ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ - Top Ten News 5 P.M

5 বজাৰ শীৰ্ষ দহটা খবৰ

Top Ten News 5 P.M
5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Jan 12, 2021, 5:05 PM IST

সংযুক্ত হৈ ভাৰত আক্ৰমণৰ পৰিকল্পনা চীন আৰু পাকিস্তানৰঃ স্থলসেনা প্ৰধান

স্থলসেনা দিৱসৰ পূৰ্বেই সম্বোধন কৰা বাৰ্ষিক সংবাদমেলত স্থলসেনা সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে ৷ দিল্লীৰ স্থলসেনা মুখ্যালয়ৰ সভাকক্ষৰ পৰা সম্বোধন কৰা সংবাদমেলত চীন আৰু পাকিস্তানৰ ভূমিকাক লৈ সৰৱ হৈ পৰে স্থলসেনা প্ৰধানগৰাকী ৷

নিৰ্বাচনী প্ৰস্তুতিৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইতিমধ্যে অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ বুজ লৈছে কেবাগৰাকীও শীৰ্ষ বিজেপি নেতাই ৷ ইয়াৰ ভিতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগতপ্ৰকাশ নাড্ডা আৰু বিজেপিয়ে নিযুক্ত কৰা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা অন্যতম আছিল ৷

কৃষি আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

উচ্চতম ন্যায়ালয়ে তিনিখন ফাৰ্ম বিধেয়কৰ বিৰোধিতা কৰাৰ লগতে দিল্লীৰ সীমান্তৰ পৰা বিক্ষোভকাৰী সকলক অপসাৰণৰ বাবে দিয়া কেইবাখনো আবেদনৰ শুনানি আৰম্ভ কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি এছ বোবডেৰ নেতৃত্বাধীন বিচাৰপীঠৰ বিচাৰপতি এ এছ বোপান্না আৰু ভি ৰামসুব্ৰমণিয়মৰ দ্বাৰা গঠিত এখন বিচাৰপীঠে কয় যে, নিৰ্দেশৰ বাবে মঙলবাৰে এই বিষয় সমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে ৷

24 বছৰে মাঘৰ মেজি জ্বলা নাই কেকেৰীকুছিত

সমগ্ৰ ৰাজ‍্য সাজু হৈছে ভোগালী বিহুক আদৰিবলৈ। কিন্তু ৰঙিয়াৰ কেকেৰীকুছি গাঁৱত নাই বিহুক আদৰাৰ কোনো প্ৰস্তুতি ৷ চৌব্বিশ বছৰ পূৰ্বে উৰুকাৰ নিশা গাঁওখনত চলা হত‍্যালীলাৰ কথা সুৱৰি আজিও গাঁওবাসীয়ে চকুপানী টোকে।

21’ ৰ নিৰ্বাচনত নট্ আউট হৈ থাকিব ৰূপজ্যোতি কুৰ্মী

কলিয়াপানী যুৱ মঞ্চৰ উদ্যোগত কলিয়াপানীত আয়োজিত হোৱা দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ প্ৰাক মূহুৰ্তত ক্ৰিকেটাৰৰ ৰূপত দেখা গ'ল কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৷ প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলৰ প্ৰাক মুহূৰ্তত টীয়ক প্ৰেছ ক্লাৱ আৰু কন্ঠশিল্পী ভৃগু কাশ্যপ দলৰ মাজত এখন প্ৰীতি খেল অনুষ্টিত হয় ৷ ভৃগু কাশ্যপৰ হৈ দলত অংশগ্ৰহণ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

ৰঙিয়াত বন্ধন বেংকৰ বিৰুদ্ধে গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ

ৰঙিয়াত উত্থাপন হৈছে বন্ধন বেংকৰ গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ ৷ পশ্চিম চেনীমাৰাৰ ১৫০ জন গ্ৰাহকৰ একাউন্টত অজ্ঞাতে ঋণৰ ৰাশি জমা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ গ্ৰাহক সকলে ৷

ঋণ দিয়াৰ নামত প্ৰৱঞ্চনাঃ ৰাইজৰ হাতত আবদ্ধ প্ৰৱঞ্চক

নগাঁৱৰ কামপুৰত ঋণ দিয়াৰ নামত প্ৰৱঞ্চনাৰে মাইক্ৰফাইনেঞ্চ কোম্পানীৰ লুণ্ঠন ৷ ধন নিবলৈ আহি ৰাইজৰ হাতত আবদ্ধ হ'ল এটা প্ৰৱঞ্চক ৷ ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেঞ্চ কোম্পানীক যিমানেই নাকী লগাবলৈ চেষ্টা নকৰক কিয় সাধাৰণ জনতাক লুটি পুটি খাইছে মাইক্ৰফাইনেঞ্চ কোম্পানী সমূহে ৷ এইবাৰ মাইক্ৰফাইনেঞ্চ কোম্পানীৰ ঋণ দিয়াৰ নামত ধন সংগ্ৰহ কৰা এটা প্ৰৱঞ্চকক আবদ্ধ কৰিলে ৰাইজে ৷

ডুমডুমাত চিকিৎসাকৰ্মীক আক্ৰমণৰ অভিযোগ

তিনিচুকীয়াৰ ডুমডুমা FRU চিকিৎসালয়ত চিকিৎসাকৰ্মীক একাংশ লোকে আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি,ডুমডুমাৰ সমীপৰ বিছাকুপিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'য় । এই পথ দূৰ্ঘটনাটোত মটৰ চাইকেল আৰোহী ফুলেশ্বৰ বৰ্মন নামৰ এগৰাকী ৪০ বছৰীয়া লোক গুৰুতৰভাৱে আহত হৈ মুমূৰ্ষু অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰি আছিল ।

ভোগালীৰ প্ৰস্তুতিত ব‍্যস্ত বিধায়ক মৃণাল শইকীয়া

কাইলৈ উৰুকা,উৰুকাৰ প্ৰাকমূহুৰ্তত অসমৰ প্ৰতিখন জিলাতে চলিছে ব্যাপক প্ৰস্তুতি ৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো ভোগালীৰ প্ৰস্তুতিত ব‍্যস্ত হ'ল বিধায়ক মৃণাল শইকীয়া। শৈশৱত খৰি ফলা আদিক লৈ নষ্টালজিক বিধায়ক গৰাকী। মঙলবাৰে পুৱাৰে পৰা খৰি ফলাত ব্যস্ত হ'ল বিধায়ক মৃণাল শইকীয়াই । মেজিৰ তলত হাঁহে মাহে খোৱাৰ প্ৰস্তুতি বিধায়ক গৰাকীৰ। এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন...

বিলাসীপাৰাত ব্যৱসায়ীক ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ

বিলাসীপাৰাৰ সাপটগ্ৰাম দাউদপাৰাত লোমহৰ্ষক হত্যাকাণ্ড ৷ অচিনাক্ত দুবৃত্তই ডিঙি কাটি হত্যা কৰিলে ব্যৱসায়ী অনুপম দেক ৷ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে ঘটনাৰ আৰম্ভ কৰিছে তদন্ত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.