ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ - TOP TEN AT 7 PM

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ
7 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Jul 17, 2021, 7:03 PM IST

74 বছৰৰ পাছত ঘূণাসুঁতিলৈ আহিল ভাল খবৰ

এটা সু-খবৰে আনন্দৰ বন্যা বোৱাইছে লখিমপুৰত । লখিমপুৰৰ ঐতিহাসিক ঘূণাসুঁতিত সৃষ্টি হৈছে এই পৰিৱেশ । স্বাধীনতাৰ 74 বছৰৰ পাছত ঘূণাসুঁতিবাসীয়ে লাভ কৰিলে এই সু-খবৰটো । ঘাগৰৰ ওপৰত এখন দলং নিৰ্মাণৰ চৰকাৰী সিদ্ধান্তই আনন্দৰ বন্যা বোৱাইছে ঘূণাসুঁতিত ।

সৰিয়হৰ ডুলিত ভূত: সচিবালয়ৰ পৰা চোৰে নিলে বিধায়কৰ বাহন

অসম সচিবালয় চৌহদৰ পৰা চুৰি হ'ল বিধায়ক ফণীভূষণ চৌধুৰীৰ বাহন ৷ এই সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে আটক কৰিছে তিনিগৰাকী লোকক ৷

লংকাত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ চুৰিৰ অপচেষ্টা

ৰাজ্যজুৰি অব্যাহত থকা ক'ভিড আতংকৰ মাজতে লংকাত নিশা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ চুৰিৰ অপচেষ্টা ৷ লংকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পিপলপুখুৰীত সংঘটিত হৈছে এই ঘটনা ৷ নিৰ্জন ঠাইৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে নিশা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰটো খুলিছিল যদিও নিব নোৱাৰি পথৰ কাষত পেলাই থৈ যায় ৷

কিদৰে চৰকাৰী চিকিৎসালয়ৰ পৰা সন্ধানহীন ক'ভিড আক্ৰান্ত মহিলা !

নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ক’ভিডৰ চিকিৎসা চলি থকা অৱস্থাতে নিৰুদ্দেশ হৈছে এগৰাকী মহিলা ৷ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে চিকিৎসালয়খনৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন উত্থাপিত হৈছে ৷

লংকাত ধোঁৱাচাঙত ক'ভিড প্ৰ'টক'ল

ৰাজ্যত ভয়াৱহভাৱে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাত তৎপৰ হৈ পৰিছে প্ৰশাসন ৷ চৰকাৰে বান্ধি দিয়া নীতি-নিয়মৰ মাজেৰে চলিছে ৰাজ্য ৷ কিন্তু কোনো কোনো ঠাইত এতিয়া যেন এই ক’ভিড বিধিৰ উলংঘা হৈছে ৷

কেতিয়া নিৰ্মাণ হ’ব শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ !

শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট কৰিডৰ 27 আৰু 54 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ডিমাচা ছাত্ৰ সন্থা (Dimasa Student's Union) ৷ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ডিমাচা ছাত্ৰ সন্থাই ৷

মৰাণত সাংবাদিক গোবিন দাসক শ্ৰদ্ধাঞ্জলী

যুৱ সাংবাদিক গোবিন দাসৰ স্মৃতিত সাপেখাতী চাৰিআলিত সহ সাংবাদিক সকলৰ উদ্যোগত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হয় ৷ ১৪ তাৰিখ বুধবাৰে নিশা প্ৰায় ১০ বজাত মটৰ চাইকেলেৰে ঘৰলৈ আহি থকাৰ অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় সাংবাদিক গৰাকীৰ ৷

ছয়গাঁৱত বুজন পৰিমাণৰ বিলাতী সুৰাসহ এজনক আটক

শুকুৰবাৰে নিশা ছয়গাঁৱৰ গৰৈমাৰীত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে আটক কৰে এজন সৰবৰাহকাৰীক ৷ ধৃত সৰবৰাহকাৰী জনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি ৷

8 বছৰে সম্পূৰ্ণ নহ'ল হাইলাকান্দিৰ 30 খন বিচনাযুক্ত প্রাথমিক স্বাস্থ্য কেন্দ্র

8 বছৰে সম্পূৰ্ণ নহ'ল হাইলাকান্দি জিলাৰ কালীনগৰস্থিত 30 খন বিচনাযুক্ত সৰোজিনী প্রাথমিক স্বাস্থ্যকেন্দ্রৰ (Sarojini primary health center) নতুন ভৱনৰ নির্মাণৰ কাম ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

অসম চিকিৎসা মহাবিদ্যালয়লৈ যুৱৰাজ সিঙৰ 100 খন অত্যাধুনিক ICU বিছনা

সমগ্ৰ দেশতে অব্যাহত থকা ক'ভিড আতংকৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে (Yuvraj Sing) দেখুুৱাইছে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন ৷ আন বহু ঠাইৰ সমান্তৰালকৈ অসম চিকিৎসা মহাবিদ্যালয়লৈয়ো (AMCH) সহায় আগবঢ়াইছে বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন যুৱৰাজ ফাউণ্ডেশ্যনে (Yuvraj Foundation)৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.