ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - top ten news at 7 pm

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Feb 21, 2021, 7:07 PM IST

গুৱাহাটী প্ৰেছ ক্লাৱত পৰেশ বৰুৱাৰ সংবাদমেল

আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰথমখন সংবাদমেল ৷ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ প্ৰথমখন সংবাদমেল ৷ গুৱাহাটী প্ৰেছ ক্লাৱত পৰেশ বৰুৱাৰ সংবাদমেল ৷ ভাৰ্চুৱেলী সংবাদমেল সম্বোধন কৰিব আলফাৰ সেনাধ্যক্ষগৰাকীয়ে

বছৰৰ তৃতীয়টো অসম ভ্ৰমণত প্ৰতিবাদৰ সন্মুখীন হ’ব নেকি মোডী !

সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ নিৰ্বাচনক আগত ৰাখি জনতাৰ কাষলৈ সোঁত বৈছে জননেতাৰ ৷ দিল্লীৱালা নেতাৰো সঘন অহা-যোৱা চলিছে ৰাজ্যলৈ ৷ আনহাতে, শাসক-বিৰোধীৰ মাজত সমালোচনাৰ যুঁজখনো সমানেই চলি থকা পৰিলক্ষিত হৈছে ৷ সোমবাৰে প্ৰধানমন্ত্ৰী মোডী অসমলৈ অহাৰ কথা ৷ তাৰ পূৰ্বে দেওবাৰৰ দিনটোত ৰাজ্যখনত দেখা গ’ল কংগ্ৰেছৰ চৰকাৰ বিৰোধী প্ৰতিবাদ ৷

প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে উত্তপ্ত চিলাপথাৰ

উত্তেজিত হাজাৰ হাজাৰ ৰাইজে প্ৰতিবাদস্থলীৰ পৰা ওলাই আহি সুৰক্ষা কৰ্মীৰ লগতে বাহনৰ ওপৰত শিলাবর্ষণ কৰি ৪ কিল’মিটাৰ পথ সমদল কৰি গৈ কোলাজন বগীবিল পথ অৱৰোধ কৰে । আনহাতে সান্তনা দিবলৈ অহা বিধায়ক ভূৱন পেগুকো উত্তেজিত ৰাইজে পশু খেদা দিয়ে ।

দলবদ্ধ ধৰ্ষণৰ বলি ৰূপহীহাটৰ কিশোৰী

শনিবাৰে সন্ধিয়া ৰূপহীহাটৰ তেলিয়াচাপৰিত দলবদ্ধ ধৰ্ষণৰ বলি হয় এগৰাকী কিশোৰী ৷ তেলিয়াচাপৰিৰ পৰা তিনি দুৰ্বৃত্ত‌ই কিশোৰী গৰাকীক অপহৰণ কৰি নি দলবদ্ধ ভাৱে ধৰ্ষণ কৰে ৷ জিউমাৰীৰ জংঘলৰ পৰা মূমূৰ্ষ অৱস্থাত

কিশোৰী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে ৷ কিশোৰী গৰাকীৰ ভাষ্যৰ ভিত্তিত ৰূপহী আৰক্ষীয়ে তিনি যুৱকক আটক কৰে ৷

সংকটত বিজেপি বিধায়ক: নতুন মুখে আউল লগাইছে সমষ্টিত

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ বহুকেইজন বিধায়কৰ অংকত লাগিছে আউল ৷ সমাগত অসম বিধানসভা নিৰ্বাচনত বৰ্তমানৰ বহু বিজেপি বিধায়কে টিকট লাভ নকৰাৰ ইংগিত দিছে অসমৰ নিৰ্বাচনী প্ৰভাৰী কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৷ বৰ্তমানৰ বিধায়ক সকলৰ অৱস্থা একপ্ৰকাৰ বিপদজনক হৈ পৰাত টিকটৰ দাবীত নামি পৰিছে বহু নতুন মুখ ৷

পাথাৰকান্দিত কংগ্ৰেছৰ পৰ্যবেক্ষকৰ সন্মুখত সমৰ্থকৰ বিৰোধী শ্ল’গান

পদাধিকাৰীক সভাস্থলীত প্ৰৱেশ কৰিব নিদিয়াকলৈ প্ৰথমে উত্তেজনাময় পৰিবেশৰ সূত্ৰপাত হয় । পাছত পাথাৰকান্দি অঞ্চলত কংগ্ৰেছৰ স্থানীয় নেতৃত্ব তথা সমৰ্থকসকল আহি উপস্থিত হোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ।

মিৰ্জাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড : ৰাজপথৰ পৰা অপহৰণ কৰি নিলে ব্যৱসায়ীক

এই ঘটনাক লৈ এতিয়া মিৰ্জাত আতংকৰ সৃষ্টি হৈছে । কোনে কিয় অপহৰণ কৰিলে সেয়া স্পষ্ট হোৱা নাই যদিও পৰিয়ালৰ লোকে শীঘ্ৰে লোকজনৰ মুক্তিৰ বাবে আহ্বান জনাইছে ।

তিনিচুকীয়াত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

তিনিচুকীয়া জিলাৰ গোপীনাথ বৰদলৈ নগৰত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰ উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰটোৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কচুজান খেলপথাৰত নিৰ্মাণ হ'বলগীয়া পেভিলিয়নৰ আধাৰশিলা স্থাপন কৰে । লগতে নগৰ উন্নয়ন বিভাগৰ অধীনত তিনিচুকীয়া ট্ৰাক আস্থান এটাৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিজেপিৰ তিনি নেতাক দিল্লীলৈ জৰুৰী তলব নাড্ডাৰ

ৰণজিৎ দাস, ফণী শৰ্মা, দিলীপ শইকীয়াক দিল্লীলৈ জৰুৰী তলব নাড্ডাৰ । দলীয় প্ৰাৰ্থিত্ব আৰু অগপৰে আসন বুজাবুজিৰ সন্দৰ্ভত বৈঠকত মিলিত হোৱাৰ ধাৰণা ।

কুইপ'ৰ দুই বিষয়াৰ অপহৰণ: সৰৱ মুছলিম কল্যান পৰিষদ, অসমীয়া যুৱ মঞ্চ

কুইপ'ৰ দুই বিষয়াৰ অপহৰণক লৈ আলফা আৰু চৰকাৰ উভয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে উজনি অসম মুছলিম কল্যাণ পৰিষদ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ৷ চৰকাৰৰ স্থিতিক কঠোৰ সমালোচনা কৰাৰ লগতে দুই বিষয়াক মুক্তি দিবলৈ পৰেশ বৰুৱাক আহ্বান দুই সংগঠনৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.