ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Sep 7, 2020, 9:17 AM IST

Updated : Sep 7, 2020, 11:02 AM IST

9 বজাৰ শীৰ্ষ দহটা খবৰ

TOP10 9AM
9 বজাৰ শীৰ্ষ দহটা খবৰ

মাজনিশা পৰ্যন্ত উত্তাল নগাঁৱৰ উৰীয়াগাঁও বাইপাছ

নগাঁৱত দেওবাৰে নিশা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ NHPC ৰ বাহন আৱদ্ধ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ আটক কৰিলে 5 গৰাকীক ৷

জোনাই, ধেমাজিত জনপ্ৰিয় সোণেশ্বৰ আৰু ৰামচন্দ্ৰই নিৰ্মাণ কৰা চেণ্ডেল

লক ডাউনৰ সময়ত বহিঃৰাজ্যৰ কৰ্ম সংস্থাপন হেৰুৱাই ঘৰলৈ উভতি অহা দুজন যুৱকে দেখুৱাইছে নিজৰ ঠাইতে আত্মনিৰ্ভৰশীল হোৱাৰ পথ ৷ ঘৰতে লঘু উদ্যোগ স্থাপন কৰি দুই যুৱকে মেচিন স্থাপন কৰি প্ৰস্তুত কৰি উলিয়াইছে বিভিন্ন ডিজাইনৰ হাৱাই চেণ্ডেল ৷

আৰক্ষীৰ বিৰুদ্ধে ধৰ্ষণৰ অপচেষ্টাত জড়িত অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগ

ধৰ্ষণৰ অপচেষ্টা চলোৱা দুৰ্বৃত্তক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰতিবাদত দেওবাৰৰ দিনটোত উত্তাল হ’ল লখিমপুৰৰ জহিং আৰক্ষী চকী ৷ জিলাখনৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জহিং আৰক্ষী চকীৰ দিজু চাপৰিৰ ডেৰ শতাধিক ৰাইজে আৰক্ষী চকী ঘেৰাও কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ।

মৰ্মান্তিকঃ কেনে পৰিস্থিতিত পৰিলে নিজ সন্তানক অনাথ আশ্ৰমত থব পাৰে মাতৃয়ে..

ওদালগুৰিৰ টংলা ৰূপাখাটাৰ ভানু বৰুৱা নামৰ মহিলাগৰাকী দীৰ্ঘদিনৰ পৰা আক্ৰান্ত হৈ আছে কৰ্কট ৰোগত ৷ ধনৰ অভাৱ আৰু নিজ চিকিৎসাৰ ফলত জুৰুলা হৈ পৰাত সন্তান পোহপাল দিব নোৱাৰি তেখেতে অনাথ আশ্ৰমত ৰাখিবলৈ বাধ্য হ’ল নিজৰ সন্তানক ৷

বিটিচি নিৰ্বাচনৰ পিছত নৱ কুমাৰ শৰণীয়াই বিজেপিত যোগদান কৰি হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব-ফৌইলা বৰগয়াৰী

বড়ো বোলছবি জগতৰ কৌতুক অভিনেতা ফৌইলা বৰগয়াৰীয়ে হাইনামুলী নামৰ এক ছিৰিজৰ জৰিয়তে বড়ো জনগোষ্ঠীটোৰ লগতে সংখ্যালঘু সম্প্ৰদায়ৰ মাজতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । অভিনেতাগৰাকী বৰ্তমান বিটিএডিৰ সক্ৰিয় ৰাজনীতিৰ লগত জড়িত হোৱাৰ উপৰিও ইউপিপিএলদলৰ সম্পাদক ।

মাদ্ৰাছা বন্ধৰ ঘোষণা সন্দৰ্ভত প্রাক্তন মন্ত্রী চিদ্দিক আহমেদৰ বিষ্ফোৰক মন্তব্য

ডঃ হিমন্ত বিশ্ব শৰ্মাই সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধ হ’ব বুলি কৰা ঘোষণাক লৈ প্রাক্তন মন্ত্রী চিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া ৷ মুচলিম সমাজক লক্ষ্য কৰি মাদ্রাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি এয়া সংবিধান বিৰোধী আখ্যা আহমেদৰ ।

গৰিয়া বিলত সমূহীয়া মাছ ধৰা উৎসৱ

দৰঙৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত আউলাচৌকাৰ সমীপৰ অন্যতম বিখ্যাত গৰিয়া বিলত দেওবাৰে পালন কৰা হৈছে সমূহীয়া মাছ ধৰা উৎসৱ ৷ সকলোৰে হাতে-হাতে পল’, জাকৈ, চিপজালকে ধৰি মাছ মৰা কাৰ্য্যত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী ৷

ছয় স্বায়ত্বশাসিত পৰিষদে নিয়মীয়াকৈ নাপায় বাজেটৰ পুঁজি

এতিয়াও কাৰ্যক্ষম হৈ থকা বহুকেইখন স্বায়ত্বশাসিত পৰিষদে দিছপুৰৰ পৰা সময়মতে লাভ নকৰে বাজেট আবন্টিত পুঁজি । ২০২০-২১ বিত্তীয় বৰ্ষত এই আটাইকেইখন স্বায়ত্বশাসিত পৰিষদৰ বাবে জনগাঁঠনি অনুসৰি বাজেটত পুঁজি ধাৰ্য কৰা হৈছিল ।

ইউ পি পি এলৰ নিৰ্বাচনী ইস্তাহাৰত ‘সাংবাদিক কল্যাণ পৰিষদ গঠনৰ বিষয়’

বিটিআৰৰ সকলো সাংবাদিকক সাঙুৰি গ্ৰুপ লাইফ ইন্সুৰেঞ্চ খুলিব য’ত সকলো সাংবাদিকৰ 1 কোটি টকাৰ জীৱন বীমা থাকিব । চৰকাৰে বছৰেকীয়া ভাৱে এই ধন আদায় কৰিব । বিটিআৰ চৰকাৰে প্ৰতি বছৰে দহ কোটিৰ বাজেট ধাৰ্য কৰিব । এই টকাৰ পৰা পৰিয়ালৰ শিক্ষা, চিকিৎসা লগতে অন্যান্য মাহিলি খৰচ কৰিব পাৰিব সাংবাদিক সকলে ।

বিধায়ক পদ্ম হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত : কথমপি প্ৰাণ ৰক্ষা

দেওবাৰে শোণিতপুৰৰ চাৰিদুৱাৰত দুৰ্ঘটনাৰ সন্মুখীন হয় বিধায়ক পদ্ম হাজৰিকাৰ বাহন ৷ সুৰামত্ত চাৰি যুৱক থকা এখন বিলাসী বাহনে পদ্ম হাজৰিকাৰ বাহনত খুন্দিয়াবলৈ চেষ্টা কৰাৰ সময়তে হাজৰিকাৰ চালকে কোনোমতে নিয়ন্ত্ৰণ কৰে নিজৰ গাড়ীখন । যাৰ ফলত কথমপি ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে বিধায়ক পদ্ম হাজৰিকা ।

লগতে পঢ়ক : সাত বজাৰ শীৰ্ষ দহ বাতৰি...

Last Updated : Sep 7, 2020, 11:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.