ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি - সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 7PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 26, 2021, 7:09 PM IST

বিধায়ক ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ নতুন সভাপতি

বিজেপিৰ কেন্দ্ৰীয় সভাপতি জেপি নাড্ডাই ৰাজ্যিক বিজেপিৰ নতুন সভাপতি হিচাপে ভৱেশ কলিতাক দায়িত্ব দিয়ে । ২০১৬ চনত সৰ্বানন্দ সোণোৱাল কেবিনেটৰ ৰাজ্যিক জলসিঞ্চন মন্ত্ৰী আছিল ভৱেশ কলিতা ।

মৰাণৰ টীকাকৰণ কেন্দ্ৰত ক'ভিড প্ৰট'কল উলংঘন

ক'ভিড-১৯ ৰ ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ আহি যেন নিজৰ ভৰিতে নিজে কুঠাৰ মাৰিছে একাংশ লোকে । মৰাণৰ টীকাকৰণ কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ লোকৰ ভীৰ । ক'ভিড প্ৰট'কল উলংঘন কৰি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ হেতা-ওপৰা লগালে একাংশ লোকে ।

সততাৰ সন্মান: বৰছিং বে’ক আৰক্ষী কনিষ্টবল পদত নিযুক্তি

গৃহৰক্ষী জোৱান বৰছিং বে'ক হোমগাৰ্ডৰ পৰা কনিষ্টবল পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে অসম সচিবালয়ৰ প্ৰাংগণত বৰছিং বে'ক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰছিং বে'ৰ আদৰ্শ, নিষ্ঠা, সততাৰ বিষয়ে প্ৰশংসা কৰি এনে কাৰ্য আনৰ বাবে অনুপ্ৰেৰণাৰ কাৰক বুলি উল্লেখ কৰে ।

চেলেংহাটৰ স্ব-গৃহত উপস্থিত অখিল গগৈ(AKHIL GOGOI)

সুদীৰ্ঘ ডেৰ বছৰৰ পিছত পুত্ৰক কাষত পাইছে মাতৃয়ে । কিমান বাৰ যে, পুত্ৰক মুকলি কৰি দিবলৈ আহ্বান জনাইছিল তাৰ হিচাপ নাই । অৱশেষত ক্ষন্তেক সময়ৰ বাবে হ'লেও মনৰ আশা পূৰণ হ'ল অখিল গগৈ(AKHIL GOGOI)ৰ মাতৃ প্ৰিয়দা গগৈৰ । শনিবাৰে মাতৃৰ কাষত উপস্থিত হ'ল অখিল গগৈ ।

কেনেদৰে চলিছে সোণোৱালৰ সপোনৰ মিনি সচিবালয়ৰ নিৰ্মাণৰ কাম ?

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal) তেওঁৰ কাৰ্যকালতে মাজুলীত সকলো বিভাগ (department)ক সামৰি এটা মিনি সচিবালয় নিৰ্মাণৰ সপোন দেখিছিল ৷ তেতিয়াই সচিবালয় নিৰ্মাণৰ বাবে 50 কোটি টকাৰ আৱণ্টন দিছিল । মাজুলীৰ গড়মুৰত এই সচিবালয় বনোৱাৰ স্থান নিৰ্ধাৰণ কৰি কাম আৰম্ভ কৰা হৈছিল ।

বোকাখাতত সম্পূৰ্ণ কণ্টেইনমেন জ'ন ঘোষণা

বোকাখাত মহকুমাত শুকুৰবাৰলৈ 47,913 গৰাকীৰ ক’ভিড (Covid 19) পৰীক্ষা কৰা হৈছে ৷ ইয়াৰে 2,882 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ (Covid Positive) ৷ শুকুৰবাৰে মহকুমাটোৰ পুনৰ ৬৬ গৰাকী লোকৰ দেহত ক’ভিড (Covid 19)ৰ অৱস্থিত ধৰা পৰাৰ পাছতে প্ৰশাসন তৎপৰ হৈ পৰে আৰু সম্পূৰ্ণ কন্টেইনমেন্ট জ'ন (FULL CONTENTMENT ZONE) ঘোষণা কৰাৰ সিদ্ধান্ত লয় ৷

সকলো চৰকাৰী কৰ্মচাৰীক ক'ভিড প্ৰতিষেধক প্ৰদানৰ দাবী কৰ্মচাৰী পৰিষদৰ

চৰকাৰে প্ৰতিষেধক প্ৰদানত গুৰুত্ব দিছে যদিও বহু ঠাইত প্ৰতিষেধকৰ নাটনিৰ বাবে প্ৰতিষেধক গ্ৰহণত অসুবিধাত পৰিছে ৰাইজ । ইফালে দৰমহা কৰ্তনৰ নিৰ্দেশ আনফালে প্ৰতিষেধকৰ নাটনি, এতিয়া সমস্যাত পৰিছে চৰকাৰী কৰ্মচাৰীসকল । নলবাৰী জিলা কৰ্মচাৰী পৰিষদে নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনক জিলাখনৰ সকলো চৰকাৰী কৰ্মচাৰীকে টীকাকৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

মোবাইল নেটৱৰ্ক বিচাৰি ৰাজপথত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

মোবাইল নেটৱৰ্কৰ ওপৰতে এতিয়া নিৰ্ভৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ৷ ডিজিটেল যুগত এতিয়া মোবাইল নেটৱৰ্ক এতিয়া ছাত্ৰ-ছাত্ৰীৰ একমাত্ৰ ভৰসা ৷ ডিজিটেল ইণ্ডিয়াৰ দিনত ছাত্ৰ-ছাত্ৰীয়ে পথাৰত বহি দিবলগীয়া হৈছে পৰীক্ষা ৷ BSNL ৰ অকৰ্মণ্যতা ! সুযোগ সন্ধানী একাংশ ব্যক্তিগত কোম্পানীয়ে এতিয়া চলাইছে লুণ্ঠন ৷

কাৰ্বি আংলঙৰ ৰাজপথত স্পীড ৰাডাৰ গান

ঘাইপথত যান-বাহনসমূহৰ অনিয়ন্ত্ৰিত গতিৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ থকাৰ সময়তে ঘাইপথত যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কাৰ্বি আংলং জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা স্পীড ৰাডাৰ গান নামৰ এক নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে । সেই অনুসৰি বিভাগটোৱে উক্ত প্ৰযুক্তিৰ জৰিয়তে মাত্ৰাধিক বেগত যোৱা বাহনসমূহ চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব ।

যোৰহাটত বিদ্যুৎ চুৰিৰ অভিনৱ কৌশল

যোৰহাটৰ হাতীগড়ৰ ৰাজলক্ষ্মী এগ্ৰ’ লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ বাবে লৈছিল এক অভিনৱ পদ্ধতি । বিদ্যুৎ মিটাৰৰ চাৰ্কিটত আন এক চাৰ্কিট যোগ দি বহুদিন ধৰি হ্ৰাস কৰি আহিছিল বিদ্যুতৰ মাচুল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.