অসমত কংগ্ৰেছ হাৰিল কিয় : অশোক চৱনৰ প্ৰতিবেদনত ওলাল আচল কথা !
অসমত কংগ্ৰেছ হাৰিল কিয় ? পোন্ধৰ বছৰে একেৰাহে শাসন চলোৱা দলটো ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে কিয় অসমত পৰাজয় স্বীকাৰ কৰিবলগীয়া হ'ল ? এই গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি এখন প্ৰতিবেদন দাখিল কৰিবলৈ এআইচিচি(AICC) য়ে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে দাখিল কৰিছে প্ৰতিবেদন ।
নীপকোৱে এৰি দিয়া পানীয়ে জল প্ৰলয় মাতিছে লখিমপুৰত
নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ 4 নং গেট খুলি দিয়া পাচতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰঙানদী বাঢ়নী পানীয়ে ৷ ইতিমধ্যে লখিমপুৰ জিলাৰ 10 খনতকৈ অধিক গাঁও জলবন্দী হৈছে ৷
নাওবৈচাত অপৰিৱৰ্তিত শিঙৰা নৈৰ বান পৰিস্থিতি
বানাক্ৰান্ত অঞ্চলটোৰ ক্ৰমান্বয়ে বান পৰিস্থিতি অধিক জটিল হৈ পৰা গোসাঁনীবাৰী, ১ নং গেলাহাটী, ২ নং গেলাহাটী আৰু চেঙেলীজান গাঁৱৰ তিনি শতাধিক পৰিয়ালে জীৱন ধাৰণৰ বাবে অন্ন বস্ত্ৰ আৰু বিগত পাঁচ দিনে বাসগৃহ ডুব গৈ থকাত জীৱন যাত্ৰা ব্যাহত হৈ ওখ ঠাইত গৰু ছাগলীৰে সহাৱস্থান কৰিব লগীয়া হৈছে ।
নামঘৰৰ প্ৰসাদত প্লাষ্টিকৰ মগুমাহ !
প্লাষ্টিকৰ কণী,চাউল আৰু বন্ধাকবিৰ পাছত এইবাৰ বজাৰত প্লাষ্টিকৰ মগুমাহ ৷ কামপুৰ বৰহোলাৰ বামুনীয়া নামঘৰত অনুস্থিত বছৰেকীয়া নাম-কীৰ্তনৰ বাবে কামপুৰৰ এখন দোকানৰ পৰা ভকতে ক্ৰয় কৰিছিল মগুমাহ ৷ ৰাতি মগুমাহখিনি তিয়াই থোৱাৰ পাচত ভকতে মগুখিনি ধুবলৈ লওঁতে প্ৰত্যক্ষ কৰিছিল প্লাষ্টিক সদৃশ মগু । তাৰ পাছতে ৰাইজৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ ৷
বৰপেটাত আৰক্ষীৰ বেহু ফালি পলাল ড্ৰাগছ ব্যৱসায়ী
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটাতো আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ দেওবাৰেও বাবুল আহমেদ নামৰ এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে বৃহৎ অভিযানত নামিল বৰপেটা আৰক্ষী ৷ এই অভিযানকালত আৰক্ষীৰ বেহু ফালি পলাবলৈ সক্ষম হোৱা বাবুল আহমেদৰ সৈতে গুলীয়াগুলিৰ ঘটনাও সংঘটিত হয় ৷
শীঘ্ৰেই কনিষ্ঠ আৰু সহকাৰী অভিযন্তা পদত দিয়া হ’ব নিযুক্তি : ৰণজিৎ দাস
পাঠশালাত দেওবাৰে উপস্থিত হৈ অসমত হ’ব লগা 1 লাখ চাকৰিৰ নিযুক্তি সন্দৰ্ভত মন্তব্য ৰাজ্যিক মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ ৷ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী এটা পৰীক্ষাৰ দ্বাৰাই বিভাগীয় পদত নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
গহপুৰত চত্ৰং নৈৰ মথাউৰি ভাঙি প্লাৱিত বিস্তীৰ্ণ অঞ্চল
গহপুৰত চত্ৰং নৈয়ে লৈছে ভয়ংকৰ ৰূপ । যাৰ পৰিণতিত চত্ৰং নৈৰ মথাউৰি ভাঙি প্লাবিত বিস্তীৰ্ণ অঞ্চল । মথাউৰিৰ অংশটো ভাঙি যোৱাত বিস্তীৰ্ণ অঞ্চল পানীয়ে বুৰাই পেলোৱাৰ লগতে বাট-পথ ছিগি যাতায়ত ব্যাহত হোৱা দেখা গৈছে । জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভিত স্থানীয় ৰাইজ ।
জন্মিয়েই এটি নৱজাতকে চাঞ্চল্যৰ সৃষ্টি কৰিছে বটদ্ৰবাত
নগাঁও জিলাৰ ধনীয়ভেটি গাঁৱৰ গৰাকী মহিলাই শনিবাৰে নগাঁৱৰ চিলংনী-আমতলা ক্ষুদ্ৰ প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত জন্ম দিয়ে এটি নৱজাতক । পিছে নৱজাতকটিৰ জন্মৰ পাছতে হুৱা-দুৱা লাগিল চিকিৎসালয়খনৰ কৰ্মীসকলৰ মাজত ৷ কাৰণ স্বাভাৱিক নহয় শিশুটিৰ শাৰীৰিক অৱয়ব ৷
কৰিমগঞ্জত জব্দ হস্ত নিৰ্মিত বন্দুক
কৰিমগঞ্জৰ অসম-মিজোৰাম সীমান্তত নাগৰাত আৰক্ষীৰ অভিযানত জব্দ হস্ত নিৰ্মিত বন্দুক । নাগৰাৰ হাতাইৰবন্দ গাঁৱত আৰক্ষীয়ে মইন উদ্দিন নামৰ এজন ব্যক্তিৰ ঘৰত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে হস্ত নিৰ্মিত বন্দুক ৷ লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় সজীৱ গুলি । আৰক্ষীয়ে ইতিমধ্যে মইন উদ্দীনক আটক কৰি আৰম্ভ কৰিছে তদন্ত ।
পশ্চিমবংগৰ বিজেপি কাৰ্যালয়ত বোমা উদ্ধাৰ
পশ্চিমবংগৰ বিজেপি কাৰ্যালয়ৰ কাষত উদ্ধাৰ হৈছে কেইবাটাও হস্তনিৰ্মিত বোমা ৷ কলকাতাৰ বিজেপি কাৰ্যালয়ৰ ওচৰৰ খিদিৰপুৰ আৰু হেষ্টিং কংগ্ৰেছ ক্ষেত্ৰত প্ৰায় 54 টাকৈ হস্তনিৰ্মিত বোমা উদ্ধাৰৰ পিছতেই বোমা নিস্ক্ৰিয়কাৰী দল মোতায়েন কৰা হৈছে ঘটনাস্থলীত ৷