ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 AT 7PM

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ
7 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Sep 9, 2021, 7:03 PM IST

1. নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !

বুধবাৰে সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ বুজ ল’বলৈ বৃহস্পতিবাৰে নিমাতীঘাটত উপস্থিত হয় উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে এই শোকাৱহ দুৰ্ঘটনাৰ বুজ লৈ ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষী চকীত এটা ফৌজদাৰী গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে, যোৰহাট-মাজুলীৰ মাজত এটা ইঞ্জিনযুক্ত ফেৰী চলাচল বৃহস্পতিবাৰৰ পৰা বন্ধ ঘোষণা কৰে ৷

2. মাজুলীত ছাত্ৰৰ প্ৰতিবাদ সম্পৰ্কে মন্ত্ৰী বিমল বৰাৰ মন্তব্য

নিমাতীঘাটৰ ঘটনাৰ পৰিণতিত বৃহস্পতিবাৰে মাজুলীৰ জিলা সদৰ গড়মূৰত প্ৰতিবাদত লিপ্ত হৈছিল আছু, মাজুলীৰ ৰাইজ আৰু মাজুলীৰ মহাবিদ্যালয় সমূহৰ ছাত্ৰ সমাজ ৷ এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা কৰে আৰক্ষীয়ে ৷ অৱশ্যে, প্ৰতিবাদকাৰী সকলৰ সৈতে মাটিত বহি আলোচনাত মিলিত হোৱা দেখা গ’ল মন্ত্ৰী বিমল বৰাক ৷

3. নিমাতীঘাট ট্ৰেজেডিৰ পুনৰাবৃত্তি ঘটিব পাৰে লখিমপুৰত !

সমগ্র ৰাজ্যকে কঁপাই যোৱা নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পুনৰাবৃত্তি ঘটিব পাৰে লখিমপুৰতো । ইতিমধ্যে এনে সংশয়ে গা কৰি উঠিছে জিলাখনত ।

4. নিমাতীঘাটৰ ট্ৰেজেডি : সহযাত্ৰীৰ প্ৰাণ বচাবলৈ গৈ সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা

মাজুলী-নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনাত নাওবৈচাৰ ৰামপুৰ মাধৱপুৰৰ ইন্দ্ৰেশ্বৰ বৰা সন্ধানহীন ৷ পত্নীক উদ্ধাৰ কৰি আন যাত্ৰীক উদ্ধাৰ বাবে যাওঁতেই সন্ধানহীন হ’ল ইন্দ্ৰেশ্বৰ বৰা ৷

5. নিমাতীঘাটৰ ঘটনাৰ বাবে জলপৰিবহণ বিভাগৰ লগতে যাত্ৰীৰো ভুল আছে : অতুল বৰা

নিমাতীঘাটত সংঘটিত ঘটনাৰ বাবে জলপৰিবহণ বিভাগৰ সমানেই যাত্ৰীৰো ভুল আছে বুলি মন্তব্য বিজেপিৰ বিধায়ক অতুল বৰাৰ ৷ যাত্ৰীসকলে নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হওতে সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন বুলি মন্তব্য বিধায়কগৰাকীৰ ৷ যোৰহাট-মাজুলী সংযোগী দলঙখন নিৰ্মাণ কৰাত চৰকাৰে পলম নকৰা হ’লে এনে ধৰণৰ ঘটনা নহ'লহেতেন বুলিও মত পোষণ কৰিছে বৰাই ৷

6. কাহিলীপাৰালৈ অনা হ'ল পৰিমিতাৰ নশ্বৰদেহ

মা কমলা'তে জীৱনৰ শেষ যাত্ৰা কৰিলে পৰিমিতাই ৷ ইতিমধ্যে গুৱাহাটীৰ কাহিলীপাৰা স্বগৃহলৈ অনা হ'ল পৰিমিতা দাসৰ নশ্বৰদেহ ৷ কাহিলীপাৰাত বৰ্তমান এক অবৰ্ণনীয় পৰিবেশে বিৰাজ কৰিছে ৷ অশ্ৰুসিক্ত নয়নেৰে পৰিমিতালৈ শেষ শ্ৰদ্ধাঞ্জলি আত্মীয়ৰ ৷

7. গোলাঘাটত সংৰক্ষিত কৰি ৰখা গঁড়ৰ খৰ্গৰ পুনৰ গণনা প্ৰক্ৰিয়া আৰম্ভ

গোলাঘাট জিলাৰ আৱৰ্ত ভৱনত গোলাঘাটৰ জিলা কোষাগাৰত মজুত থকা মুঠ ১১৯৫ টা গঁড়ৰ খৰ্গৰ পুনৰ পৰীক্ষণ কৰা হৈছে বৃহস্পতিবাৰৰ দিনটোত ।

8. ৰবি শস্যৰ MSP বৃদ্ধিকলৈ কৰা চৰকাৰৰ ঘোষণাক 'ৰগৰ' আখ্যা ৰাকেশ টিকাইটৰ

কেন্দ্ৰীয় চৰকাৰে ছয়টা ৰবি শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্য বৃদ্ধি হোৱাৰ কথা ঘোষণা কৰিছে । কেন্দ্ৰীয় কেবিনটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । চৰকাৰৰ এই সিদ্ধান্ত সমালোচনা কৃষক নেতাসকলৰ । চৰকাৰৰ ঘোষণাক লৈ কি কি ক'লে কৃষক নেতা ৰাকেশ টিকাইটে ?

9. পশ্চিমবংগত ২২ জন ভুৱা এমাজন কোম্পানীৰ কৰ্মচাৰী গ্ৰেপ্তাৰ

এমাজন(Amazon) কোম্পানীৰ কৰ্মচাৰী বুলি পৰিচয় দি ভুৱা কল চেণ্টাৰ চলাই পশ্চিমবংগ আৰক্ষী(West Bengal Police)ৰ জালত পৰিল ২২ জন লোক । ৰাজ্যখনৰ নিউ আলিপুৰ অঞ্চলৰ পৰা বুধবাৰে আৰক্ষীয়ে আটাইকেইজনকে গ্ৰেপ্তাৰ কৰে ।

10. ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰানৰক্ষা পৰা মহিলা আৰু যুৱকৰ শিহৰণকাৰী বৰ্ণনা

নিমাতীঘাটৰ নাও দুৰ্ঘটনাত কথমপি প্ৰানৰক্ষা পৰা দেৰগাঁৱৰ দানিচাপৰি গাঁৱৰ ঘনকান্ত টাইড আৰু মাজুলী চেলেক গাঁৱৰ মালতি টাইড আৰু তেওঁৰ পুত্ৰ পাপলু টাইডৰ শিহৰনকাৰী বৰ্ণনাই বুকু কপাই তুলিছে সকলোকে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.