ETV Bharat / state

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - undefined

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 15, 2021, 9:01 AM IST

23 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণ : প্ৰসংগ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান

ভোগালী বিহুৰ দিনটোতে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ প্ৰায় এক লাখ খিলঞ্জীয়া ভূমিহীন ভূমিপুত্ৰক মাটিৰ পট্টা প্ৰদান কৰা অনুষ্ঠান উদ্বোধন কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিব ৷

কোকৰাঝাৰত আটক কেএলঅ’ৰ লিংকমেন

কোকৰাঝাৰ জিলাৰ কালিপুখুৰীত সেনা আৰু আৰক্ষীয়ে বৃহস্পতিবাৰে সন্ধিয়া অভিযান চলাই অস্ত্ৰ-শস্ত্ৰসহ এজন যুৱকক আটক কৰে ৷ আৰক্ষীয়ে কেএলঅ’ৰ লিংকমেন বুলি সন্দেহ কৰা আটকাধীন যুৱকজনৰ পৰা এটা পিষ্টল, এটা মেগজিন আৰু ছয় জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছে ৷

পিএইছডি,এমএছচি,এমচিএ শিক্ষাৰ্থীক জেএনইউ চৌহদত প্ৰৱেশৰ অনুমতি

পিএইছডি, এমএছচি আৰু এমচিএৰ চতুৰ্থ বৰ্ষৰ শিক্ষাৰ্থীসকলক পুনৰ বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশৰ অনুমতি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ৷ 1 ফেব্ৰুৱাৰীৰ পৰা শিক্ষাৰ্থীসকলে প্ৰৱেশ কৰিব পাৰিব বিশ্ববিদ্যালয়ত ৷

বৰপেটাৰ ব্ৰুকলিন মিছন স্কুলৰ অধ্যক্ষৰ ঘৰৰ পৰা ছাত্ৰ সন্ধানহীন

শিশুটিৰ সন্ধানহীনতাক লৈ পৰিয়ালৰ লোকসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ শিশুটোক যিকোনো উপায়েৰে উদ্ধাৰ কৰিবৰ বাবে আৰক্ষীক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷

আজিৰে পৰা আৰম্ভ হ’ব নতুন সংসদ ভৱনৰ নিৰ্মাণ কাৰ্য

11 জানুৱাৰীত 14 জনীয়া ঐতিহ্য সংৰক্ষণ বিভাগৰ বিশেষ কমিটি খনে নতুন সংসদ ভৱনৰ নিৰ্মাণৰ বাবে অনুমোদন জনোৱাৰ পিছতে ভৱনটোৰ নিৰ্মাণৰ পথ প্ৰশস্ত হৈ পৰিল ৷

পৰম্পৰা ৰক্ষা কৰি বঢ়মপুৰত অনুষ্ঠিত হ’ল ম'হযুজঁ

পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ বঢ়মপুৰত অনুষ্ঠিত হ'ল ম'হযুজঁ । বঢ়মপু্ৰৰ গোমোঠা গাঁৱত পৰম্পৰা ৰক্ষা কৰি মাঘ বিহুৰ দিনটোতে গাঁৱৰ ৰাইজে উলহ-মালহেৰে উদযাপন কৰিলে ম’হযুঁজ ৷

উত্তৰ প্ৰদেশত কংগ্ৰেছ নেতাৰ ঘৰৰ বাথৰূমত কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

কংগ্ৰেছৰ জিলা সভাপতিৰ ঘৰৰ বাথৰূমত সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছে তেওঁৰ ঘৰতে কৰ্মৰত কৰ্মচাৰীৰ মৃতদেহ ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মুৰাদাবাদত ৷ ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লামডিঙত দপদপকৈ জ্বলি উঠিল ৰে’লৰ ডবা

লামডিঙত দপদপকৈ জ্বলি উঠিল এটা ৰে'লৰ ডবা ৷ ৰে'ল বিভাগৰ সংৰক্ষিত গুৰুত্বপূৰ্ণ এম জি ডবাত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিত অন্তৰ্ভূক্ত নহ'ল কেইবাগৰাকীও জ্যেষ্ঠ নেতা

বিজেপিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণত নাথাকিব কেইবাগৰাকীও জ্যেষ্ঠ নেতা । ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিত অন্তৰ্ভূক্ত কৰা নহ'ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীসহ দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাক ।

ডিব্ৰুগড়ৰ ৭৯ গৰাকী সাংবাদিকক মুখ্যমন্ত্ৰীৰ বিশেষ উপহাৰ

ডিব্ৰুগড়ৰ বিভিন্ন সংবাদ মাধ্যমৰ চৰকাৰী স্বীকৃতি প্ৰাপ্ত মুঠ ৭৯ গৰাকী সাংবাদিকক ইংৰাজী নৱবৰ্ষৰ ওলগ তথা ভোগালী বিহুৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীৰ বিশেষ উপহাৰ প্ৰদান । তথ্য় আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্য়োগত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে কেইবাজনো বিশিষ্ট ব্য়ক্তি ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.