ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Apr 28, 2021, 9:06 AM IST

9 বজাৰ দহটা শীৰ্ষ বাতৰি

9 বজাৰ দহটা শীৰ্ষ বাতৰি
9 বজাৰ দহটা শীৰ্ষ বাতৰি

তিনিটাকৈ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য

ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি ৷ পুৱা 7 বাজি 50 মিনিট 25 ছেকেণ্ডত অনুভূত হয় প্ৰথমটো জোকাৰণি ৷ প্ৰায় 30 ছেকেণ্ড সময় ধৰি এই জোকাৰণি ৷

১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য

নগাঁও জিলাৰ ৰহাত সংঘটিত চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডই এতিয়া কপাইছে সমগ্ৰ ৰাজ্য ৷ এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো এজন লোক দোষী সাব্যস্ত হোৱা নাই ৷ চুমিলা ৰংহাংপীৰ হত্যাৰ ন্যায় বিচাৰি আজি নগাঁৱতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে 7 টাকৈ দল-সংগঠনে ৷

পাঠশালাৰ ৰাজপথত দাওদাওকৈ জ্বলিল মালবাহী ট্ৰাক

মঙলবাৰে নিশা প্ৰায় 10.15 বজাত পাঠশালাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা হাবি ৰেষ্টুৰেণ্টৰ সম্মুখত দাওদাওকৈ জ্বলি উঠে এখন মালবাহী ট্ৰাক ৷ এই অগ্নিকাণ্ডৰ ফলত ট্ৰাকখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ অৱশ্যে বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ ৷ ইফালে অগ্নিকাণ্ডটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ।

নিশা 8 বজাৰ লগে লগে বৰাকতো বলৱৎ সান্ধ্য আইন

কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে 1 মে'লৈ জাৰি কৰিছে সান্ধ্য আইন ৷ সন্ধিয়া 8 বজাৰ লগে লগে বন্ধ হৈ পৰিল বৰাকৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷

ৰূপহীহাট আৰক্ষীৰ জালত আইপিএলৰ জুৱাৰী

আইপিএলৰ জুৱা খেলাত ব্যস্ত এতিয়া ৰাজ্যৰ একাংশ লোক ৷ মঙলবাৰে ৰূপহীহাট আৰক্ষীৰ গোপন অভিযান ৷ আটক কৰা হ'ল ৩৬ হাজাৰ টকা সহ দুজনকৈ জুৱাৰীক ৷

দৰঙত মঙলবাৰে ৬৭ গৰাকী ক'ভিড-19 ত আক্ৰান্ত

দৰঙত মঙলবাৰৰ দিনটোত 67 গৰাকীকৈ ব্যক্তি ক'ভিড-19 ত আক্ৰান্ত বুলি চিনাক্ত ৷ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা 628 জনলৈ বৃদ্ধি ৷ জিলাখনত অক্সিজেনৰ অভাৱ নহয় বুলি মন্তব্য দৰং জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ ৷

আৰক্ষীৰ জালত ৰঙাপৰাত ডাইনী কাণ্ডৰ লগত জড়িত পাঁচ অভিযুক্ত

আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত আটক কৰা অভিযুক্ত কেইটা হৈছে, লেৱেন্দ্ৰ মুছাহাৰী, সুমেশ্বৰ বসুমতাৰী, লিটন বসুমতাৰী, বিস্তু বসুমতাৰী আৰু খৰমদাও মুছাহাৰী । এতিয়া প্ৰশ্ন হয়, আৰু কিমান দিনলৈ এনে ধৰণৰ অমানৱীয়, জঘন্য, কু-সংস্কাৰ আৰু অন্ধবিশ্বাসজনিত ঘটনা সংঘটিত হৈ থাকিব ৰাজ্যখনত ৷

ভাইৰেল ভিডিঅ': কেমেৰাৰ সন্মুখতে নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল যুৱতীক

বাক্সাত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা ৷ ৰাজহুৱা বিচাৰ সভাত কেমেৰা সন্মুখতে একাংশ যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে এগৰাকী যুৱতীক ৷

ৰঙিয়াত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

মঙলবাৰে সন্ধিয়া ৰঙিয়াৰ দক্ষিণ শিঙৰীয়াৰ এটি সন্তানৰ মাতৃ ৰিমা দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷ নিজ কোঠাত চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পাচতে স্বামীৰ পৰিয়াললৈ সন্দেহৰ আঙুলি টোৱাইছে ৰিমাৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে ৷

টিপ্ৰা মথাৰ বিপক্ষে ক্ষমতাৰ অপপ্ৰয়োগৰ অভিযোগ

বিজেপিৰ নিৰ্বাচিত সদস্যক কাৰ্যালয় ত্যাগ কৰিবলৈ বাধ্য কৰালে টিপ্ৰাৰ সমৰ্থকে ৷ মুংগিয়াকামি খণ্ড কাৰ্যালয় ঘেৰাও কৰি নিৰ্বাচিত উপাধ্যক্ষ আৰু অধ্যক্ষক বলপূৰ্বকভাৱে ৰাজহুৱাকৈ কাৰ্যালয় এৰিবলৈ হেঁচা প্ৰয়োগ টিপ্ৰাৰ সমৰ্থকৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.