাৰিব । আন্তঃৰাজ্যিক বাছ আৰু এ এছ টি চিৰ অধীনত চলা গ্রাম্য বাছসমূহৰ লগতে জালুকবাৰী দিশৰ পৰা অহা কোনো গধুৰ বাহন মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব । এই সকলো বাহন জালুকবাৰীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ চলাচল কৰিব পাৰিব । এই পথেৰে কেৱল ভক্ত কঢ়িওৱা বাহন আৰু চিটি বাছহে প্রবেশ কৰিব পাৰিব ।

ইফালে জালুকবাৰী, লখৰা, গড়চুক আৰু ছয়মাইল দিশৰ পৰা অহা ট্রাকসমূহ ১৯ নৱেম্বৰ আৰু ২০ নৱেম্বৰত চলাচল কৰিব নোৱাৰিব । পূজাৰ সময়চোৱাত এইচ বি ৰোডৰ শনি মন্দিৰৰ পৰা পাণবজাৰ পুলিচ পইণ্টলৈ দুয়ো দিশেৰে বাহনসমূহ চলাচল কৰিব পাৰিব । ইপিনে ভৰলুমুখ দিশৰ পৰা ভক্ত কঢ়িয়াই অন্য বাহনসমূহ এম জি ৰোডৰ এপল' পইণ্টৰ পৰা এফ এ বোড, এম জি ৰোড ক্ৰছিং, টি আৰ পি ৰোড, লক্ষী গলি, চেম্বাৰ্ছ ৰোড, এম এছ ৰোড আৰু এছ আৰ চি বি ৰোডত ৰখাব পাৰিব । সোণাৰাম খেলপথাৰতো ঘাটলৈ অহা বাহনসমূহ ৰখাব পাৰিব ।

আনহাতে এটি ৰোডৰ ভৰলুমুখৰ পৰা পাণবজাৰ উৰণ সেতুৰ দক্ষিণ দিশৰ পথচোৱা ১৯ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা 'ন' পার্কিং জন কৰা হ'ব । এম এল এন ৰোড, এ আৰ বি ৰোড, এছ এছ ৰোড, এছ আৰ চি বি ৰোড, এইচ বি ৰোড, টি আৰ পি ৰোডত যান-বাহন পার্কিং কৰিব নোৱাৰিব । টি আৰ পি ৰোড, লক্ষী গলি, চেম্বাৰ্ছ ৰোড, এছ আৰ বি ৰোড, কেদাৰ ৰোড, এম এছ ৰোডত ১৯ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা ট্ৰাকৰ পার্কিং নিষিদ্ধ কৰা হৈছে ।

লগতে পঢ়ক: ষঠ পূজা উপলক্ষে নতুনকৈ চাৰিখন ৰে’লৰ সংযোজন উত্তৰ-পূব ৰে’লৱে মণ্ডলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.