ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : May 18, 2021, 7:04 PM IST

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ সংবাদ

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ সংবাদ

কৰ'ণাৰ সংক্ৰমণ আৰু শিশুৰ সুৰক্ষা : কি কয় বিশেষজ্ঞ চিকিৎসকে

ক'ভিডৰ এই ভয়াৱহ সংক্ৰমণৰ পৰা কিদৰে সুৰক্ষিত ৰাখিব নিজৰ কণমানিক ? কৰ'ণাৰ তৃতীয় ঢৌৰ লক্ষ্য নেকি কণ কণ শিশু ? ক'ভিড আক্ৰান্ত মাতৃয়ে সন্তানক কিদৰে দুগ্ধপান কৰাব ? শিশুৰ সাধাৰণ জ্বৰ-চৰ্দি হ'লে কি কৰিব ? ক'ভিডৰ এই সংকটৰ সময়ত শিশুৰ প্ৰসংগত এনে বহু প্ৰশ্নৰ উত্তৰ দিলে বিশিষ্ট শিশু বিশেষজ্ঞ ডলী কলিতাই ।

ডিগবৈ টিংৰাই গ্ৰেনেড বিস্ফোৰণৰ কাণ্ডৰ আঁৰত কোন?

নতুন মোৰ লাভ কৰিছে টিংৰাইৰ বোমা বিস্ফোৰণ কাণ্ডই ৷ মঙলবাৰে পুৱতি নিশা বিস্ফোৰণৰ সৈতে জড়িত দুজনক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ আটক হোৱা দুই যুৱক ক্ৰমে মুনু ওৰফে হীৰেণ গগৈ আৰু বাইক চালক ৰনজিত চাংমাই ৷ লক্ষীপথাৰৰ নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে যুৱকজনক । তাৰোপৰি জব্দ হৈছে CCTV ত দেখাপোৱা পালচাৰ বাইকখন ৷

পুনৰ ভূমিকম্পৰ জোকাৰণিত কম্পিত হ’ল ৰাজ্য

মঙলবাৰে বিয়লি ৫:৩৩ মিনিটত এক ভূঁমিকম্পৰ জোকাৰণিত কম্পিত হ’ল ৰাজ্য ৷ 3.8 ৰিখটাৰস্কেল প্ৰাব্যল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ।

গ্ৰাম্যাঞ্চলত কিদৰে চলিছে ক’ভিডৰ চিকিৎসা সেৱা ?

সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো ভয়াৱহ হৈ পৰিছে ক'ভিড-১৯ ৰ পৰিস্থিতি ৷ ক'ভিড ভাইৰাছত আক্ৰান্ত হৈ শোণিতপুৰত ১৭ মে'লৈকে ৩৮ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হৈছে ৷ ইয়াৰ বিপৰীতে জিলাখনত বৰ্তমানলৈকে ক'ৰণাত আক্ৰান্ত হৈছে মুঠ ১১,৬৪৮ গৰাকী লোক ৷

ক’ভিড প্ৰট’কল ভংগ কৰিছে নামতিৰ তৈল অনুসন্ধানকাৰী শ্ৰমিকে

ৰাজ্যত ক'ভিড পৰিস্থিতি অতি জটিল হৈ পৰাৰ সময়তে ভূ-গৰ্ভস্থ তৈল অনুসন্ধানকাৰী শ্ৰমিকে ক'ভিড বিয়পোৱাৰ আশংকাত ভূগিছে শিৱসাগৰৰ নামতিৰ কালুগাঁওবাসী । অনুসন্ধানকাৰীৰ এটা বৃহৎ দলে অঞ্চলটোৰ বিভিন্ন ঠাইত অব্যাহত ৰাখিছে জৰীপৰ কাম কাজ । ক'ভিড প্ৰট'কল মনা নাই অনুসন্ধানকাৰী শ্ৰমিকৰ দলটোৱে ৷

ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ৬.৯৯ শতাংশলৈ হ্ৰাস

কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ মাজতে এটা ভাল খবৰ যে অসমত আক্ৰান্তৰ হাৰ ১০ শতাংশৰ পৰা ৬.৯৯ শতাংশলৈ হ্ৰাস পালে । বিগত ২৪ ঘণ্টাত ৯১,৪৮১ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰ ভিতৰত ৬,৩৯৪ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । সেই হিচাপত আক্ৰান্তৰ হাৰ ৬.৯৯ শতাংশ ।

তিনিবাৰকৈ অসমক প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈৰ জীৱন সংগ্ৰাম

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈৰ কঠোৰ জীৱন সংগ্ৰাম । অসমক গৌৰৱেৰে তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰা দ্বীজেন বৰ্মন নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ গৰাকীয়ে এতিয়া পৰিয়াল পোহপাল দিবলগীয়া হৈছে আনৰ ঘৰত দিন-হাজিৰা কৰি অথবা মাংস কাটি ৷ বহুবাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত সহায় বিচাৰি যোৱা খেলুৱৈ গৰাকীয়ে নাপালে কোনো সঁহাৰি ৷

নগাঁৱৰ কচুৱাত গাঞ্জাসহ আটক এজন যুৱক

নগাঁও জিলাৰ এজন যুৱকৰ কচুৱাত গাঞ্জা জব্দ কৰে আৰক্ষীয়ে । দোকানত বিক্ৰী কৰি থকা সময়তে কচুৱা আৰক্ষীৰ দলে গাঞ্জাসহ আটক কৰে চাইফুদ্দিন আহমেদ নামৰ যুৱকজনক ৷ ধৃত চাইফুউদ্দিনে কচুৱা তিনিআলিৰ নিজ দোকানত বিক্ৰী কৰি আছিল গাঞ্জাখিনি ৷

ত্ৰিপুৰাত অব্যাহত আছে ব্ৰু শৰণাৰ্থীৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া

ত্ৰিপুৰাত দ্ৰুতগতিত চলিছে ব্ৰু শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া । পৰ্যায়ক্ৰমে শৰণাৰ্থীসকলক পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । তাৰ অংশস্বৰূপে সোমবাৰে ৯৭ টা পৰিয়ালক তেওঁলোকৰ স্থায়ী ঘৰলৈ স্থানান্তৰ কৰা হয় ।

শিক্ষাৰ্থীৰ সুবিধাৰ্থে ত্ৰিপুৰাত মুকলি টিভি চেনেল

ত্ৰিপুৰা চৰকাৰে শিক্ষাৰ্থীৰ সুবিধাৰ্থে মুকলি কৰিলে "বন্দে ত্ৰিপুৰা" নামৰ সুকীয়া টিভি চেনেল । শিক্ষাৰ্থীসকলৰ বাবে উৎসৰ্গিত ২৪×৭ কেবল টিভি চেনেল খোলাৰ পদক্ষেপক কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও প্ৰশংসা কৰিছে ত্ৰিপুৰা চৰকাৰক । চেনেলটোৱে প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈ শিক্ষাদান সন্দৰ্ভত বিভিন্ন বিষয় সম্প্ৰচাৰ কৰাৰ উপৰিও শৈক্ষিক আলোচনা আৰু অন্যান্য শৈক্ষিক সমল সম্প্ৰচাৰ কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.