ETV Bharat / state

Tourism minister on Bagane Bagane Congress : কংগ্ৰেছ পৰ্যটক! বাগানে বাগানে পৰ্যটক আহিছে, পৰিদৰ্শন কৰি গুছি যাব: জয়ন্তমল্ল বৰুৱা - ভাৰতীয় জনতা পাৰ্টীৰ বাবে অসমৰ চাহ বাগিচা হ’ল ঘৰ

কেৱল নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই কংগ্ৰেছ দলে আৰম্ভ কৰিছে বাগানে বাগানে যাত্ৰা ৷ বাগানত চৰকাৰে কৰা উন্নয়নমূলক কামসমূহ পৰ্যটক হিচাবে পৰিদৰ্শন কৰিছে কংগ্ৰেছ নেতৃত্বই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

Tourism minister on Bagane Bagane Congress
ভূপেন বৰাক কটাক্ষ জয়ন্ত মল্ল বৰুৱাৰ
author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 7:15 AM IST

গুৱাহাটী, ১০ ছেপ্টেম্বৰ : “ভাৰতীয় জনতা পাৰ্টীৰ বাবে অসমৰ চাহ বাগিচা হ’ল ঘৰ । ঘৰত আমি সদায় থাকো । ঘৰৰ উন্নয়নৰ লগতে সুৰক্ষাৰ বাবে সদায় কাম কৰো । আমি আৰু বাগিচাই বাগিচাই ঘূৰিব লাগে বুলি নাভাবো ৷” কংগ্ৰেছ দলৰ ‘‘বাগানে বাগানে’’ যাত্ৰা কাৰ্যসূচীক সমালোচনা কৰি এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

লগতে সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, “ কংগ্ৰেছ দল চাহ বাগিচাৰ লোকসকলৰ লগত বহুদিনৰে পৰা বিচ্ছিন্ন হৈ আছে । কেৱল আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিহে বাগানে বাগানে ঘূৰিছে কংগ্ৰেছ নেতৃত্ব । বাগানলৈ গৈ পৰ্যটনৰ কাম কৰিছে ৷ গতিকে পৰ্যটন মন্ত্ৰী হিচাপে মই ভাল পাইছো’’ ৷

বাগানত বিজেপি চৰকাৰখনে নিৰ্মাণ কৰা পথৰ লগতে বিভিন্ন ধৰণৰ উন্নয়নমূলক কামসমূহ কংগ্ৰেছ নেতৃত্বই পৰিদৰ্শন কৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।

ভূপেন বৰা সন্দৰ্ভত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সাংবাদিকৰ আগত কয়, ‘‘অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছ নেতৃবৃন্দই নিৰ্বাচন কেন্দ্ৰিক এটা ভাল পৰ্যটন কৰিছে । এনে কৰ্মৰ বাবে কংগ্ৰেছ দলক পৰ্যটন মন্ত্ৰী হিচাপে আদৰণি জনাইছো’’ ৷

লগতে অসমৰ প্ৰত্যেকখন বাগানত চৰকাৰে কৰা উন্নয়নমূলক কামসমূহ পৰিদৰ্শন কৰিবলৈ কংগ্ৰেছক আহ্বান জনায় পৰ্যটন মন্ত্ৰীগৰাকীয়ে । আগন্তুক নিৰ্বাচনত ‘‘বাগানে বাগানে’’ যাত্ৰা কাৰ্যসূচীৰ কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয়, ‘‘পৰ্যটক আহিব আৰু সময়ত গুচি যাব । বাগানৰ মানুহ সদায় ঘৰৰ লগত তথা বিজেপিৰ লগতে থাকিব ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাগানৰ মানুহক নিজৰ ঘৰৰ মানুহ বুলি গণ্য কৰে ৷ এই অঞ্চলসমূহত কৰা উন্নয়নৰ বাবে বিজেপিৰ লগত তেওঁলোক সদায় থাকিব সেয়া ১০০ শতাংশ নিশ্চিত’’ ৷

লগতে পঢ়ক : Majuli News: মাজুলীত সাংসদ প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈ; দলীয় সভাত অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.