ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 9 AM

9 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 9 AM
9 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : May 17, 2021, 9:01 AM IST

ৰাজ্য প্ৰশাসনত বৃহৎ ৰদ-বদল: সলনি হ'ল বহু জিলাৰ উপায়ুক্ত

ৰাজ্যৰ প্ৰায় ডেৰকুৰি আৰক্ষী অধীক্ষকক সালসলনি ঘটোৱাৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ঘটাইছে দ্বিতীয়টো বৃহৎ ৰদ-বদল । দেওবাৰে এক নিৰ্দেশযোগে সালসলনি ঘটোৱা হৈছে বহু কেইখন জিলাৰ উপায়ুক্ত ।

বামুণী পাহাৰ কাণ্ড সন্দৰ্ভত ছুইজাৰলেণ্ডৰ পৰিৱেশকৰ্মীৰ প্ৰতিক্ৰিয়া

বামুণী পাহাৰত হোৱা হাতীৰ মৃত্যু সন্দৰ্ভত ছুইজাৰলেণ্ডৰ বিশিষ্ট পৰিৱেশকৰ্মী ব্ৰীগিট উট্টাৰ কৰ্নেটজ্কীৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্য়ৰ হাতী-মানুহৰ সংঘাতক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি আছে পৰিৱেশকৰ্মীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীলৈ পত্ৰযোগে কি পৰামৰ্শ দিলে ৰিপুণ বৰাই

কণ্টেইনমেণ্ট জ’নত থকা লোকসকলৰ বাবে বিনামূলীয়া খাদ্যৰ ব্যৱস্থা কৰক । ব্যক্তিগত চিকিৎসালয়সমূহতো বিনামূলীয়াভাৱে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাৰ আহ্বান । ৯ টা পৰামৰ্শৰে মুখ্যমন্ত্ৰীলৈ ৰিপুণ বৰাৰ পত্ৰ ৷

আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ দেৱজিত গগৈৰ অকাল বিয়োগ

প্ৰাক্তন মিষ্টাৰ অসম তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ, প্ৰশিক্ষক দেৱজিত গগৈৰ দেহাৱসান ৷ ক'ভিডত আক্ৰান্ত হৈ দেওবাৰে সন্ধিয়া গুড হেলথ হাস্পতালত প্ৰশিক্ষক দেৱজিত গগৈৰ মৃত্যু ঘটে ৷ বিশিষ্ট শৰীৰ চৰ্চাবিদ গৰাকীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে ।

শীঘ্ৰে আৰম্ভ হ’ব অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কাম

দিছপুৰত শাসনত বহিয়েই বিজেপি নেতৃত্বাধীন চৰকাৰখনে অতি গুৰুত্ব সহকাৰে লৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম তৰান্বিত কৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সমষ্টি পুণৰ নিৰ্দ্ধাৰণ আয়োগক জনাইছে অনুৰোধ ৷

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলিৰ পিছতেই আবেগিক ধুবুৰীবাসী

এগৰাকী আৰক্ষী অধীক্ষকৰ আৱাসগৃহৰ সন্মুখত প্লেকাৰ্ড লৈ শ্ল’গান দিছে একাংশ নৱ প্ৰজন্মই । জানিলে আপোনিও ভাবিবলৈ বাধ্য হ’ব কিমান জনপ্ৰিয় হ’লে এগৰাকী আৰক্ষী অধীক্ষকৰ বদলি কৰণে বিৰোধীতা কৰি এনেদৰে প্ৰতিবাদ কৰে শুভাকাংক্ষীয়ে ৷

মৰাণত দেওবাৰে পুনৰ ৬৯ গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত

মৰাণত দেওবাৰে পুনৰ ৬৯ গৰাকী লোকৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰে ৷ আক্ৰান্ত ব্যক্তিসকলৰ ভিতৰত ৫৮ গৰাকী খোৱাং স্বাস্থ্য কেন্দ্ৰৰ, ৩ গৰাকী চৰাইদেউ জিলাৰ, ২ গৰাকী নাহৰণি ব্লক আৰু ২ গৰাকী ডিব্ৰুগড়ৰ নিবাসী বুলি জানিব পৰা গৈছে ৷

মাৰ্ঘেৰিটাত কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন

ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনাক লৈ কঠোৰ হৈ পৰিছে মাৰ্ঘেৰিটাৰ আৰক্ষী প্ৰশাসন ৷ নিয়ম অমান্য কৰা ব্যক্তিসকলক লাঠীচালনা কৰা পৰিলক্ষিত হয় ৷

শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙক বদলি

অসমৰ উপায়ুক্তসকলৰ ব্যাপক সাল-সলনি । ক’ভিড পৰিস্থিতিৰ মাজতে অসম চৰকাৰে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাতো কৰিছে কিছু ৰদ-বদল ৷

এনএলএফটিৰ সহযোগীৰ মুক্তিৰ দাবীৰে ত্ৰিপুৰাত থানা লণ্ড-ভণ্ড

শিল, ইটা নিক্ষেপ কৰি ত্ৰিপুৰাৰ গংগানগৰ থানাত আক্ৰমণ উন্মত্ত জনতাৰ ৷ এনএলএফটিৰে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি যুৱকক মুকলি কৰাৰ দাবীৰে আৰক্ষী আৰু থানা আক্ৰমণ স্থানীয় লোকৰ ৷ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰায় পাঁচ গৰাকী আৰক্ষী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.