ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Apr 7, 2021, 7:04 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

top 10 at 7 pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

মেৰাপানীত স্বামীয়ে পত্নীক জুই জ্বলাই হত্যা কৰাৰ অভিযোগ

মেৰাপানীৰ ভেলৌগুৰি জয়পুৰ গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড । বাক-বিতণ্ডাৰ পৰিণতিত কেৰচিন তেল ঢালি নিজ পত্নীক জ্বলাই দিয়াৰ চেষ্টা স্বামীৰ ৷ এই অভিযোগ স্থানীয় বাসিন্দাৰ ৷ ঘটনা সন্দৰ্ভত অভিযুক্ত স্বামীক আটক আৰক্ষীৰ ৷

28 বছৰৰ পাচত ভোটাধিকাৰ সাব্যস্ত কৰিলে আচমা খতুনে

সুদীৰ্ঘ ২৮ বছৰ পাচত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে আচমা খাতুন নামৰ এগৰাকী মহিলাই । জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সালেকুৰা এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে আচমা খাতুনে । ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হোৱাৰ পাচতে ডি ভোটাৰ হৈ পৰিছিল মহিলাগৰাকী ৷ ফলত ২৮ টা বছৰেই ভোটদানৰ পৰা বঞ্চিত হয় মহিলা গৰাকী ।

শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

শনিবাৰে ছত্তিশগড়ত মাওবাদীৰে হোৱা সংঘৰ্ষত দেশমাতৃৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া সৰুপেটাৰ ভাৰেগাঁৱৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বিগত ১৭ মাৰ্চত অন্তিমবাৰৰ বাবে ঘৰলৈ আহিছিল দিলীপ কুমাৰ দাস ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ক'ভিড-19ত আক্ৰান্ত

ক'ভিড-19ত আক্ৰান্ত হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ৷ বুধবাৰে সামাজিক মাধ্যমযোগে আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

নিৰ্বাচনী ব্যস্ততা সমাপ্ত: ভাগৰ মাৰিছে ৰাজনৈতিক নেতাসকলে

বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পিছত বহু পৰিমাণে হ্ৰাস পাইছে ৰাজনৈতিক নেতাৰ ব্যস্ততা । সেয়েহে, ক্ষন্তেক জিৰণি লৈছে ৰাজনৈতিক নেতাসকলে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটী আৰু ডিব্ৰুগড়ত কেইদিনমান কটোৱাৰ পৰিকল্পনা কৰিছে । আনহাতে, কাঞ্চনজুৰিত চাহ বাগিচাত সময় কটাইছে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইফালে, দিছপুৰতে ওপজা দিন পালন কৰিলে মন্ত্ৰী অতুল বৰাই ।

শিৱসাগৰত মহিলাৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ !

শিৱসাগৰৰ ডিমৌমুখত ৰহস্যজনক ভাৱে চীপ লৈ থকা অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ ৷ ইফালে মহিলা গৰাকীক স্বামী তেবাৰুল আলিয়ে হত্যা কৰি চীপ দি ওলোমাই দিয়া বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে আৰক্ষীয়েও ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

গুজৰাটত অধিকাংশ শিশু আক্ৰান্ত কৰ'ণাত

কৰ'ণা মহামাৰীৰ দ্বিতীয় ঢৌ অতি ভয়াৱহ ৰূপত দেখা দিছে গুজৰাটত । ৰাজ্যখনৰ কেইবাখনো চহৰ মহামাৰীৰ ফলত জুৰুলা হৈ পৰিছে । মহামাৰীৰ দ্বিতীয় পৰ্যায়ৰ লক্ষণসমূহো অতি ভয়ংকৰ । শেহতীয়াকৈ শিশুসকল এই ভাইৰাছবিধত যথেষ্ট পৰিমাণে আক্ৰান্ত হৈছে ৰাজ্যখনত ।

ভাৰত-বাংলাদেশৰ সম্পৰ্ক হ'ব দুয়োখন দেশৰে সহায়ক

ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক পুনৰ স্বাধীনতাৰ সময়ৰ দৰে কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে দুয়োখন দেশে । বাংলাদেশৰ স্বাধীনতাৰ সময়ত ভাৰতীয় সেনাই কৰা ত্যাগৰ কথা এতিয়াও স্বীকাৰ কৰে দেশখনে ।

পুনৰ বিতৰ্কত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱট

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱট আকৌ এবাৰ বিতৰ্কৰ আৱৰ্তত । বাৰাণসী আৰু দেশৰ ভিন্ন প্ৰান্তত মহা কুম্ভমেলা আয়োজন কৰা হয় বুলি কৰা মন্তব্যৰ পিছতে সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন নেতাগৰাকী ।

হাবল স্পেছ টেলিস্কোপত পৰিস্ফূট হ'ল ডাবল কোৱাছাৰ

জ্যোতিৰ্বিজ্ঞানীসকলে এযোৰ কোৱাছাৰৰৰ সম্ভেদ পাইছে । এই কোৱাছাৰৰ এটাই আনটোৰ ইমানেই ওচৰত আছে যে টেলিস্কোপেৰে তোলা ফটোত ইয়াক এটা বস্তুৰ দৰে দেখা পোৱা গৈছে । কিন্তু হাবল স্পেছ টেলিস্কোপৰ ফটোত স্পষ্ট দৃশ্য দেখা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.