ETV Bharat / state

পুৱা 9 বজাৰ 10 টা শীৰ্ষ খবৰ - top at 9

পুৱা 9 বজাৰ 10 টা শীৰ্ষ খবৰ

top at  9
পুৱা 9 বজাৰ 10 টা শীৰ্ষ খবৰ
author img

By

Published : Oct 2, 2020, 8:59 AM IST

  • গান্ধী জয়ন্তী উপলক্ষে ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ্য
  • গান্ধী জয়ন্তী উপলক্ষে জাতিৰ পিতা মহাত্মালৈ ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ্য ৷ শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত গান্ধীজীৰ প্ৰিয় ভজন 'ৰামধুন' ৷ গান্ধীজীৰ ১৫১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্র বিশ্ব‌ই সভ্যতাৰ মহানায়কজনলৈ শ্ৰদ্ধা জনোৱাৰ মুহূৰ্তত ইটিভি ভাৰত অসমৰ পৰাও জাতিৰ পিতা মহাত্মালৈ বিশেষ শ্ৰদ্ধা আগবঢ়াই সংস্কৃত গীত পৰিবেশনেৰে সকলোকে মোহাচ্ছন্ন কৰা বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত আগ বঢ়াইছো গান্ধীজীৰ প্রিয় ভজন 'ৰামধুন'।

পুনৰ ডকমকাত জঘন্যকাণ্ড : মৰিয়াই মৰিয়াই জ্বলাই দিলে দুজনক

বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে কৰা গ্ৰেপ্তাৰৰ পাচতে ৰাজ্যৰ ঠায়ে ঠায়ে কংগ্ৰেছৰ প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷

নলবাৰীত উপস্থিত হৈ আৰক্ষী উপ-পৰিদৰ্শকৰ (SI) কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই ৷ বৰুৱাই কয় যে, SI কাণ্ডৰ দালাল কুমুদ গোস্বামীয়ে বহু বছৰ ধৰি দালালিৰ কাম কৰি আছে ।

ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত সঘনাই সংঘটিত হৈছে ভূমিস্খলন , গৰা খহনীয়াৰ ঘটনা ৷ flash flood ৰ বাবে প্ৰতিবছৰে দুৰ্যোগ ভূগি আহিছে ৰাইজে ৷ কিন্তু এই পৰ্যন্ত নাই কোনো স্থায়ী সমাধান ৷ Geological Survey of Indiaৰ এক গৱেষণাত পোহৰলৈ আহিছে এক তথ্য - জলবায়ুৰ পৰিৱৰ্তনে বৃদ্ধি কৰিছে ভূমিস্খলন তথা গৰা খহনীয়াৰ দৰে সমস্যাসমূহ ৷

বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ জিমপুতাত য়ুনু আলি নামৰ লোক এগৰাকীয়ে তেওঁৰ পত্নী মনেনা বেগম ওৰফে ভণ্ডেশ্বৰী ৰাভাক ডিঙি ৰেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে আৰক্ষীয়ে ৷

ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাই প্ৰতিনিধিত্ব কৰা নাওবৈচা সমষ্টিৰ কলাখোৱাত উপস্থিত হৈ বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই বহু ইছলাম বিৰোধী মন্তব্য আগবঢ়ায় ৷

ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছক্লাৱত যৌথভাৱে সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ, আঞ্চলিক গণ মৰ্চা, চি পি আই আৰু চি পি আই (এম এল)ৰ নেতৃত্বই । সংবাদমেলতে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা, আঞ্চলিক গণ মৰ্চাৰ অজিত কুমাৰ ভূঞা, CPI ৰ মুনিন মহন্ত, CPI(ML)ৰ বিবেক দাস।

ভাৰতীয় জনতা পাৰ্টীৰ 63 নং চাপাগুৰি বিধানসভা সমষ্টিৰ এক সাংগঠনিক সভাত বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়ো উপস্থিত হৈ বিটিচিত বিজেপিৰ চৰকাৰ হ’বই বুলি মন্তব্য কৰে ৷

হাগ্ৰামা মহিলাৰী শ্ল’ পইজন আৰু প্ৰমোদ বড়ো ফাষ্ট পইজন- এই মন্তব্য সাংসদ নৱ কুমাৰ শৰণীয়াৰ । বৃহস্পতিবাৰে বঙাইগাঁও আৱৰ্ত ভৱনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই বিটিআৰ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.