ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি - শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

top 10 at 7pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Jun 2, 2021, 7:15 PM IST

চিকিৎসক নিগ্ৰহ কাণ্ড : অসম চিকিৎসা মহাবিদ্যালয়তো প্ৰতিবাদৰ জোৱাৰ

মঙলবাৰে হোজাই জিলাৰ উদালি ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত সংঘটিত হয় এক অঘটন ৷ ডাঃ সেউজ কুমাৰ সেনাপতিক নিৰ্মমভাৱে প্ৰহাৰ কৰে ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত থকা ক’ভিড ৰোগী সকলে ৷ এই ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ সম্প্ৰতি হোজাই চিকিৎসক প্ৰহাৰ ঘটনা সন্দৰ্ভত বুধবাৰে ডিব্ৰুগড়ৰস্থিত অসম চিকিৎসা মহাবিদ্যালয়তো চিকিৎসক সকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

কাৰ্বি শান্তি চুক্তি সাজু: বাঢ়িব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ আসনৰ সংখ্যা

বিগত বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত কাৰ্বি আংলঙৰ চাৰিটাকৈ বিদ্ৰোহী সংগঠনৰ সহস্ৰাধিক নেতা আৰু কেডাৰে অস্ত্ৰ সম্বৰণ কৰিছিল । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি অহাসকলৰ ভিতৰত আছিল এসময়ৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী আই কে সংবিজিত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কি ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ?

আজি পুৱাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতি আৰু ৰাজ্যৰ চৰকাৰৰ সিদ্ধান্তৰ লগতে চৰকাৰ-আলফা(স্বা)ৰ আলোচনাৰ প্ৰক্ৰিয়া সন্দৰ্ভতো আলোচনা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

সহায়ৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান দুই ভগ্নীৰ

প্ৰথমে পিতৃ-মাতৃৰ বিয়োগ, এতিয়া আৰ্থিক অনাটন । সমস্যাই জুৰুলা কৰিছে কলিয়াবৰৰ দুই দুৰ্ভগীয়া ভগ্নীক । উপায়হীন হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ আহ্বান জনাইছে দুয়ো ভগ্নীয়ে ।

লংকাত চিকিৎসকক আক্ৰমণ সন্দৰ্ভত কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে ?

হোজাই জিলাৰ লংকাত মঙলবাৰে সংঘটিত হোৱা চিকিৎসকক আক্ৰমণৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে ৰাজ্যৰ লগতে সমগ্ৰ দেশ ৷ লংকাৰ হাস্পতালত ৰোগীসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱাৰ সময়তে ৰোগীসকলে অমানৱীয়ভাৱে আক্ৰমণ কৰে চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক ৷ ঘটনাৰ পাচতেই জীৱনৰ নিৰাপত্তাক লৈ এতিয়া শংকাত ভুগিছে আন চিকিৎসকলেও ৷ ঘটনাৰ উচিত তদন্ত বিচাৰি ঠায়ে ঠায়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠন আৰু চিকিৎসকসকলে ৷

চিকিৎসকক আক্ৰমণৰ লগত জড়িত 24 অভিযুক্তৰ নাম প্ৰকাশ আৰক্ষীৰ

মঙলবাৰে সংঘটিত চিকিৎসকক আক্ৰমণৰ নিন্দনীয় ঘটনাৰ ৰাজ্যজুৰি প্ৰতিবাদত ৷ ঘটনাৰ উচিত তদন্ত বিচাৰিছে ৰাইজে ৷ আৰক্ষীয়েও চিকিৎসকক আক্ৰমণৰ লগত জড়িত 24 অভিযুক্তৰ নাম ৰাজহুৱা কৰিছে ৷

কেতিয়া সম্পূৰ্ণ হৈ উঠিব টীয়কৰ ফ’ৰলেনযু্ক্ত পথ?

যোৰহাট জিলাৰ টীয়কত ফ’ৰলেনযু্ক্ত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, যোৰহাট বাইপাছৰ পৰা জাঁজীলৈকে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত নিয়োজিত জিডিচিএল নামৰ এটা নিৰ্মাণ সংস্থাৰ পৰা উপ ঠিকা লাভ কৰা লিংক্কন নামৰ প্ৰতিষ্ঠানটোৰ নিম্নমানদণ্ডৰ কামৰ বাবেই নিৰ্মীয়মান অৱস্থাত থকা ফ’ৰলেনযুক্ত পথচোৱা নিৰ্মাণৰ পাচতেই বিধস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ দায়িত্বত প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰ

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰুণ কুমাৰ মিশ্ৰই বুধবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব ৷ মিশ্ৰই ২০১৪ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰি বিগত বৰ্ষৰ ছেপ্তেম্বৰত অৱসৰ গ্ৰহণ কৰে ৷ মিশ্ৰই কলকাতা আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে পূৰ্বে কাৰ্যনিৰ্বাহ কৰিছিল ৷ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয় মিশ্ৰৰ বাবে একপ্ৰকাৰ অভিভাৱকৰ দৰে ৷ অৰুণ কুমাৰ মিশ্ৰৰ পিতৃ হৰগোবিন্দ মিশ্ৰয়েও মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

গোলাঘাটত ক'ভিডত আক্ৰান্ত গৰ্ভৱতী মহিলাৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সন্তান জন্ম দিলে ক'ভিডত আক্ৰান্ত দুগৰাকী মহিলাই । মহামাৰীত আক্ৰান্ত হোৱাৰ পিছতো প্ৰসূতি দুগৰাকীৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হয় । নৱজাতক দুটিৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰা নাই বুলি নিশ্চিত কৰিছে চিকিৎসকে ।

গুগলৰ আবেদন: কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

গুগলে দাখিল কৰা আবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ২৫ জুলাইলৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিলে দিল্লী উচ্চ ন্যায়ালয়ে । কেন্দ্ৰীয় চৰকাৰ, দিল্লী চৰকাৰ, ভাৰতৰ ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থা, ফেচবুক আৰু এগৰাকী মহিলালৈ জাননী জাৰি কৰি দিল্লী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.