ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি... - TOP 10 AT 9 AM

9 বজাৰ দহটা শীৰ্ষ বাতৰি...

9 বজাৰ দহটা শীৰ্ষ বাতৰি
9 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 22, 2021, 9:01 AM IST

1. কৰ'ণাৰ দ্বিতীয় লহৰত দৰঙৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

বুধবাৰে ক'ৰণাৰ দ্বিতীয়টো লহৰত দৰঙৰ প্ৰথম গৰাকী আক্ৰান্তৰ মৃত্যু হয় ৷ পানবাৰীৰ আব্দুল মজিদ নামৰ লোকজনে মঙলদৈ হাস্পতাললৈ লৈ আহি থকাৰ সময়তে আদবাটতে মৃত্যুক আঁকোৱালি লয় ৷

2.কণ্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ

জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে বহু আধুনিক গীত উপহাৰ দিয়া কণ্ঠশিল্পী ভিতালী দাস আৰু নাই ৷ ক’ভিডত আক্ৰান্ত হৈ যোৱা 14 এপ্ৰিলত কালাপাহাৰৰ চিকিৎসালয়ত ভৰ্তি হৈছিল কণ্ঠশিল্পী গৰাকী ৷ কণ্ঠশিল্পী গৰাকীৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ পাছতেই শুভাকাংক্ষীকে ধৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ সকলোৱে তেখেতৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছিল ভগৱানক ৷ কিন্তু নিয়তিৰ কি পৰিহাস, অৱশেষত সকলোকে কন্দুৱাই চিৰদিনলৈ চকু মুদিলে কণ্ঠশিল্পী ভিতালী দাসে ৷ বুধবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ৷

3. নাৰায়ণপুৰত ক'ভিড ভেকচিন প্ৰদানত অনিয়মৰ অভিযোগ

ৰাজ্য চৰকাৰে ক'ৰণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কোনো কোনো ঠাইত ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কোনো কোনো ঠাইত ভেকচিন প্ৰদানত ব্যাপক অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ বুধবাৰে নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু ধলপুৰ খণ্ড প্ৰাথমিক ও সামূহিক চিকিৎসালয়কে ধৰি বিভিন্ন ঠাইত ভেকচিন প্ৰদানক লৈ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

4.ৰেল-বিমানযাত্ৰীৰ বাবে সাত দিনৰ কোৱাৰেন্টাইন বাধ্য়তামূলক

ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য় বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ ৰেল আৰু বিমানযাত্ৰীৰ বাবে 7 দিনৰ 'হোম কোৱাৰেন্টাইন' বাধ্যতামূলক ৷

5.গুজৰাটত অক্সিজেনৰ অভাৱত ১০ গৰাকী ৰোগীৰ মৃত্যু

বুধবাৰে গুজৰাটৰ দুখন হাস্পতালত অক্সিজেন শেষ হোৱাৰ ফলত মৃত্যু হয় ১০ গৰাকীকৈ ৰোগীৰ । বনসাকান্থা জিলাৰ দুখনকৈ হাস্পতালত অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ লগে লগে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যখনতে ।

6. অপহৃতৰ পৰিয়ালৰ ঘৰত অএনজিচি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক

শিৱসাগৰস্থিত অ'এনজিচি কলনীত দুই অপহৃতৰ পত্নীক সাক্ষাৎ অ'এনজিচিৰ কাৰ্যবাহী সঞ্চালকৰ ৷ কোলাত চাৰিমহীয়া সন্তান লৈ স্বামীক সুস্থ শৰীৰে ঘুৰাই দিবলৈ অপহৰণকাৰীলৈ আহ্বান পত্নীৰ ৷

7. ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নাৰ্চ-স্বাস্থ্য কৰ্মীৰ দেহত কৰ’ণা

ধুবুৰীত বৃদ্ধি হৈছে ক’ভিড ৰোগীৰ সংখ্যা ৷ বুধবাৰ পৰ্যন্ত ধুবুৰীত ৬৭ জনলৈ বৃদ্ধি হৈছে কৰ’ণাক্ৰান্তৰ সংখ্যা ৷ আক্ৰান্ত হৈছে স্বাস্থ্য কৰ্মীও ৷

8. মিজোৰামত পুনৰ 90 গৰাকী ক'ভিডত আক্ৰান্ত

দেশৰ অন্য প্ৰান্তৰ লগতে মিজোৰামতো ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৷ মঙলবাৰৰ দিনটোত ৰাজ্যখনত 90 গৰাকী লোক ক'ভিডত আক্ৰান্ত হয় ৷ আক্ৰান্ত সকলৰ 29 গৰাকী বহিঃৰাজ্যৰ উভটি অহা ৷

9. কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল কৰ’ণাত আক্ৰান্ত

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি । টুইটযোগে মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে । টুইটৰ জৰিয়তে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক'ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনায় ৷

10. মৰিগাঁৱত ক’ভিড ভেকচিনৰ নাটনি

মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ ওচৰত নাই পৰ্যাপ্ত ক’ভিড ভেকচিন । মৰিগাঁও জিলাৰ অতিৰিক্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যুগল কলিতাই সদৰী কৰা অনুসৰি, মৰিগাঁৱত পৰ্যাপ্ত ভেকচিনৰ অভাৱত ক’ভিড টীকাকৰণ শিবিৰলৈ অহা ৰোগীক দিব পৰা নাই ক’ভিড ভেকচিন ৷ প্ৰাপ্ত তথ্য অনুসৰি, মৰিগাঁৱত প্ৰায় 4'5 লাখ ভেকচিনৰ প্ৰয়োজন ৷ যদিও মৰিগাঁও স্বাস্থ্য বিভাগৰ হাতত মজুত আছে কেৱল সাত হাজাৰ (প্ৰায়) ভেকচিন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.