চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ
নিয়া(NIA)ৰ বিশেষ আদালতত হোৱা আজিৰ শুনানিত অখিল গগৈৰ লগতে জগজিৎ গোহাঁই আৰু ভূপেন গগৈক দোষমুক্ত কৰিলে আদালতে। চাবুৱাৰ গোচৰৰ পৰা অখিল গগৈ মুক্ত হলেও ন্যায়িক জিন্মাতেই থাকিব লাগিব। চানমাৰি থানাৰ নিয়াৰ গোচৰটোত এতিয়াও জামিন পোৱা নাই অখিল গগৈয়ে। দুই-এদিনতে এই গোচৰৰ শুনানি হ'ব।
গাঞ্জা বেপাৰীৰ ৰূপত মন্দিৰৰ পূজাৰী !
ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ নিচা জাতীয় সামগ্ৰীৰ বিৰোধী অভিযান ৷ শেহতীয়াকৈ আৰক্ষীৰ অভিযানত ৰাজ্যৰ প্ৰতিখন জিলাৰে বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে ড্ৰাগছ, গাঞ্জা, অবৈধ সুৰাকে ধৰি কৰি বিভিন্ন নিচা জাতীয় সামগ্ৰী ৷ ইয়াৰ মাজতে সোমবাৰে নিশা ধিঙৰ এটা মন্দিৰৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা ৷ গাঞ্জা ব্যৱসায়ত জড়িত হৈছে মন্দিৰৰ পুজাৰী ৷
কৰ'ণাত বিধ্বস্ত সৰ্থেবাৰীৰ কাঁহ শিল্প
ক'ভিড ১৯(Covid-19) ৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰা জটিল পৰিস্থিতিত জুৰুলা অসমৰ ক্ষুদ্ৰ উদ্যোগ। চৰকাৰে জাৰি কৰা আংশিক ল'ক ডাউনে কৰ'ণা সংক্ৰমণ হ্ৰাস কৰিছে যদিও আৰ্থিকভাৱে কোঙা কৰিছে বহু পৰিয়ালক । বিগত বছৰৰ পৰা কৰ'ণা সংক্ৰমণ ৰুধিবলৈ চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাৰ ফলত লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগ সমূহ। বহু উদ্যোগৰ লগতে অসমীয়া লোক-সংস্কৃতিৰ পৰিচয় বহন কৰা কাঁহ শিল্পলৈয়ো কৰ'ণাই নমাই আনিছে অশনি সংকেত ৷
কৰ্তব্যত দেখুওৱা সততাৰ বাবে গৃহৰক্ষী জোৱানক ১ লাখৰ পুৰস্কাৰ DGPৰ
কাৰ্বি আংলঙৰ ডিলাইত কৰ্তব্যৰত গৃহৰক্ষী জোৱান বৰচিং বে'ৰ সততাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানে ১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিলে । গৃহৰক্ষী জোৱানজনৰ সততাৰ বাবে প্ৰায় ১২ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী ।
গণ প্ৰহাৰত যুৱকৰ মৃত্যু: উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মানিক সৰকাৰৰ
ত্ৰিপুৰাৰ খোৱাই জিলাত 20 জুন তাৰিখে গণ প্ৰহাৰ(Mob lynching) ত তিনি যুৱকৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ(Manik Sarkar) ৰ ৷ গৰু চুৰিৰ সন্দেহত উত্তেজিত জনতাৰ প্ৰহাৰত তিনি যুৱকৰ মৃত্যুৰ ঘটনাই দেশ জুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ ৷
একনায়কত্ববাদ আৰু ফেচিবাদৰ পৰা ৰাইজ সাৱধান হওক: অখিল গগৈ
নিয়া'(NIA)ৰ আদালতে আজি অখিল গগৈক চাবুৱা থানাৰ নিয়াই লোৱা গোচৰটোৰ পৰা দোষমুক্ত কৰে । ইফালে আদালত চৌহদত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই বিধায়ক অখিল গগৈৰ এখন পত্র সংবাদ মাধ্যমৰ আগত পাঠ কৰে।
প্লাষ্টিকৰ নাও লৈ লুইতৰ বুকুত দু:সাহসিক যাত্ৰা বুমনিৰ
১৬০০ পেলনীয়া প্লাষ্টিকৰ বটলেৰে এখন সৰু নাও সাজি উলিয়াই সেই নাওখন লৈ ফেনে ফুটুকাৰে বাঢ়ি অহা মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি দু:সাহসিক যাত্ৰা কৰিছে এজন যুৱকে ৷ ব্ৰহ্মপুত্ৰৰ বুকুত প্লাষ্টিক নিক্ষেপৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে এই যাত্ৰা যুৱকজনৰ ৷
ঘৰ মাটি ভেটি হেৰুৱাই দিশহাৰা মাজুলীৰ 12 হাজাৰ পৰিয়াল
মাজুলীত ব্ৰহ্মপুত্ৰ (Brahmaputra River)ৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ ইতিমধ্যে নদীখনৰ খহনীয়াত হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লগতে ঘৰ মাটি ভেটি নদী খনত বিলীন হৈ গৈছে ৷ ফলত বহু পৰিয়ালে মঠাউৰিৰ ওপৰতে দূর্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷
উন্নয়নত হেঙাৰ হোৱা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব ত্ৰিপুৰা বিজেপি
টিটিএএডিচি(TTAADC) অঞ্চলত চৰকাৰৰ পৃষ্ঠপোষকতাত উন্নয়ন আৰু কল্যাণমূলক কাৰ্যসূচীত বাধা সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে ত্ৰিপুৰা বিজেপিয়ে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে জোৰ দিছে । সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে এই ঘোষণা কৰে ।
দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ত্ৰিপুৰাত বিকল্প পদ্ধতি গ্ৰহণ
ত্ৰিপুৰাত একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলে ভাগ্য নিৰ্ণয় কৰিব দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ । একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি চূড়ান্ত কৰা হ'ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা । শিক্ষা বিভাগৰ সিদ্ধান্তক লৈ অসন্তুষ্ট দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থী ।