ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 @ 7 PM

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Mar 15, 2021, 7:06 PM IST

অসমৰ নিৰ্বাচনী প্ৰচাৰৰ মূল আকৰ্ষণ বহিৰাজ্যৰ ষ্টাৰ কেম্পেইনাৰ...

ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । অসমত বহিৰাজ্যৰ ষ্টাৰ কেম্পেইনাৰসকলে সঘনে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিত বিনোদ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল বহিৰাজ্যৰ ষ্টাৰ কেম্পেইনাৰ নিৰঞ্জন তিৱাৰী ৷

শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন নিতুল গগৈৰ

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত খনামুখ টিপমীয়া গাঁৱত শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন হ’ল সেনা জোৱান নিতুল গগৈৰ ৷ যোৱা 13 মাৰ্চত লাডাখৰ চিয়াচেন গ্লেচিয়াৰত কৰ্মৰত অৱস্থাতে উশাহ-নিশাহত কষ্ট পোৱাৰ বাবে নিহত হৈছিল সেনা জোৱান গৰাকী ৷

মন্ত্ৰী হিমন্তক ক্ষুৰধাৰ সমালোচনা ৰাণা গোস্বামীৰ

যোৰহাট বিধানসভা সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ৰাণা গোস্বামীয়ে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰে গোস্বামীয়ে ৷

বিশ্বমানৰ হিচাপে গঢ়ি তোলা হ’ব বিহাৰৰ পাঁচটা ৰে’ল ষ্টেচন

ধৰ্মীয় আৰু পৰ্যটন দুয়োটা দিশতেই বিশেষ গুৰুত্ব আছে গয়াৰ ৷ ইয়াৰ প্ৰতি দৃষ্টি ৰাখি এই ৰে’ল ষ্টেচন কেইটাৰ বিকাশৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ লগতে ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেল, মুজাফৰপুৰ আৰু বেগুচৰাই ষ্টেচনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত যাত্ৰীসকলে ষ্টেচনকেইটাত বিমানবন্দৰৰ দৰে বিশ্বমানৰ সুবিধা লাভ কৰিব ।

18 মাৰ্চত কৰিমগঞ্জৰ জনসভাত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে

দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ 18 মাৰ্চত কৰিমগঞ্জত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ পোন প্ৰথমবাৰৰ বাবে জিলাখনত অনুষ্ঠিত হ’ব মোডীৰ জনসভা ৷ প্ৰধানমন্ত্ৰী মোডীৰ জনসভা উপলক্ষে কৰিমগঞ্জৰ বাইপাছ সংলগ্ন ভাটগ্ৰাম এলেকাৰ খেতি পথাৰত মঞ্চ নিৰ্মাণৰ সমান্তৰালকৈ নতুন পথ আৰু অস্থায়ী হেলিপেড নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে ।

বহলপুৰত অশোক কুমাৰ সিংঘীক উষ্ম আদৰণি

পশ্চিমবংগৰ তৃণমূল দলৰ জনপ্ৰিয় নিৰ্বাচনী গীত ‘‘খেলা হবে’’ পূৱ বিলাসীপাৰাৰ বিজেপি কৰ্মীৰ মুখে-মুখে । সঁচাকৈ পূৱ বিলাসীপাৰাত ২০২১ নিৰ্বাচনত খেলা হ’ব নেকি ! বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংঘী টিকট লৈ পূৱ বিলাসীপাৰাত উপস্থিত হোৱাৰ সময়ত বিজেপি কৰ্মীৰ মুখে মুখে কেৱল খেলা হবে খেলা হবে গীতৰ গুণ-গুণনি । চাপৰৰ বহলপুৰত বিজেপি প্ৰাৰ্থী অশোক কুমাৰ সিংঘীক উষ্ম আদৰণি দলীয় কৰ্মী আৰু ৰাইজৰ ৷

নগাঁৱৰ ভোটাৰে নাজানে নিৰ্বাচনৰ তাৰিখ !

ৰাজ‍্যত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন ৷ এই সময়ত কি দল-সংগঠন, কি ৰাজনৈতিক নেতা সকলো উঠি-পৰি লাগিছে ভোটাৰৰ মন জয় কৰাৰ বাবে ৷ প্ৰতিদিনে ৰাজ্যলৈ আগমন ঘটিছে বহু হাই-প্ৰফাইল নেতা-পালিনেতাৰ ৷ পিছে এইখন ৰাজ্যৰে এনে কিছু গাঁও আছে, য'ত ভোটাৰ ৰাইজে নাজানে নিৰ্বাচনৰ দিন-তাৰিখ, নাজানে বেলটত হ'ব নে ইলেক্ট্ৰনিক ভোটিং মেচিনত হ'ব এইবাৰৰ নিৰ্বাচন ৷

তথাকথিত ৰাজনৈতিক দল গঠন কৰি নিলম্বন দুই এআইইউডিএফ নেতা

দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে মহাজোঁটৰ অংশীদাৰ এআইইউডিএফে নিলম্বিত কৰিলে নগাঁৱৰ দুই নেতাক । মতিউৰ ৰহমান আৰু নুৰুল আমিন চৌধুৰীক দলৰ পৰা নিলম্বন এআইইউডিএফ-ৰ ।

বিবাহৰ পাত্ৰী বিচাৰি হাবাথুৰি খোৱা মনছুৰীক মুম্বাইলৈ আমন্ত্ৰণ ছলমানৰ

২ ফুট ৩ ইঞ্চি ওখ এজন ২৬ বছৰীয়া যুৱক । নাম আজিম মনছুৰী । ঘৰ উত্তৰ প্ৰদেশৰ শামলী জিলাত । কেইদিনমান পূৰ্বে জীৱনসংগী বিচাৰি দিবলৈ আৰক্ষীক কাতৰ আহ্বান জনাই চৰ্চিত হোৱা মনছুৰীয়ে এতিয়া দাবী কৰিছে যে, তেওঁক বলীউড ছুপাৰষ্টাৰ ছলমান খানে মুম্বাইলৈ আমন্ত্ৰণ জনাইছে ।

দিছপুৰত নিৰ্দলীয় প্ৰাৰ্থী হ’ব নেকি জয়ন্ত দাস ?

দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’ব নেকি জয়ন্ত দাস ? মঙলবাৰে এই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব জয়ন্ত দাসে । সোমবাৰে ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ক্ষুব্ধ নেতাগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.