ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : May 23, 2021, 7:08 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Top10 at 7 pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সুখবৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেঁকীয়াপটীয়া বাঘৰ সংখ্যা

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে 'ৰয়েল বেঙ্গল টাইগাৰ' অৰ্থাৎ ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা । "কেমেৰা টেপিং" প্ৰযুক্তিমূলক অনুসন্ধানৰ জৰিয়তে ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যাৰ বিষয়ে চলোৱা এক অনুসন্ধানমূলক গণনা কাৰ্যত পোহৰলৈ আহিছে ৷

হুৰহুৰকৈ ওলাই গৈছে ৰাজকোষৰ ধনঃ সাহাৰ্য বিচাৰি বিজ্ঞাপন মুখ্যমন্ত্ৰীৰ

ক'ৰণাৰ প্ৰথম ঢৌৰ সময়তে একপ্ৰকাৰ উদ্বিগ্ন হৈ পৰা ৰাজ্য চৰকাৰে সেই অনাহূত পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ বাবে ৰাইজৰ ওচৰত হাত পাতিবলগীয়া হৈছিল । অসমৰ ৰাইজে যিয়ে যেনেকৈ পাৰে তেনেকৈ চৰকাৰলৈ বৰঙণি আগবঢ়াইছিল । ৰাইজৰ এনে দান বৰঙণিৰে অসম আৰোগ্য নিধিত জমা হৈছিল ১১৬ কোটি টকা ।

আমিনগাঁৱত অক্সিজেন পৰিবাহী ৰে’ল উপস্থিত: মুখ্যমন্ত্ৰীয়ে জনালে অভিবাদন

ৰাজ্যবাসীলৈ এক সুখবৰ ৷ কৰ’ণা মহামাৰী ৰুধিবলৈ বিহাৰৰ জামছেদপুৰৰ পৰা প্ৰায় 80 মেট্ৰিকটন অক্সিজেন লৈ অহা এখন বিশেষ ৰে’ল পালেহি আমিনগাঁও । দেওবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমিনগাঁৱত আইচিডিটিত উপস্থিত হৈ অক্সিজেন পৰিবাহী ৰে’লখনক আদৰণি জনায় ৷

য়াছৰ বাবে অসমৰ ১২ খনকৈ ৰে’লৰ চলাচল বাতিল

টাউতেৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছতে দেশৰ ভিন্ন প্ৰান্তত পুনৰ তাণ্ডৱ চলাবলৈ আহি আছে সাগৰীয় ঘূৰ্ণী য়াছ ৷ ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত বিশেষকৈ ওড়িশা আৰু পশ্চিমবংগত জাৰি কৰা হৈছে সতৰ্কতা ৷ 24 মে’ৰ সন্ধিয়াৰ ভাগত এই ঘূৰ্ণীয়ে দুয়োখন ৰাজ্য কোবাই যোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ৷

ডিব্ৰুগড়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ডিব্ৰুগড় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । ডিব্ৰুগড় জিলাৰ নতুন নিৰ্মালী গাঁৱৰ পৰা বৃহৎ সংখ্যক হেৰ’ইনসহ নগদ ৯৩ হেজাৰ টকা জব্দ কৰাৰ লগতে অনন্ত গগৈ নামৰ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । নতুন আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰই ডিব্ৰুগড়ৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই ডিব্ৰুগড়ৰ ড্ৰাগছ, ব্ৰাউন ছুগাৰ, হেৰ'ইনৰ কুখ্যাত ক'লা বজাৰখনৰ ঘাটি এটাৰ পাছত এটাকৈ ওলাই পৰিছে ।

বাক্সাৰ তামুলপুৰত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

বাক্সা জিলাৰ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ দৰঙা নৈৰ পাৰত পুতি থোৱা অৱস্থাত উদ্বাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ । তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা আৰু তামুলপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীপেন কলিতাৰ নেতৃত্বত চোলোৱা হয় এই অভিযান ৷

দুই অনুপ্ৰৱেশকাৰীক পাকিস্তানক গতালে বিএছএফে

ভাৰত-পাকিস্তান সীমান্তত শনিবাৰে বিএছএফে অজানিতে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা দুজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক আটক কৰে । বিএছএফৰ এক চৰকাৰী বিবৃতি অনুসৰি ১৪ বেটেলিয়নৰ ফৰৱাৰ্ড-মোতায়েন কৰা সেনাই দুয়োজন অনুপ্ৰৱেশকাৰীৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰিছিল ৷ আন্তৰ্জাতিক সীমা অতিক্ৰম কৰি সীমান্তৰ বেৰৰ ফালে আগবাঢ়িবলৈ আৰম্ভ কৰাৰ সময়তে বিএছএফে তেওঁলোকক আটক কৰে ।

পেলেষ্টাইনৰ বাবে সাহাৰ্যৰ আহ্বান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ যুদ্ধবিৰতিৰ ঘোষণাক সকলোৱে আদৰণি জনোৱা দেখা গৈছে । এইবাৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদেও গাজাত যুদ্ধবিৰতিৰ ঘোষণাক আদৰণি জনাইছে ৷

যুৱকক চৰ মাৰি অৱশেষত ক্ষমা বিচাৰিলে উপায়ুক্তই

ছট্টিশড়ৰ সুৰজপুৰৰ জিলা উপায়ুক্তৰ এটা ভিডিঅ' শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । শনিবাৰে লকডাউনৰ সময়চোৱাত উপায়ুক্ত গৰাকীয়ে ক'ভিড বিধি পালন নকৰা এজন লোকক চৰিয়াইছিল আৰু তেওঁৰ ফোনটো মাটিত পৰি গৈছিল । ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ লগে লগে বিভিন্ন জনে সমালোচনা কৰা দেখা গৈছে । ইয়াৰ পিছতে সামাজিক মাধ্যমত ৰাজহুৱা ক্ষমা বিচাৰিলে সুৰজপুৰ জিলাৰ উপায়ুক্ত ৰণবীৰ শৰ্মাই ।

দেশত পূৰ্বতকৈ হ্ৰাস পাইছে কৰ'ণাত মৃ্ত্যু হোৱা লোকৰ সংখ্যা

ভাৰতত কৰ'ণাৰ দৈনিক আক্ৰান্তৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে যদিও কিছুদিনৰ পৰা নিহতৰ সংখ্যা হ্ৰাস পাইছে । বিগত ২৪ ঘণ্টাত দেশত ৩,৭৪১ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যুমুখত পৰিছে । পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । বিগত সময়চোৱাত দৈনিক নিহতৰ সংখ্যাই চাৰি হেজাৰৰ ঘৰ অতিক্ৰম কৰে । কিন্তু যোৱা কিছুদিনৰ পৰা নিহতৰ সংখ্যা চাৰি হেজাৰতকৈ কম হোৱা দেখা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.