ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jul 1, 2021, 1:02 PM IST

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 1 pm
1 বজাৰ শীৰ্ষ দহটা বাতৰি

অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল

NIAৰ সকলো গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ । চানমাৰি থানাৰ গোচৰৰ পৰা শুকুৰবাৰে দোষমুক্ত হ'ল । NIAৰ ফালৰ পৰা অখিল গগৈক দোষী সাব্যস্ত কৰিব পৰা কোনো তথ্য তথা যুক্তি নথকাত আদালতে অখিল গগৈক দোষমুক্ত কৰে ।

কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?

বুধবাৰে অনুষ্ঠিত হয় ড৹ হিমন্ত বিশ্ব শৰ্মা(Dr Himanta Biswa Sarma) নেতৃত্বাধীন মন্ত্ৰীসভাৰ সপ্তমখন কেবিনেট(seventh cabinet) বৈঠক ৷ উক্ত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ আজিৰ কেবিনেটত বিধায়ক পদ্ম হাজৰিকা(Padma hazarika)ক কেবিনেটৰ পদ মৰ্যদা প্ৰদান কৰা হয় ৷

চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ: উপায়ুক্তৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ

শুকান পুখুৰী চাহ বাগিচাৰ চৰকাৰী গাঁওবুঢ়াৰ বিৰুদ্ধে উত্থাপন হৈছে দূৰ্নীতিৰ অভিযোগ । চৰকাৰী গাঁওবুঢ়াজনে উৎকোচ লৈ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ লগতে ভূমি দখলৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

প্ৰতিশ্ৰুতি পূৰণৰ বাবে তৎপৰ ৰাজ্য চৰকাৰ

ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এটি সুখবৰ ৷ অচিৰে প্ৰায় এক লাখ নিবনুৱাক নিযুক্তি দিব ৰাজ্য চৰকাৰে ৷ এই সন্দৰ্ভত বুধবাৰে বহু কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷

বিজনীত উদ্ধাৰ আঘাত প্ৰাপ্ত বনৰীয়া হাতী

মানাহ ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)ৰ কুকলুং ৰেঞ্জৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তীয়ে বিজনীত প্ৰৱেশ কৰি স্থানীয় লোকক শংকিত কৰি তুলিছিল যদিও হাতীটোৰ দেহত আঘাতৰ চিন স্পষ্ট হোৱাত অধিক চিন্তিত হৈ পৰিছে একাংশ প্ৰকৃতি প্ৰেমী ৷

শ শ বগলীৰ কলৰবেৰে গুঞ্জৰিত হোৱা খোৱাঙৰ এখন গাঁও

শেহতীয়াকৈ শেহতীয়াকৈ টংলা চহৰৰ 1 নং ৱাৰ্ড পৌৰ নিগমে অতি অমানৱীয় ভাৱে প্ৰায় 300 বগলী নিধন কৰাৰ সময়তে খোৱাঙৰ এই গাঁও খনত দেখিবলৈ পোৱা গৈছে এক বিপৰীত ছবি ৷ দুজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি লৈ উঠিছে এক নিদৰ্শনমূলক পৰিৱেশ ৷

মাজুলীত এগৰাকী দুৰ্ভগীয়া মাতৃৰ হিয়া ভগা কান্দোন

কৰ্ম সংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ ওলাই গৈ ভয়ংকৰ বিপদত পৰিছে মাজুলী গোৱাল গাঁৱৰ এজন যুৱক ৷ ৰাইজ তথা চৰকাৰলৈ সহায়ৰ বাবে আহ্বান জনাইছে যুৱকজনৰ মাতৃয়ে ৷

জনীয়াত পথৰ ওপৰতে ভূঁই ৰুই কৃষকৰ প্ৰতিবাদ

কিমান আৰু জনপ্ৰতিনিধি তথা চৰকাৰক আহ্বান জনাব বিধ্বস্ত পথ মেৰামতিৰ বাবে । ৰাইজৰ সমস্যাৰ প্ৰতি ভ্ৰূক্ষেপ নাই ৰজাঘৰীয়াৰ । উপায়হীন হৈ বোকাময় পথৰ ওপৰতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে জনীয়াৰ কাদং অঞ্চলৰ কৃষকে ।

ত্ৰিপুৰাৰ কৃষিখণ্ডলৈ ড্ৰেগন ফলে আনিছে উল্লেখযোগ্য পৰিৱৰ্তন

কম খৰচতে অধিক লাভালাভ দিয়া ড্ৰেগন ফলৰ খেতিৰ কৰাৰ বাবে ত্ৰিপুৰাৰ কৃষকৰ মাজত বাঢ়িছে আগ্ৰহ ৷ কৃষকলৈ বিত্তীয় সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে ত্ৰিপুৰাত ড্ৰেগন ফলৰ খেতিক এমজিএনৰেগা(MGNREGA)ৰ কৃষি ভূমি সম্প্ৰসাৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত ৷

মমতা চৰকাৰৰ বিমান অধিগ্ৰহণৰ সিদ্ধান্তক সমালোচনা সুভেন্দু অধিকাৰীৰ

মমতা বেনাৰ্জী চৰকাৰক বুধবাৰে তীব্ৰ ভাষাৰে সমালোচনা কৰে বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে । মুখ্যমন্ত্ৰীক সমালোচনা কৰি সুভেন্দু অধিকাৰীয়ে কয় যে, এজন ভুৱা বিষয়াই চলোৱা ভুৱা টীকাকৰণৰ ফলত ক্ষতিগ্ৰস্ত ৰাজ্যৰ মুৰব্বীয়ে এতিয়া ভ্ৰান্ত বিমান চলাব বিচাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.