ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা খবৰ - 11 বজাৰ শীৰ্ষ দহটা খবৰ

11 বজাৰ শীৰ্ষ দহটা খবৰ

Top10 11 AM
11 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Nov 8, 2020, 11:13 AM IST

আমেৰিকানসকলে এক নতুন দিগন্তৰ সূচনা কৰিলে : কমলা হেৰিছ

আমেৰিকাৰ গণতন্ত্ৰৰ ইতিহাসত নতুন দিগন্তৰ সূচনা কৰি প্ৰথমবাৰৰ বাবে হোৱাইট হাউচলৈ নিৰ্বাচিত হ'ল এগৰাকী ভাৰতীয় মুলৰ কৃষ্ণাংগ আমেৰিকান মহিলাই ৷ শনিবাৰে ইতিহাস ৰচনা কৰি আমেৰিকাৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় কমলা হেৰিছ ৷

দীপাৱলীক কেন্দ্ৰ কৰি ব্যাপক ব্যস্ততা কৰিমগঞ্জৰ মৃৎ শিল্পীসকলৰ

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে বিভিন্ন আকৃতিৰ মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পী সকল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কৰিমগঞ্জ জিলাতো ব্যাপক ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ৷

মই সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি হ'ম : জ' বিডেন

সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈয়ে ডেমক্ৰেট প্ৰাৰ্থী জ' বিডেনৰ মন্তব্য মই সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি হ'ম ৷ ডেমক্ৰেট প্ৰাৰ্থী জ' বিডেনে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক বিপুলসংখ্যক ভোটত পৰাভূত কৰি সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতিৰ পদৰ বাবে নিৰ্বাচিত হৈয়েই এই মন্তব্য কৰে ৷

জোনাই মহকুমাধিপতি কাৰ্যালয়ত কৃষকক উন্নতমানৰ বীজ বিতৰণ

জোনাই মহকুমা কৃষি বিভাগৰ অধীনত জোনাই, তেলাম, চিকাৰি আৰু চিমেন চাপৰি লৈ চাৰিটা ৰাজহ চক্ৰত ভাগ কৰি বিতৰণ কৰা হয় উন্নতমানৰ বীজ ৷

ওদালগুৰিত চিনেমাৰ কায়দাৰে ধন লুট দুৰ্বৃত্তৰ

ওদালগুৰিত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড ৷ চিনেমা কায়দাৰে ৰাজপথতে অনলাইন শ্বপিঙৰ ডেলিভাৰী ব'য়ৰ পৰা ধন লুট কৰিলে অচিনাক্ত দুৰ্বৃত্তই ৷ লগতে লুটি নিলে কিছু ডেলীভাৰী সামগ্ৰী ৷ এই ঘটনাক লৈ সমগ্ৰ ওদালগুৰি জিলাতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

৯ নৱেম্বৰত অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা সন্দৰ্ভত গ্ৰহণ কৰা হ'ব শুনানি

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আৰক্ষীৰ জিম্মাৰ সলনি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে দণ্ডাধীশৰ নিৰ্দেশৰ ওপৰত আৰক্ষীৰ সংশোধনী আবেদনৰ শুনানি অহা ৯ নৱেম্বৰত মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ আলিবাগ সত্ৰ ন্যায়ালয়ে প্ৰদান কৰিব ৷

৯ নৱেম্বৰত পূৰ্ণ হ'ব কলাক্ষেত্ৰৰ 23 বছৰ

৯ নৱেম্বৰত ২৩ টা বছৰ সম্পূৰ্ণ কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই। উক্ত দিনা দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব প্ৰতিষ্ঠা দিৱস। শনিবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে কলাক্ষেত্ৰৰ অধ্যক্ষা আঙুৰলতা ডেকাই ।

কোকৰাঝাৰৰ আত্মহত্যাৰ ঘটনাক লৈ চিবিআইৰ তদন্ত দাবী বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ

কোকৰাঝাৰ জিলাৰ তুলসীবিল বজাৰত এসপ্তাহ পূৰ্বে সংঘটিত মৰ্মান্তিক আত্মহত্যাৰ ঘটনাক লৈ সৰৱ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ৷ ঘটনাৰ লগত ষড়যন্ত্ৰ জড়িত হৈ থকাৰ কথা উল্লেখ কৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি কনক দে’য়ে ৷

কলিয়াবৰত মাৰাথন প্ৰতিযোগিতাৰ সফল সামৰণি

সদৌ অসম কলিয়াভোমোৰা মাৰাথন প্ৰতিযোগিতাৰ দেওবাৰে সফল সামৰণি পৰে ৷ 158 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিত যোৰহাটৰ বিজয় ডেকাই 2 ঘণ্টা 3 মিনিটত নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰি প্ৰথম স্থান অধিকাৰ কৰে ‌। একেদৰে প্ৰতিযোগিতাত দ্বিতীয় স্থান দখল কৰে মৰিগাঁৱৰ সুৰজ দাসে আৰু তৃতীয় স্থান লাভ কৰে গোলাঘাটৰ খগেন কুৰ্মীয়ে ।

জালুকবাৰীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত স্কুটী আৰোহী

জালুকবাৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিদ্যানগৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত স্কুটী আৰোহী । সন্ধিয়া সাতমাইলৰ পৰা জালুকবাৰী অভিমুখে গৈ থকা AS01JC 0314 নম্বৰৰ ট্ৰাকখনে বিদ্যানগৰত AS01DJ 6124 নম্বৰৰ স্কুটীখনক মহতিয়াই লৈ যায় । ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় স্কুটী আৰোহীজন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.