ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ - top ten news at 5 pm

5 বজাৰ শীৰ্ষ দহটা খবৰ

TOP 10 AT 5PM
5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Feb 19, 2021, 4:58 PM IST

বিটিচিত 17 বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল: প্ৰমোদ বড়ো

সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োৱে বিগত সোতৰ বছৰে হাগ্ৰামাই গান্ধীৰ শাসন চলাইছিল নেকি বুলি কটাক্ষ কৰে ৷ প্ৰমোদ বড়োৱে কয় যে, এতিয়া কি শাসন চলিছে সকলোৱে দেখিছে । এতিয়া সকলোৱে পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰিছে ৷ দৰাচলতে নিজৰ দোষ ঢাকিবলৈ হাগ্ৰামাই এনে মূল্যহীন মন্তব্য কৰা বুলি বিটিআৰৰ মুখ্য কাৰ্যবাহী গৰাকীয়ে মন্তব্য কৰে ৷

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ যোৱাৰ পথ প্ৰশস্ত হ'ল বিশ্বজিৎ দৈমাৰীৰ

মনোনয়ন পৰীক্ষাৰ অন্তত শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াই বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন বৈধ বুলি ঘোষণা কৰে । ইয়াৰ লগে লগে একমাত্ৰ প্ৰাৰ্থী হিচাপে দৈমাৰীৰ পুনৰ ৰাজ্যসভা সাংসদ হিচাপে মনোনিত হোৱাৰ পথ স্পষ্ট হৈ পৰে ৷ উল্লেখ্য যে, ৰাজ্যসভাত খালি হোৱা এখন আসনৰ বাবে একমাত্ৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে বিশ্বজিৎ দৈমাৰীয়ে মনোনয়ন দাখিল কৰে ।

মিচিং জনগোষ্ঠীক বিশ্বাসঘাটকতা কৰিলে ভূৱন আৰু ৰণোজ পেগুৱে

লোভৰ বশৱৰ্তী হৈ মিচিং জনগোষ্ঠীটোক বিশ্বাসঘাটক কৰিলে ভূৱন পেগু আৰু ৰণোজ পেগুৱে ধেমাজিত এই দৰে কয় সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৷

কাক সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ ? গগৈৰ ফটোৱেই শেষ ভৰসা

কাৰ নেতৃত্বত কংগ্ৰেছে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব ? এইসকল নেতাৰ মাজৰ পৰা কাক ৰাষ্ট্ৰীয় নেতৃত্বই নিৰ্বাচনত সন্মুখৰ নেতা হিচাপে প্ৰক্ষেপ কৰিব ? এই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ নাই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ হাতত ।

ভাৰতত অসমৰ স্থান-2020 উন্মোচন কৰিলে ৰাইজৰ দলে

পাঁচ বছৰীয়া খতিয়ান সন্নিবিষ্ট কৰি ৰাইজৰ দলে শুকুৰবাৰে প্ৰকাশ কৰিলে এখন হাতপুথি ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাইজৰ দলে প্ৰকাশ কৰা 'ভাৰতত অসমৰ স্থান-2020' নামৰ এই হাতপুথিখন সম্পাদনা কৰিছে ৰাইজৰ

ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপিয়ে: লুৰীণজ্যোতি গগৈ

বৃহস্পতিবাৰে বকোৰ ছমৰীয়াত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলটোৰ জাতীয় সমাৱেশত উপস্থিত থাকি শাসকীয় দল বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় ৰামৰ নাম লৈ গৰুৰ ছিণ্ডিকেট চলায় বিজেপি নেতাই ৷ ছিণ্ডিকেটৰ ধনৰ অংশ উচ্চ পৰ্যায়ৰ নেতালৈকে পায় বুলিও মন্তব্য এজেপিৰ সভাপতি গৰাকীৰ ৷

নিৰ্বাচনক লৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

ক’ভিড-19ৰ স্বাস্থ্য জনিত দিশটোক বিশেষ গুৰুত্ব দি নিৰ্বাচন আয়োজনৰ বাবে প্ৰস্তুতি চলাইছে ডিব্ৰুগড় জিলা প্ৰশাসনে।

সামাজিক মাধ্যমত পিতৃ-কন্যাৰ ফটো বিকৃত কৰি গ্ৰেপ্তাৰ যুৱক

সামাজিক মাধ্যমত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ ফটো বিকৃত ৰূপত প্ৰচাৰ কৰি গ্ৰেপ্তাৰ কৰিমগঞ্জৰ যুৱক ৷ ইয়াৰ পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল এক ব্যক্তিগত ৱেব পৰ্টেলৰ দুই সাংবাদিক ৷

ন্যায়ৰ অপেক্ষাত অবিৰত বিক্ষোভ মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ

বিগত ২৫ দিনে অব্যাহত আছে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ অবিৰত বিক্ষোভ কাৰ্যসূচী । ২৫ দিন অতিক্ৰম কৰাৰ পিছতো কৃষকৰ আন্দোলনত উপস্থিত হোৱা নাই প্ৰশাসনৰ কোনো লোক । যাৰবাবে ভোট বর্জনৰ হুংকাৰ দিছে তিনি শতাধিক পৰিয়ালে ।

পতঞ্জলিৰ 'কৰ'নিলে' লাভ কৰিলে চৰকাৰী অনুমোদন

ভাৰতৰ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত নতুন দিল্লীত এক অনুষ্ঠানত ক'ভিডৰ সৈতে যুঁজিবলৈ পতঞ্জলিৰ 'কৰ'নিল' নামৰ এটা চিকিৎসা কিট মুকলি কৰা হৈছিল । অৱশেষ এই 'কৰ'নিল' টেবলেটে লাভ কৰিলে চৰকাৰী অনুমোদন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.