ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ 10 বাতৰি - পুৱা 9 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ 10 বাতৰি

Top 10 news at 9 AM
পুৱা 9 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Nov 8, 2020, 9:16 AM IST

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বিডেন

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ডেম'ক্ৰেটিক দলৰ প্ৰাৰ্থী জ' বিডেন ৷ শনিবাৰে পেনছিলভেনিয়াত জয়ী হোৱাৰ পাচতে চূড়ান্ত হ'ল বিডেনৰ জয় ৷

জ' আমি কৰি দেখুৱালো : কমলা হেৰিছ

"জ' আমি কৰি দেখুৱালো ৷ আপুনি যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ'বলৈ গৈ আছে ৷" জ' বিডেন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাক লৈ এইবুলি কৈ যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে আনন্দ প্ৰকাশ কৰে ৷

মই সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি হ'ম : জ' বিডেন

"মোৰ বাবে ভোট কৰক বা নকৰক মই নিজকে সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি বুলি ভাবিম ৷" সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ এই মন্তব্য জ' বিডেনৰ ৷ সংযুক্ত ৰাষ্ট্ৰক নেতৃত্ব দিবলৈ নিৰ্বাচন কৰাৰ বাবে ৰাষ্ট্ৰবাসীক ধন্যবাদ জ্ঞাপন বিডেনৰ ৷

৯ নৱেম্বৰত অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা সন্দৰ্ভত গ্ৰহণ কৰা হ'ব শুনানি

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক আৰক্ষীৰ জিম্মাৰ সলনি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে দণ্ডাধীশৰ নিৰ্দেশৰ ওপৰত আৰক্ষীৰ সংশোধনী আবেদনৰ শুনানি অহা ৯ নৱেম্বৰত মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ আলিবাগ সত্ৰ ন্যায়ালয়ে প্ৰদান কৰিব।

মিছিগানৰ হাউচ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত কৰ্ণাটকৰ ব্যক্তি

মিছিগানৰ হাউচ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত হৈছে কৰ্ণাটকৰ বেলাগাভীৰ শ্ৰীনিবাস থানেদাৰ। প্ৰায় ৬ গৰাকী প্ৰতিদ্বন্দীক পৰাজিত কৰি ৯০% শতাংশ ভোটত জয়লাভ কৰি হাউছ অফ ৰিপ্ৰেজেনটেটিভছলৈ নিৰ্বাচিত হৈছে শ্ৰীনিবাস।

মৃত্যুৰ ওচৰত হাৰ মানিলে উজ্জেনৰ এচিড আক্ৰমণৰ ভুক্তভোগী মহিলাই

মধ্যপ্ৰদেশৰ উজ্জেনত এচিড আক্ৰমণৰ বলি হোৱা এগৰাকী মহিলাই মৃত্যুৰে যুঁজি যুঁজি শনিবাৰে মৃত্যুৰ ওচৰত হাৰ মানে ৷ এই ঘটনাৰ অভিযুক্ত আৰু এচিড বিক্ৰি কৰা দোকানী দুয়ো বৰ্তমান জেলত আছে ৷ আৰক্ষীয়ে এতিয়া অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে ৷

ওদালগুৰিত চিনেমাৰ কায়দাৰে ধন লুট দুৰ্বৃত্তৰ

ওদালগুৰিত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড ৷ চিনেমা কায়দাৰে ৰাজপথতে অনলাইন শ্বপিঙৰ ডেলিভাৰী ব'য়ৰ পৰা ধন লুট কৰিলে অচিনাক্ত দুৰ্বৃত্তই ৷ লগতে লুটি নিলে কিছু ডেলীভাৰী সামগ্ৰী ৷ এই ঘটনাক লৈ সমগ্ৰ ওদালগুৰি জিলাতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

বৰপেটা মেডিকেল কলেজ হাস্পাতালত ধন আত্মসাৎৰ ঘটনাঃএজনক গ্ৰেপ্তাৰ

চৰকাৰী ধন আত্মসাতৰ অভিযোগত বৰপেটা মেডিকেল কলেজ হাস্পাতালৰ এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ হাস্পাতালৰ কেচ কাউন্টাৰত সংগৃহীত ধন জমা দিয়াৰ পৰিৱৰ্তে ১৪ লাখ টকাৰ কোনো হিচাপ নোহোৱাকৈ আত্মসাৎ কৰিছিল ৷

মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে সৰৱ প্ৰাক্তন সাংসদ সানচুমা খুংগুৰ বিছমুথিয়াৰী

UPPL ৰ নেতা প্ৰমোদ বড়ো দালাল ৷ দালাল ৰূপী লোকক নেতা বনাই চৰকাৰে বিটিচিক ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন সাংসদ সানচুমা খুংগুৰ বিছমুথিয়াৰীয়ে ।

৯ নৱেম্বৰত পূৰ্ণ হ'ব কলাক্ষেত্ৰৰ 23 বছৰ

অহা ৯ নৱেম্বৰত ২৩ টা বছৰ সম্পূৰ্ণ কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই। উক্ত দিনা দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব প্ৰতিষ্ঠা দিৱস। শনিবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে কলাক্ষেত্ৰৰ অধ্যক্ষা আঙুৰলতা ডেকাই।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.