ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 9 AM

9 বজাৰ দহটা শীৰ্ষ বাতৰি

9 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : May 30, 2021, 9:03 AM IST

ইটিভি ভাৰতৰ বাতৰি পিছতেই নগাঁৱৰ বিশেষ ক’ভিড কেয়াৰ কেন্দ্ৰত স্বাস্থ্য মন্ত্ৰী

মহাবিদ্যালয়ত স্থাপন কৰা অসমৰ একমাত্ৰ ক’ভিড কেয়াৰ কেন্দ্ৰটোৱেই হৈছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপিত ক’ভিড কেয়াৰ কেন্দ্ৰ । মহিলাৰ বাবে স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰটোত ২৪ ঘণ্টাই চিকিৎসক, স্বাস্থ্য কৰ্মীৰ এটা দলৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক, কৰ্মচাৰীয়েও সেৱা আগবঢ়ায় ক’ভিড আক্ৰান্ত সকলক । কেৱল সেৱা আগবঢ়োৱাই নহয় নৃত্য, গীতেৰে মুখৰিত হৈ থাকে এই বিশেষ ক’ভিড কেয়াৰ কেন্দ্ৰটো ।

তেজপুৰ শালনিবাৰী বিমানবন্দৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

তেজপুৰ শালনিবাৰী বিমানবন্দৰত অহা চাৰি মাহৰ ভিতৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ সম্ভাৱনা ৷ এই মন্তব্য কৰে বিমানবন্দৰখনৰ প্ৰাধিকাৰী আৰ এন সিঙে । অক্টোবৰ মাহত তেজপুৰলৈ নতুন ব্যক্তিগত প্ৰতিষ্ঠানৰ বিমান সংযোজন হোৱাৰ সম্ভাৱনা আছে বুলি জানিব দিয়ে প্ৰাধিকাৰী সিঙে ।

মৃত ব্যক্তি জীৱিত হৈ ঘৰলৈ ওভতি আহিল ক’ত ?

চলিত মাহৰ ৪ মে'ত তিনিচুকীয়া হাপজান অঞ্চলৰ পৰা সন্ধানহীন হৈছিল তৰুণ ভূমিজ নামৰ এজন চাহ জনজাতিৰ লোক । ঘটনা সংঘটিত হোৱাৰ পাছ দিনাই তৰুণ ভূমিজৰ ঘৰৰ কিছু দূৰত এটি মৃতদেহ উদ্ধাৰ হয় ৷ তাৰ পিছতে মৃতদেহটো তৰুণ ভূমিজৰ হয় বুলি তৰুণ ভূমিজৰ ভাতৃ কালিচৰন ভূমিজ আৰু পৰিয়াল বৰ্গই চিনাক্ত কৰিছিল । মৃতদেহটি তৰুণ ভূমিজৰ বুলি পৰিয়ালৰ লোকে শেষ কৃতসম্পন্ন কৰি তিলনীও সম্পন্ন কৰিছিল ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাৰ পালে অসম আৰক্ষী

বৰ্তমান সময়ত জামিনত মুক্ত হোৱা বহু মাফিয়াই পুনৰ গঢ়িছে ড্ৰাগছৰ বিশাল সাম্ৰাজ্য। সময়মতে অভিযোগনামা দাখিল কৰিব নোৱাৰা বাবে জামিনত মুক্ত হয় ড্ৰাগছ মাফিয়া । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে সক্ৰিয় হৈ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। ফৰেনছিক বিজ্ঞানাগাৰত বিশেষজ্ঞৰ অভাৱতে নাৰ্কটিক সম্পৰ্কীয় গোচৰৰ ফাইলে দ'ম বান্ধিছে।

৭ জুনৰ পৰা সান্ধ্য আইন শিঠিল হোৱাৰ ইংগিত মুখ্যমন্ত্রীৰ

শুকুৰবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সংবাদমেলত ৰাজ্যত অব্যাহত সান্ধ্য আইন অহা 7 জুনৰ পৰা কিছু শিঠিল হোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লোক নিৰ্মাণ বিভাগৰ প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চৌহদত নিৰ্মাণৰত ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, শিলচৰ মেডিকেল কলেজ হাস্পতালত নির্মীয়মান ৫০০ খন বিছনাযুক্ত জৰুৰীকালীন চিকিৎসালয়, গুৱাহাটীৰ অসম কনভেনশ্যন চেণ্টাৰ আৰু ৰাজ্যিক অতিথিশালা, নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণকাৰ্য চলি থকা নতুন চিকিৎসা মহাবিদ্যালয়সমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় ৷

'মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনি'ৰ শুভাৰম্ভ

ক'ভিডৰ বাবে অনাথ তথা নিৰাশ্ৰয় হৈ পৰা শিশুৰ বাবে অসম চৰকাৰৰ 'মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনি' ৷ ক'ভিডত পিতৃ-মাতৃ নাইবা ঘৰৰ উপাৰ্জনকাৰী মুৰব্বীজনৰ মৃত্যু হোৱা পৰিয়ালৰ শিশুৱে মাহে লাভ কৰিব ৩,৫০০ টকা ৷

শীঘ্ৰেই মুকলি হ’ব নামৰূপৰ ১০০ মেগাৱাটৰ তাপ বিদ্যুৎ কেন্দ্ৰ

দুমাহৰ ভিতৰত শুভাৰম্ভ কৰা হ’ব নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ১০০ মেগাৱাট ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্ট ৷ ২০১৯ বৰ্ষত অনুষ্ঠিত হোৱা এপিডিচিএলৰ লিখিত পৰীক্ষাৰ ফলাফল তিনিমাহৰ ভিৰৰত ঘোষণা কৰিব বুলিও প্ৰকাশ কৰে বিমল বৰাই ৷

ড্ৰাগছৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান অব্যাহত

নিচাযুক্ত সামগ্ৰীৰ সেৱন আৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে শিৱসাগৰ আৰক্ষী । বিশেষকৈ বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে জিলাখনৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিনৰ পৰা আৰক্ষীয়ে অভিযান চলাই শনিবাৰে পুৱা ৫৮টা কন্টেইনাৰত প্ৰায় ১৫০ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰাৰ লগতে দুজনক গ্ৰেপ্তাৰ কৰিছে ।

ক'ভিড প্ৰট'কলৰ ক্ষেত্ৰত কঠোৰ হ'ব যোৰহাট জিলা প্ৰশাসন

ক'ভিড প্ৰট'কল পালনৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব যোৰহাট জিলা প্ৰশাসনে ৷ শনিবাৰে সাংবাদিকক সম্বোধন কৰি এই কথা প্ৰকাশ কৰিলে যোৰহাট জিলাৰ উপ-আৰক্ষী অধীক্ষক বিভাস দাসে ৷ উল্লেখ্য যে, কাৰ্ফিউ চলি থকা সময়তো যোৰহাট জিলাৰ বিভিন্ন প্ৰান্ত একাংশ লোকে কাৰ্ফিউ ভংগ কৰি ঘূৰি ফুৰা দেখা গৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.