ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jun 23, 2021, 9:04 AM IST

9 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
9 বজাৰ দহটা শীৰ্ষ বাতৰি

উচ্চতৰ মাধ্যমিকৰ মূল্যায়নক লৈ গঠিত উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক

কলা, বাণিজ্য, বিজ্ঞান আৰু কাৰিকৰী শাখাৰ মূল্যায়ন সুকীয়াকৈ কৰা হ'ব । চিবিএছই আৰু আন আন ৰাজ্যৰ মূল্যায়ন পদ্ধতিৰ দৰে অসমৰ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰতো হ'ব মূল্যায়ন । যোগ্যতাৰ ভিত্তিত ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে ।

মেগা(mega) ভেকচিনেচনক লৈ তৎপৰ প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰী

21 জুনৰ পৰা ৰাজ্যত আৰম্ভ হৈছে মেগা (mega) ভেকচিনেচন কাৰ্যসূচী ৷ এই কাৰ্যসূচী অনুসৰি প্ৰত্যেক দিনে প্ৰায় 2 লাখ 60 হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে ৷ এই উপলক্ষে অভিভাৱক মন্ত্ৰী হিচাপে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে মন্ত্ৰী ৰনজিৎ দাস, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অতুল বৰাই নিজ নিজ জিলাৰ ভেকচিনেশ্যন কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰে ৷

মাজুলীৰ ক’ভিড পৰিস্থিতি বুজ ল’লে মন্ত্ৰী বিমল বৰাই

মঙলবাৰে মাজুলীত উপস্থিত হয় বিদ্যুৎ বিভাগৰ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ৷ মাজুলীৰ কেইবাটাও ক’ভিড ভেকচিন প্ৰদান চেন্টাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ ক'ৰণা মহামাৰীৰ পৰিস্থিতি আৰু ভয়াভৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায় মন্ত্ৰী বিমল বৰাই । ইপিনে মন্ত্ৰীগৰাকীয়ে বিদ্যুৎ বিভাগৰ সৰ্ম্পকেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ কয়, আগৰ সময় ছোৱাত বিদ্যুতৰ ক্ষেত্ৰত যি সমস্যা আছিল সেইয়া আঁতৰ কৰাৰ চেষ্টা কৰা হৈছে ৷ লগতে মন্ত্ৰী বিমল বৰাই বিদ্যুৎ চুৰ কৰি ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায় সাধাৰণ জনতাক ।

ধুবুৰীত জৰাজীৰ্ণ আৰক্ষী চকী পৰিদৰ্শন আৰক্ষী অধীক্ষকৰ

অসম চুক্তিৰ আধাৰত বিদেশী সমস্যা সমাধানৰ উদ্দেশ্যে অসম পশ্চিমবংগ আৰু অসম বাংলাদেশ সীমান্তত স্থাপন কৰা হয় কেইবাখনো আৰক্ষী নিৰীক্ষণ চকী । উল্লেখযোগ্য যে, আৰক্ষী চকী স্থাপন কৰা হ'ল ঠিকেই কিন্তু দিয়া নহ’ল পৰ্যাপ্ত আৰক্ষীৰ নিযুক্তি । উক্ত আৰক্ষী চকীসমূহ আৰম্ভণিৰ পৰাই এজন বা দুজন আৰক্ষীয়ে চলাই আহিছে যদিও কেতিয়াবা এজনো আৰক্ষী নাথাকে আৰক্ষী চকী সমূহত ৷

কিমিনক অসমৰ অংশ হিচাপে দেখুওৱাক লৈ অৰুনাচল প্ৰদেশত ব্যাপক প্ৰতিক্ৰিয়া

অৰুণাচল প্ৰদেশত ১৭ টা পথ প্ৰকল্প উদ্বোধন কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুনাচল প্ৰদেশ ভ্ৰমণ কৰাৰ সময়ত বিআৰঅ'ই অৰুণাচল প্ৰদেশৰ কিমিনক অসমৰ অংশ হিচাপে দেখুওৱাকলৈ শেহতীয়াকৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

প্ৰধান মন্ত্ৰীক ধন্যবাদ জনাবলৈ দিয়া UGC ৰ আদেশক সমালোচনা NSUIৰ

বিশ্ববিদ্যালয় অনুদান আয়োগে(UGC) বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত বিনামূলীয়া টীকাকৰণৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী(NARENDRA MODI)ক ধন্যবাদ জনাই বেনাৰ লগাবলৈ নিৰ্দেশ দিয়াৰ পাচতে ইজিচি(UGC)ৰ বিৰুদ্ধে জাঙুৰ খাই উঠে NSUI ৷ মঙলবাৰে প্ৰধান মন্ত্ৰীৰ এনে কাৰ্য নিৰ্লজ্জ কাৰ্য" বুলি অভিহিত কৰে ছাত্ৰ সংগঠনটোৱে ৷

দেশৰ কেইবাখনো ৰাজ্যত ক’ভিড-19 ৰ ডেল্টা+ ৰ অৱস্থিতি

দেশত ক’ভিড-19 ৰ ডেল্টা+ প্ৰকাৰৰ অৱস্থিতি পোৱা গৈছে ৷ মহাৰাষ্ট্ৰ, কেৰালা, মধ্য প্ৰদেশ আদিত পোৱা গৈছে এই প্ৰকাৰৰ অৱস্থিতি ৷

দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাক লৈ প্ৰত্যাহ্বান জনোৱা সকলো আবেদন নাকচ

দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাক লৈ প্ৰত্যাহ্বান জনোৱা সকলো আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে ৷ তদুপৰি বিগত বছৰবোৰত আভ্যন্তৰীণ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলক মূল্যাংকন কৰিবলৈ ICSE আৰু CBSE দ্বাৰা আহৰণ কৰা প্ৰণালীৰ ওপৰত বিশ্বাস নিশ্চিত কৰে ন্যায়ালয়ে ।

দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা: 'Well done India!'

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে (Ministry of Health and Family Welfare) প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত 38,24,408 টা কেন্দ্ৰৰ জৰিয়তে দেশত মুঠ 28,00,36,898 পালি ভেকছিন (Covid vaccine) প্ৰদান কৰা হৈছে ৷ প্ৰায় 1,01,25,143 গৰাকীয়ে স্বাস্থ্যকৰ্মী (Healthcare Workers)য়ে তেওঁলোকৰ প্ৰথম পালি আৰু 70,72,595 গৰাকীয়ে দ্বিতীয় পালি প্ৰদান কৰিছে ।

নম্বৰ প্লেট বিহীন বাহন সহ হোজাইত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

হোজাই জিলা লংকাত সোমবাৰে নিশা লংকা বন বিভাগৰ অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ । কাঠ কঢ়িয়াই অনা নম্বৰ প্লেট বিহীন মহিন্দ্ৰা মেক্স পিক আপ বাহনখনো জব্দ কৰিছে বন বিভাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.