ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি...

author img

By

Published : Jun 22, 2021, 9:07 AM IST

9 বজাৰ দহটা শীৰ্ষ বাতৰি...

TOP TEN AT 9 AM
9 বজাৰ দহটা শীৰ্ষ বাতৰি

কি আছে নতুন ক’ভিড নিৰ্দেশনাত...

ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে কৰ’ণা সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা ৷ নতুন ক’ভিড নিৰ্দেশনা অনুসৰি ৰাজ্যত আন্তঃজিলা যাতায়াত বৰ্তমান বন্ধ থাকিব ৷ পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা । আনহাতে কামৰূপ(ম) ত বিয়লি ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন ৷

মঙলবাৰৰ পৰা আৰম্ভ অম্বুবাচী: জনশূন্য কামাখ্যা

অম্বুবাচী (Ambubasi) ৰ দিনকেইটাত কৃষকসকলে হালখতি কৰাৰ লগতে যিকোনো ধৰণৰ বীজ ৰোপণ কাৰ্য বন্ধ ৰাখে । মাটি খন্দা, কোৰ মৰা আদি নিষেধ । তদুপৰি এইকেইদিনত পূজা-অৰ্চনাও কৰা নিষেধ ।

শিৱসাগৰৰ ক'ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন ডাঃ ৰণোজ পেগুৰ

সোমবাৰে শিৱসাগৰ ক'ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে অভিভাৱক মন্ত্ৰী হিচাপে ডাঃ ৰণোজ পেগুৱে ৷ জিলাখনৰ ক'ভিডৰ ভেকচিন প্ৰদান কাৰ্যসূচীক লৈ সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

এবছৰৰ ভিতৰত লখিমপুৰৰ বান-গৰাখহনীয়া সমস্যা সমাধানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

ধেমাজিৰ পাচতে সোমবাৰে বিয়লি লখিমপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ উপস্থিত হোৱাৰ পাচতে লখিমপুৰত নিৰ্মাণ হৈ থকা ষ্টেডিয়াম, লখিমপুৰ মেডিকেল কলেজৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

চামগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত বিজেপি-কংগ্ৰেছ কৰ্মীৰ মাজত সংঘৰ্ষ

চামগুৰি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত সোমবাৰে নিবিদা দিয়াক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছ দলৰ দলীয় কৰ্মী সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । উন্নয়ন খণ্ডটোৰ অন্তৰ্গত বিল, সাপ্তাহিক বজাৰসমূহৰ বাবে আজি আছিল নিবিদা দিয়াৰ দিন । পুৱাৰে পৰা বাজিয়া গাঁও ব্লকৰ বিজেপিৰ সভাপতি প্ৰাণজিৎ বৰাৰ নেতৃত্বত বিজেপিৰ সমৰ্থক নিবিদাকাৰীসকলে শান্তিপূৰ্ণভাৱে নিবিদা দিয়ে যদিও কংগ্ৰেছ দলৰ সমৰ্থকে নিবিদা দিবলৈ আঁহোতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । কংগ্ৰেছৰ বাহন ক্ষতি কৰাৰ লগতে কংগ্ৰেছৰ সৰ্মথককো লপা-থপা বিজেপি সমৰ্থকে ।

জনগোষ্ঠীয় লোকৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব মুখ্যমন্ত্ৰীয়ে

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে ধেমাজিত হ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যোগ দিৱসৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ গোগামুখত এটা অতিথিশালা, ৰিৰ্চাজ কেন্দ্ৰ আৰু স্কিল ডেভেলপমেন্ট কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প থলীত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

'কাঞ্চন জংঘা' নৌকা ৰেষ্টুৰেন্টৰ কাষৰ পৰ্যটন স্থলীত ৰেলৱেৰ শেন চকু

ডিব্ৰুগড়ৰ বগীবিল দলঙৰ সমীপত গঢ়ি উঠা পৰ্যটন স্থলীত শেন চকু পৰিছে ৰেলৱে বিভাগৰ ৷ বগীবিল দলঙৰ সমীপত গঢ়ি উঠা তথা উজনি অসমৰ অন্যতম পৰ্যটন ক্ষেত্ৰ "কাঞ্চন জংঘা" ওপঙা ৰেষ্টুৰেণ্টৰ সমীপৰ পৰ্যটন স্থলীত উচ্ছেদ ৰেলৱে বিভাগৰ ৷

প্লাষ্টিকৰ বটলৰ নাৱেৰে মাজুলীলৈ যাত্ৰা ধীৰাজ বিকাশ গগৈৰ

সঁচাই এক দুঃসাহসিক তথা ৰোমাঞ্চকৰ যাত্ৰা । নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰিব আপুনি ৷ ভৰ বাৰিষাৰ আৰম্ভণিত ওফন্দি উঠা বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত এক দুঃসাহসিক শিহৰণকাৰী যাত্ৰা কৰাৰ প্ৰয়াস কৰিছে ডিব্ৰুগড়ৰ এক উদ্যমী তথা প্ৰকৃতিপ্ৰেমী যুৱক ধীৰাজ বিকাশ গগৈ ওৰফে বুমণিয়ে । ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড ঢৌৰ মাজত ভৰ বাৰিষা, ৰ’দ-বৰষুণ, বতাহ-ধুমুহাৰ মাজেৰে এই দুঃসাহসিক তথা শিহৰণকাৰী যাত্ৰা হ'ব কেৱল প্লাষ্টিকৰ বটলৰ ওপৰত ।

চ’ছিয়েল মিডিয়াৰ নতুন গোপনীয়তা নীতিৰ ওপৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায় সংৰক্ষণ

ফেচবুক (Face Book) আৰু হোৱাটছ এপে (Whats App) দিল্লী উচ্চ ন্যায়ালয় (Delhi High Court)ক মেচেজিং এপ্লিকেচনৰ বিৰুদ্ধে ৪ জুনত চিচিআইয়ে জাৰি কৰা জাননী স্থগিত ৰাখিবলৈ আহ্বান জনাইছিল ।

ভাৰতত কেতিয়া হ‘ব ক'ভিডৰ তৃতীয়টো সংক্ৰমণ: IIT কানপুৰৰ নতুন তথ্য

আইআইটি কানপুৰে দাখিল কৰা প্ৰতিবেদন অনুসৰি, উত্তৰ-পূৰ্বাঞ্চল (North-East)ৰ মিজোৰাম, মণিপুৰ, ছিকিমৰ বাহিৰে প্ৰায় প্ৰতিখন ৰাজ্যতে ক’ভিড (COVID-19)ৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে । অধিকাংশ ৰাজ্যৰ আক্ৰান্তৰ হাৰ 5 শতাংশতকৈ কম ৷ কিন্তু কেৰালা, গোৱা, ছিকিম আৰু মেঘালয়ত এতিয়াও আক্ৰান্তৰ হাৰ 10 শতাংশতকৈ অধিক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.