ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Nov 23, 2020, 9:16 AM IST

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 9 AM
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

GMCHত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এতিয়াও সংকটজনক অৱস্থাতে আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷ 6 ঘন্টা ডায়েলাইচিছ কৰা হ'ল তৰুণ গগৈক ৷ 2 ইউনিট তেজো দিয়া দিয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক

হিমন্ত লুইজ বাৰ্গাৰ কেলেংকাৰীৰ মূল অভিযুক্তঃ অদীপ ফুকন

নিৰ্বাচনৰ পূৰ্বে পুনৰ লুইজ বাৰ্গাৰ কেলেংকাৰীৰ প্ৰসংগ ৷ বহুদিন পাহৰি থকা লুইজ বাৰ্গাৰ কেলেংকাৰীৰ কথা এইবাৰ অদীপ ফুকনৰ মুখত ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লুইজ বাৰ্গাৰ কেলেংকাৰীৰ মূল অভিযুক্ত- অদীপ ফুকন ৷

কৰিমগঞ্জত ডকাইতি কৰিবলৈ আহি আটক দুই ডকাইত

কৰিমগঞ্জত দেওবাৰে নিশা ডকাইতি কৰিবলৈ আহি কৰিমগঞ্জ আৰক্ষীৰ হাতত আটক হ'ল দুই দুধৰ্ষ ডকাইত ৷ আটকাধীন ডকাইত দুটাৰ পৰা উদ্ধাৰ ডকাইতি কাৰ্যত ব্যৱহৃত বন্দুক আৰু চোকা অস্ত্ৰ ৷ আৰক্ষীৰ জেৰা অব্যাহত ৷

চৰকাৰী সুবিধা দিয়াৰ প্ৰলোভনেৰে দিব্যাংগ লোকৰ পৰা ধন লুণ্ঠনৰ অভিযোগ

দিব্যাংগসকলৰ জীৱনক লৈ হেতালি খেলিছে হোজাইৰ এজন লোকে ৷ হোজাই জিলাৰ উদালীৰ কমৰ‌উদ্দিন নামৰ লোকজনে বৃহত্তৰ উদালী অঞ্চলৰ দুখীয়া দিব্যাংগ লোকৰ পৰা প্ৰমাণ পত্ৰ,পেন্সন আৰু চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা দিয়াৰ প্ৰলোভন দেখুৱাই ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

যোৰহাটত ক’ভিড প্ৰট’কল মানি 253 সংখ্যক ন-লগোৱা উৎসৱ পালন

যোৰহাটৰ ঐতিহাসিক বৰভেটীত দেওবাৰে মায়ামৰা সম্প্ৰদায়ৰ পৰম্পৰাগত 253 সংখ্যক ন-লগোৱা উৎসৱ পালন ৷ ক’ভিড সংক্ৰমণৰ বাবে অনুষ্টুপীয়াকৈ পালন এই উৎসৱৰ ৷

উপ-পৰিদৰ্শকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱাৰ বাবে সংশ্লিষ্ট পক্ষক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

উপ-পৰিদৰ্শকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সকলো সংশ্লিষ্ট পক্ষক ধন্যবাদ জ্ঞাপন ৷ লগতে, মেধা আৰু যোগ্যতাৰ ভিত্তিত পৰীক্ষাৰ্থীয়ে নিযুক্তি লাভ কৰিব বুলি মন্তব্য প্ৰদান কৰিছে ৷

2023 চনত ভাৰতত অনুষ্ঠিত হ'ব জি-20 সন্মিলন

সদস্য ৰাষ্ট্ৰ সমুহৰ সদস্য সকলৰ দুদিনীয়া বৈঠকৰ অন্তত দেওবাৰে এই কথা ঘোষণা কৰিছে আয়োজক সদস্য সকলে ৷ ভাৰতে 2023 চনত গ্ৰুপ অফ-20 সন্মিলনৰ আয়োজন কৰিব বুলি জনাইছে সদস্য সকলে ৷

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্য প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে জি-20 অনুষ্ঠানত অংশগ্ৰহণ কৰি জলবায়ু পৰিবৰ্তনৰ ওপৰত নিজৰ মত ব্যক্ত কৰে ৷ লগতে, প্ৰধানমন্ত্ৰীয়ে দাবী কৰি কয় যে, উন্নয়নশীল দেশসমূহক প্ৰযুক্তি আৰু বিত্তৰ অধিক সমৰ্থন থাকিলেহে সমগ্ৰ বিশ্ব দ্ৰুতগতিত আগবাঢ়িব পাৰিব ৷

চাঞ্চল্যকৰ দম্পতী হত্যাকাণ্ডই কঁপাইছে তেজপুৰ

তেজপুৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ হত্যাকাণ্ড । কোনো অচিনাক্ত দুৰ্বৃত্তই ডকাইতি সংঘটিত কৰাৰ লগতে চোকা অস্ত্ৰৰে নৃশংসভাবে হত্যা কৰিলে এহাল বৃদ্ধ দম্পতীক। তেজপুৰ কছাৰী গাঁও আৰক্ষী চকীৰ অন্তর্গত পতিয়াচুবুৰীত সংঘটিত এই নৃশংস হত্যাকাণ্ড ৷

প্ৰসংগ যৌতুকঃ নুনমাটিত কেৰাচিন ঢালি নৱ-বিবাহিতা বোৱাৰীক হত্যা

মহানগৰীত যৌতুকৰ বাবে বোৱাৰী হত্যা ৷ যৌতুক নিদিয়াৰ বাবে স্বামীৰ পৰিয়ালে কেৰাচিন ঢালি হত্যা কৰিলে নৱ-বিবাহিত বোৱাৰীক ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত স্বামীক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.