ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten at 1 pm

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

1 বজাৰ শীৰ্ষ দহটা বাতৰি...
1 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Apr 22, 2021, 1:03 PM IST

মোৰ স্বামীক ঘূৰাই দিয়ক : কাতৰ আহ্বান অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ

লাকুৱা অ’এনজিচিত কৰ্মৰত তিনি গৰাকী বিষয়াক মঙলবাৰে মাজনিশা অপহৰণ কৰে বন্দুকধাৰী দুৰ্বৃত্তৰ দলে ৷ এই অপহৰণ কাণ্ডৰ লগত আলফা স্বাধীন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাজ্যৰ সচেতন মহলে ৷ কিন্তু এই সন্দৰ্ভত বৰ্তমানেও আলফা স্বাধীনে প্ৰকাশ কৰা নাই কোনো প্ৰতিক্ৰিয়া ৷ লাকুৱাৰ অ’এনজিচিত কৰ্মৰত তিনি গৰাকী কৰ্মচাৰীৰ অপহৰণৰ খবৰে ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তেই তিতাবৰ বৰহোলা নাঙল গাঁৱৰ অপহৃত ONGC কণিষ্ঠ টেকনিছিয়ান ৰিতুল শইকীয়াৰ পত্নীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে তেওঁৰ প্ৰতিক্ৰিয়া ৷ কোলাত চাৰি মহীয়া কেঁচুৱা লৈ অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ কাতৰ আহ্বান । কোন জড়িত আছে এই অপহৰণ কাণ্ডৰ লগত, সোনকালে স্পষ্টীকৰণ দিয়ক আৰু সোঁ-শৰীৰেৰে উভতাই দিয়ক ৷

কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত শোক প্ৰকাশ জুবিন গাৰ্গৰ

কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ ৷ জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে আধুনিক গীত ৰাজ্যবাসীক উপহাৰ দিয়া কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৱে জোঁকাৰি গৈছে ৰাজ্যৰ সাংস্কৃতিক মহল ৷ গৰু বিহুৰ দিনা মহানগৰীৰ লতাশিলৰ বিহুৰ অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ গৈ হঠাতে অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী ৷ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পাচলৈ ক'ৰণা ভাইৰাচত আক্ৰান্ত হৈ বুধবাৰে সন্ধিয়া কালাপাহাৰস্থিত ক'ভিড চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ শিল্পীগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গ ৷ একেলগে একেখন মঞ্চতে গীত পৰিৱেশন কৰাৰ লগতে কেইবাহাজাৰো গীতত একেলগে কন্ঠদান কৰা সহশিল্পীগৰাকীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই জুবিন গাৰ্গে ৷

ক্ৰমাৎ মৰিগাঁৱত বৃদ্ধি পাইছে ক’ভিড ৰোগী

বুধবাৰে দুপৰীয়ালৈকে ক’ভিড-19ত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ বৃদ্ধি হৈ হৈছে গৈ 98 গৰাকী ৷ বাণিজ্যি মেলাৰ তিনিজন লোকৰ দেহৰ কৰ’ণা ভাইৰাছৰ উপস্থিতি ।

সুদৰ ব্যৱসায় কৰি ৰঙাঘৰলৈ মিঠু দাস

কোনো অজ্ঞাত লোকৰ তথ্যৰ ভিত্তিত মঙলবাৰে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে চলোৱা তদন্তত গ্ৰেপ্তাৰ হ'ল চাবুৱা নগৰৰ ‘এ’ ৱাৰ্ডৰ নিবাসী সুদখোৰ মিঠু দাস ৷ বিগত দহ বছৰে আৰক্ষীৰ চকুত ধুলি দি ঋণ প্ৰদান কৰা ব্যক্তিৰ পৰা জামানত হিচাপে সংগ্ৰহ কৰি আহিছিল চেক আৰু দলিল ৷

হুঁচৰি গোৱা ধনেৰে শিক্ষকে ৰং কৰিলে বিদ্যালয়ৰ চাৰিবেৰত

বিহালীৰ এগৰাকী শিক্ষকৰ বিশেষ পদক্ষেপ ৷ বিহালী সমষ্টিৰ নাহৰজান প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক বিশ্বজিৎ ৰয়ৰ ব্যতিক্ৰমী পদক্ষেপে এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিহালীবাসীৰ ৷ শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক অসমৰ জাতীয় উৎসৱ বিহুটিক সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীক লগত লৈ প্ৰতি বছৰে অঞ্চলবাসীৰ ঘৰে ঘৰে হুঁচৰি গাই আহিছে ৷ ছাত্ৰ-ছাত্ৰীসকলে হুঁচৰি গাই যি মাননী লাভ কৰিছিল সেই ধন অঞ্চলটোৰ একো একোখন বিদ্যালয়ৰ আন্তঃগাঁঠনিৰ বাবে দান কৰি আহিছিল ৷ এইবেলিও শিক্ষকগৰাকীয়ে হুঁচৰি গাই লাভ কৰা ধনেৰে বিহালীৰ লক্ষীনাথ বেজবৰুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চাৰিওফালৰ বেৰা সমূহ ৰং কৰি ধুনীয়াকৈ সজাই তুলিছে ৷ যিহেতু বিদ্যালয়খন বৰ্তমানেও প্ৰাদেশিকৃত হোৱা নাই গতিকে শিক্ষকগৰাকীৰ এনে প্ৰচেষ্টাক এতিয়া সকলোৱে প্ৰশংসাও কৰিছে ৷

কৰ'ণাৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ল বৰপেটা সত্ৰৰ থিয়নাম

কৰ’ণাসৃষ্ট ভয়াৱহ পৰিস্থিতিৰ বাবে বুধবাৰে বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ ৭ বহাগৰ থিয়নাম অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ লগতে সত্ৰৰ তিনিওটা থুলৰ সীমিত সংখ্যক ভকতহে এই নামভাগিত উপস্থিত থাকে ৷

পৰম্পৰাগত ভাৱে উদযাপন দেউৰী বিহু

দেউৰী সকলে বুধবাৰে পৰা পালন কৰে চেনেহৰ ৰঙালী বিহু ৷ দেউৰী ডেকা জীয়ৰী সকলে পালন কৰিলে পৰম্পৰাগত বোকা বিহু উৎসৱ ৷

জটিল ৰোগত ভোগা শিশুৰ বাবে ত্ৰিপুৰাত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা

ত্ৰিপুৰাত জটিল স্বাস্থ্যজনিত সমস্যাত ভোগা প্ৰায় 300 ৰ পৰা 400 শিশুৰ বাবে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা ৷ ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যক্ৰম (Rashtriya Bal Swasthya Karyakram) জৰিয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে গ্ৰহণ কৰিছে এই বিশেষ ব্যৱস্থা ৷

প্ৰাক্তন মন্ত্ৰী এ কে ৱালিয়াৰ মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা দিল্লীৰ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা এ কে ৱালিয়াৰ মৃত্যু ৷ ক'ভিডত আক্ৰান্ত হৈ ৱালিয়াই মৃত্যুক সাৱটি লয় ৷

বিজাপুৰ আৰক্ষী উপ-পৰিদৰ্শকক অপহৰণ মাওবাদীৰ

ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকক বুধবাৰে মাওবাদীয়ে অপহৰণ কৰে । নিজ গৃহলৈ অহাৰ সময়তে মাওবাদীয়ে অপহৰণ কৰে বিষয়াগৰাকীক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.