ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি - hslc

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি
9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jul 21, 2021, 9:08 AM IST

ক’ভিড নীতিৰ মাজেৰে পালন পবিত্ৰ ঈদ-উল-আজহা

ঈদ-উল-আজহা উৎসৱত নিহিত হৈ আছে ত্যাগৰ বাৰ্তা । ঈদ-উল-আজহা উদযাপনে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে ।

Pegasus ক বিৰোধীৰ ষড়যন্ত্ৰ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ দীঘলীয়া ইতিহাসৰ বাবে কুখ্যাত এমেষ্টি ইণ্টাৰনেচনেল। এমেষ্টি ইণ্টাৰনেচনেলৰ দৰে সংস্থাক ভাৰতবৰ্ষত নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

নিয়মীয়াকৰণ নহ’ল ১৬৭৩ গৰাকী মাষ্টাৰৰোল কৰ্মচাৰীৰ চাকৰি

কি হ'ব ৰাজ্যখনৰ ১৬৭৩ গৰাকী মাষ্টাৰৰোল কৰ্মচাৰীৰ ভৱিষ্যত ? যোৱা 27 বছৰে নিয়মীয়াকৰণ নহ'ল ৰাজ্যৰ পশুপালন বিভাগ আৰু পশু চিকিৎসা বিভাগত নিযুক্তি লাভ কৰা মাষ্টাৰৰোল কৰ্মচাৰীৰ চাকৰি ৷

আদালতত হাজিৰ মূল্যায়ন কেলেংকাৰীৰ দুই অভিযুক্তক

মূল্যায়ন কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অপৰাধত আটক কৰা দুই অভিযুক্তক মঙলবাৰে আদালতত হাজিৰ কৰা হয় ৷ দুই অভিযুক্তক দুদিনৰ বাবে জিম্মাত লৈছিল কামৰূপ আৰক্ষীয়ে ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ডিব্ৰুগড়ত সক্ৰিয় আবকাৰী বিভাগ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ বিভিন্ন জিলাৰ আবকাৰী বিভাগৰ দৰে ডিব্ৰুগড়ত সক্ৰিয় হৈছে আবকাৰী বিভাগ ৷ দুলীয়াজানত আবকাৰী বিভাগে চুলাই মদৰ ঘাটি উচ্ছেদ কৰি নষ্ট কৰিলে কেইবাশ লিটাৰ চুলাই ৷

নাঙলৰ সীৰলুত উদ্ধাৰ কাঁহৰ বাতি....তাৰপিছত ?

বানে গৰকা লখিমপুৰৰ ভৰ্তি সোণোৱাল গাঁৱৰ এজন কৃষকে কপাল ফুলিল ৷ হাল বাই থাকোঁতেই ঘটা ঘটনাটোৱে কেৱল কৃষকজনকেই নহয় সমগ্ৰ অঞ্চলটোৰেই ৰাইজক আচৰিত কৰি তুলিছে ৷ কৃষকজনে হয়তো ভবাই নাছিল যে এনেকৈ এদিন তেওঁক সৌভাগ্যই লগ দিব ৷

অবৈধ ৰহিংগীয়া প্ৰব্ৰজনকাৰীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিছে: চৰকাৰ

"অবৈধ ৰহিংগীয়া প্ৰব্ৰজনকাৰী(Illegal Rohingya migrant)য়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । এই প্ৰব্ৰজনকাৰীসকলৰ একাংশই অবৈধ কাৰ্যকলাপত লিপ্ত হোৱাৰ তথ্য চৰকাৰে লাভ কৰিছে" ।

লালু প্ৰসাদে হৈ থাকিব RJD ৰ ৰাষ্ট্ৰীয় সভাপতি : জগদানন্দ সিং

ৰাষ্ট্ৰীয় জনতা দলৰ ৰাজ্যিক সভাপতি তথা প্ৰবীণ নেতা জগদানন্দ সিঙে (Jagdanand Singh) মঙলবাৰে ইটিভি ভাৰতৰ আগত কয় যে লালু প্ৰসাদ যাদৱে দলৰ সৰ্বোচ্চ নেতা হৈ থাকিব ।

২০২২ চনত মুক্তি লাভ কৰিব মণি ৰত্নমৰ ছবি "পন্নিয়িন চেলভান"

মণি ৰত্নমৰ ছবি "পন্নিয়িন চেলভান"(Ponniyin Selvan)ৰ নতুন পোষ্টাৰ মুকলি । ২০২২ চনত মুক্তি লাভ কৰিব কল্কি কৃষ্ণমূৰ্তিৰ উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনে । শেহতীয়াকৈ মাদ্ৰাজ টকিজ আৰু লাইকা প্ৰডাকচনৰ অফিচিয়েল টুইটাৰত মুকলি কৰা হৈছে ছবিখনৰ নতুন পোষ্টাৰ ।

টকিঅ'ত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিৱেশন আৰম্ভ

মঙলবাৰে জাপানৰ ৰাজধানী টকিঅ'ত আৰম্ভ হ'ল আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিৱেশন । উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতি থমাছ বাকে কয় যে, অলিম্পিকৰ মঞ্চ এতিয়া খেলুৱৈসকলৰ বাবে সজাই তোলা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.