ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা খবৰ...

author img

By

Published : Apr 1, 2021, 9:00 AM IST

9 বজাৰ শীৰ্ষ দহটা খবৰ...

9 বজাৰ শীৰ্ষ দহটা খবৰ...
9 বজাৰ শীৰ্ষ দহটা খবৰ...

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন: শীৰ্ষ 10 গৰাকী চহকী প্ৰাৰ্থী

দ্বিতীয় পৰ্যায় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা 345 গৰাকী প্ৰাৰ্থীৰ ভিতৰত শীৰ্ষ 10 গৰাকী চহকী প্ৰাৰ্থীৰ তালিকা ৷ এই সকলৰ ভিতৰত আছে ৰাহুল ৰয়, ডেইজী ৰয়, ছিৰাজ উদ্দিন আজমল, সুৰেশ বৰা, ছিদ্দিক আহমেদ, কৰিম উদ্দিন বৰভূঞা, দিলৱাৰা বেগম চৌধুৰী, জিতু গোস্বামী, নিজাম উদ্দিন চৌধুৰী, প্ৰদ্যুৎ কুমাৰ ভূঞা ৷ চাওঁ আহক কিমান সম্পত্তিৰ গৰাকী এইসকল প্ৰাৰ্থী...

পুনৰ সাংবাদিকক আক্ৰমণৰ লক্ষ্য আজমলৰ

ধুবুৰীত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশ লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ খঙত অগ্নিশৰ্মা হৈ পৰিল আজমল । এটা ব্যক্তিগত চেনেলৰ বিৰুদ্ধে খং উজাৰিলে আজমলে । উল্লেখ্য যে, আজমলে সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰা, এয়া দ্বিতীয়টো ঘটনা । পূৰ্বেও মানকাচৰত অনুৰূপ ঘটনা সংঘটিত কৰিছিল আজমলে । আনহাতে, ইপিনে এইবেলি অসমত মহাজোঁটৰ চৰকাৰ গঠন হ’ব বুলি দাবী কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মেকিং মাষ্টৰ আৰু ইভিএম বদলি কৰা মাষ্টাৰ আখ্যা দিয়ে এআইইউডিএফ প্ৰধান বদৰুদ্দিল আজমলে ৷

বিবেক ভোটৰ জৰিয়তে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক...

2021 ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য লামডিং সমষ্টিৰ এজন কৃষকৰ ৷ ৰামনাথ চৌহান নামৰ কৃষকজনে সকলো ভোটাৰক আবেগৰ বশৱৰ্তী নহৈ বিবেক ভোটৰ জৰিয়তে গণতান্ত্ৰিক অধিকাৰ প্ৰদান কৰি সৰ্বাংগীণ উন্নতি কৰিব পৰা এজন প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান জনায় ।

বিটিআৰৰ পৰা বিপিএফক বিদায় দিব লাগিব: মুখ্যমন্ত্ৰী

৬৩ নং চাপাগুৰী সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ বিটিআৰৰ 12 টা সমষ্টিৰপৰা বিপিএফক বিদায় দিব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ৷

মিছা কথা শুনিব খুজিলে মোডীৰ ভাষণ শুনক: ৰাহুল গান্ধী

ছয়গাঁৱৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত যুৱনেতা ৰাহুল গান্ধী ৷ কংগ্ৰেছ চৰকাৰ আহিলে দক্ষিণ কামৰূপক জিলালৈ উন্নীতকৰণৰ গেৰাণ্টি দিলে ৰাহুল গান্ধীয়ে ৷

মাতৃহাৰা হ’ল লুৰিণজ্যোতি গগৈ

বুধবাৰে নিশা প্ৰায় 10.45 বজাত ডিব্ৰুগড়ত শেষ নিশ্বাস ত্যাগ কৰে লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে ৷

আজমলৰ হাতত থাকিব নেকি মহাজোঁটৰ তলা-চাবি?

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সৈতে মিত্ৰতা স্থাপন কৰি ৰাজ্যত চৰকাৰ গঢ়াৰ সপোন দেখিছে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলে ৷ দলগাঁৱৰ এখন নিৰ্বাচনী সভাত মহাজোঁটৰ তলা-চাবি তেওঁৰ হাততে থাকিব বুলি মন্তব্য কৰে এ আই ইউ ডি এফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে ৷

বাঁওপন্থীক শক্তিশালী কৰাৰ আহ্বান মাণিক সৰকাৰৰ

এখন সঁচা আৰু কাৰ্যকৰী চৰকাৰৰ বাবে বাঁওপন্থীক শক্তিশালী কৰাৰ আহ্বান জনাইছে ত্ৰিপুৰাৰ বিৰোধী নেতা মাণিক সৰকাৰে ৷ বিজেপিৰ মিথ্যাচাৰক লৈ সৰৱ সৰকাৰ ৷ এডিচিৰ নিৰ্বাচনত বাঁওপন্থীৰ পক্ষত ভোট প্ৰদান কৰাৰ আহ্বান সৰকাৰৰ ৷

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু পশ্চিমবংগ

1 এপ্ৰিলত 30 টা সমষ্টি দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু পশ্চিমবংগত ৷ নন্দীগ্ৰামত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ১ এপ্ৰিলত মুখামুখি হ'ব তেওঁৰ প্ৰাক্তন মন্ত্ৰী সহকৰ্মী সুভেন্দু অধিকাৰী ৷

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আশু আৰোগ্য কামনা দালাই লামাৰ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাইপাছ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হোৱাৰ পিছতে শীঘ্ৰে আৰোগ্য হোৱাৰ কামনা কৰিলে দালাই লামাই । মঙলবাৰে এইমছত অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল ৰাষ্ট্ৰপতিগৰাকীৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.