ETV Bharat / state

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

author img

By

Published : Mar 23, 2021, 9:08 AM IST

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...
পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

নাহৰকটীয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

সোমবাৰে নাহৰকটীয়াত বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নাহৰকটীয়াৰ আচাবাম চাহ বাগিছাৰ খেলপথাৰত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষনেৰে আজমল তথা কংগ্ৰেছক চোকা ভাষাৰে সমালোচনা ।

ধেমাজিত ৰণ ডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

সোমবাৰে ১১৩নং ধেমাজি বিধান সভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ভোটাৰ ৰাইজক উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ ৰনোজ পেগুক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মহিলা কেৱল হিতাধিকাৰীহে, হ'ব নোৱাৰে ৰাইজৰ প্ৰতিনিধি !

ৰাজ্যত এইবেলি বিধানসভা নিৰ্বাচনৰ বাবে দলসমূহে পুৰুষতকৈ মহিলাসকলক অধিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ এইবাৰৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাই কিন্তু সচেতন ৰাইজক হতাশ কৰা পৰিলক্ষিত হৈছে ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...

হাই প্ৰফাইল ৰাষ্ট্ৰীয় নেতাৰ ৰাজ্যত হাই ভল্টেজ প্ৰচাৰ

সম্প্ৰতি ৰাজ্যত ব্যাপক ভীৰ হাই প্ৰফাইল ৰাজনীতিবিদৰ ৷ সকলোৰে উদ্দেশ্যে মাথো এটাই- ভোটাৰক আকৰ্ষিত কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱা ৷ ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতিৰে কঁপিছে ৰাজ্যৰ আকাশ-বতাহ ৷ নিৰ্বাচন আহে আৰু যায় ৷ চৰকাৰ ভাঙে, আকৌ গঠন হয় ৷ কিন্তু ৰাইজৰহে একো নহয় ৷ 5 বছৰলৈ কোনো জন প্ৰতিনিধিৰ ভ্ৰুক্ষেপ নাথাকে ৰাইজৰ প্ৰতি ৷ আকৌ নিৰ্বাচন আহিল মানেই পুনৰ নতুন উদ্যমেৰে নেতাসকল কাষ চাপে জনতাৰ ৷ একেখন ছবিয়েই প্ৰতিফলিত হৈছে 2021 ৰ নিৰ্বাচনৰ পূৰ্বেও ৷

ত্ৰিপুৰাত কৰনা’ত আক্ৰান্ত হৈ এজনৰ মৃত্যু

সোমবাৰে আগৰতলাত কৰ’ণাৰ দ্বিতীয় প্ৰৱাহত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয় ৷ আগৰতলাৰ জিবিপি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল লোকজন ৷

বিজেপি-আইপিএফটিৰ বাজেটক লৈ সুখী নহয় জ্যেষ্ঠ কংগ্ৰেছী নেতা মানিক দেৱ

18 মাৰ্চত বিধানসভাত উপস্থাপন কৰা বাজেটক লৈ অসন্তুষ্ট ত্ৰিপুৰাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা মানিক দেৱ ৷ নিবনুৱা সমস্যা সমাধানৰ বিষয়টো উপস্থাপন কৰাৰ ক্ষেত্ৰত বাজেটখন বিফল হোৱাৰ অভিযোগ জ্যেষ্ট কংগ্ৰেছী নেতাগৰাকীৰ ৷

ৰাষ্ট্ৰীয় ৰাজধানী চহৰ দিল্লী (সংশোধনী) বিধেয়ক ২০২১ গৃহীত

এই বিধেয়কখন সংশোধনৰ উদ্দেশ্য হৈছে "চৰকাৰ" অভিব্যক্তটো স্পষ্ট কৰা ৷ পূৰ্বে বিধানসভা আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ মন্ত্ৰী পৰিষদ সম্পৰ্কীয় সংবিধানৰ ব্যৱস্থাবোৰ পূৰণ কৰিবলৈ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আইন, ১৯৯১ চৰকাৰ প্ৰণয়ন কৰা হৈছিল ।

নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা নিৰ্বাচন আয়োগৰ

সোমবাৰে অসমত আহি উপস্থিত হয় দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাৰ নেতৃত্বত এটা শীৰ্ষস্তৰীয় প্ৰতিনিধি দল । দলটোৱে নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেৰ সৈতে এখন বৈঠকত মিলিত হয় ৷

বন্তি প্ৰজ্বলনেৰে অমিত শ্বাহলৈ ধন্যবাদ মাজুলীবাসীৰ

বন্তি প্ৰজ্বলন কৰি গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন মাজুলীবাসীৰ ৷ সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাচতে গৃহমন্ত্ৰী গৰাকীক এইদৰে ধন্যবাদ জ্ঞাপন কৰে মাজুলীৰ ৰাইজে ৷

হাতী খেদাও চাবুৱা বচাও, বিজেপি খেদাও বাগান বচাও: অজয় ফুকন

চাবুৱাত ব্যাপক প্ৰচাৰ মহাজোঁটৰ প্ৰাৰ্থী অজয় ফুকনৰ ৷ প্ৰাৰ্থীগৰাকীয়ে চাহ বাগিচাৰ লাইনসমূহত সভা-সমিতি পাতি অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ ।"হাতী খেদাও চাবুৱা বচাও, বিজেপি খেদাও চাবুৱা বচাও, হাতী খেদাও বাগান বচাও" আদি শ্ল'গানেৰে চাবুৱাত কংগ্ৰেছৰ কৰ্মীসকলে অজয় ফুকনৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ ইয়াৰ লগতে গীত-মাত, বিহু নাচি গাঁৱে-গাঁৱে ঘূৰি ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে অজয় ফুকনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.