ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Oct 21, 2020, 7:01 PM IST

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 AT 7PM
সাত বজাৰ শীৰ্ষ দহ বাতৰি...

সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ একে হাৰত হ’ব মাচুলঃ শিক্ষা বিভাগৰ নিৰ্দেশ

বুধবাৰে ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰিছে এক নতুন নিৰ্দেশ । সেই অনুসৰি ২০২১-২২ বৰ্ষৰ বাবে সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাবে সমহাৰত মাচুলৰ নিৰিখ বান্ধি দিছে চৰকাৰে । ফলত এই নিৰ্দেশ উলংঘা কৰি কোনো ব্যক্তিগত বিদ্যালয়ে নিজৰ খেয়াল খুচি মতে মাচুল আদায় ল’ব নোৱাৰিব ।

মূল্য বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

নুনমাটিৰ মূল ৰাজপথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হাই হাই, ফণীভূষন চৌধুৰী হাই হাই, অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ মুর্দাবাদ, যোগান বিভাগ মুর্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে আছু কৰ্মী সকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

তিনিচুকীয়াত ভাৰতীয় সেনাৰ বিৰুদ্ধে অশ্লীল ইংগিতৰ অভিযোগ যুৱতিৰ

ভাৰতীয় সেনাৰ বিৰুদ্ধে পুনৰ যুৱতীৰ অভিযোগ ৷ অশালীন ব্যৱহাৰ কৰি যুৱতিক অশ্লীল ইংগিত দিয়াৰ অভিযোগ যুৱতীৰ ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ৷

শাৰদীয় দুৰ্গোৎসৱ:নিমাওমাও ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয় চৌহদ

মাত্ৰ কেইটামান ঘন্টাৰ পাচতেই শাৰদীয় দূৰ্গা পূজাৰ লগ্ন আৰম্ভ হ'ব যদিও নিমাওমাও হৈ ৰৈছে ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ৰ চৌহদ ৷ মহামাৰীৰ প্ৰদুৰ্ভাৱে যেন স্তব্ধ কৰিছে সকলো ৷

তিনি দশকৰ অন্তত মুকলি হ’ব এখন ওলমা দলং

বিগত সময়চোৱাত ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱ আৰু বিভাগীয় ফাইলৰ মেৰপাকত দলং খনৰ দুইটা মূৰ সংলগ্ন হোৱা নাছিল নগাঁও পুলিচ ৰিজাৰ্ভ আৰু ভুঞাপট্টিৰ পথৰ লগত ৷

মৃত্যুদূতৰূপী ৰে’ল ইঞ্জিন জব্দ বন বিভাগৰ

ৰাজ্যৰ বন বিভাগে জব্দ কৰিছে এটা ৰে’লৰ ইঞ্জিন ৷ বিগত 27 ছেপ্তেম্বৰত ইঞ্জিনটোৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল দুটাকৈ হাতীয়ে ৷ লামডিং সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছিল উক্ত দুৰ্ঘটনা ৷

33 বছৰে নিষ্ঠাৰে সেৱা আগবঢ়াই অহা মঃ জাকিৰ হুছেইনৰ অগপৰ পৰা পদত্যাগ

অগপৰ পৰা পদত্যাগ দলৰ জ্যেষ্ঠ নেতা মহঃ জাকিৰ হুছেইন ৷ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ নেতা গৰাকীৰ ৷

বিজয়া দশমীত চিকিমত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী

বিজয়া দশমীৰ দিনটোত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং চিকিম চিকিম ভ্ৰমণৰ কাৰ্যসূচী ৷ চীন সীমান্তৰ কাষত মোতায়েন কৰা এটা স্থানীয় ইউনিটত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে শাস্ত্ৰ পূজা কৰাৰো সম্ভাৱনা আছে ৷

কাৰ্বি আংলঙত 16 টা বাঘৰ দাঁত উদ্ধাৰ

কাৰ্বি আংলঙৰ বিৰলা অঞ্চলৰ পৰা জব্দ কৰা হৈছে 16 টাকৈ বাঘৰ দাঁত ৷ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজনকৈ লোকক ৷

জলসিঞ্চন বিভাগৰ নিযুক্তিত বিশেষভাৱে সক্ষম লোকক প্ৰতাৰণাৰ অভিযোগ

শেহতীয়াকৈ জলসিঞ্চন বিভাগে ১২ অক্টোবৰত প্ৰকাশ কৰা নিযুক্তি পৰীক্ষাৰ ফলাফলত অসন্তুষ্টি তথা স্বজন-তোষণৰ প্ৰশ্ন তুলি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.