ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি... - সাত বজাৰ শীৰ্ষ দহ বাতৰি...

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 7 PM
সাত বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Aug 26, 2020, 7:02 PM IST

সুশান্ত কাণ্ডঃ ED য়ে এন চি বিৰ পৰা বিচাৰিলে সহায়

ED য়ে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী, ৰিয়াৰ ভাতৃ শৌৱিক, পিতৃ ইন্দ্ৰজিতৰো ভাষ্য সংগ্ৰহ কৰে ৷ ইয়াৰ ওপৰি ED য়ে সুশান্তপ পূৰ্বৰ মেনেজাৰ, ফ্লেট মেট সিদ্ধাৰ্থ পিথানী, ঘৰৰ মেনেজাৰ চেমুৱেল মিৰাণ্ডা, CA সন্দিপক সোধপোচ সম্পন্ন কৰে ৷

ৰিয়া চক্ৰৱৰ্তীয়ে জীৱনত কেতিয়াও সেৱন কৰা নাই ড্ৰাগছ

সুশান্ত সিং ৰাজপুতৰ গোচৰত চিবিআইৰ তদন্তৰ মাজতে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে উত্থাপন হোৱা ড্ৰাগছৰ ব্যৱহাৰৰ অভিযোগৰ তদন্ত কৰাৰ কথা পোহৰলৈ আহিছে ৷ যাৰ বিৰুদ্ধে ৰিয়াৰ অধিবক্তাই সকলো অভিযোগ নৎসা কৰি মন্তব্য প্ৰকাশ কৰিছে

গছৰ তলত উদ্ধাৰ যুৱতীৰ মৃতদেহ

কোকৰাঝাৰ জিলাৰ বিটিএডিৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বন্নাগুৰি পাহাৰৰ দাঁতিৰ দাৰচৌকা ঈদগাহ ময়দানত যুৱতীৰ মৃতদেহ উদ্ধাৰ ৷ মৃতঅৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীয়ে দৌৰৰ অনুশীলন কৰিবলৈ যোৱা বুলি জানিব পৰা গৈছে ৷

নেমু খেতিৰে স্বাৱলম্বী ভেঞ্চাৰ স্কুলৰ শিক্ষক

স্কুল প্ৰাদেশিকীকৰণৰ আশা বাদ দি অৱশেষত নেমু খেতিত দিনে ৰাতিয়ে ব্যস্ত এগৰাকী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৷ ইতিমধ্যে নেমু বিক্ৰী কৰি বছৰত প্ৰায় ৮০-৯০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে শিক্ষক জনে ৷

কাইলৈ অগপৰ অধিবেশনঃ আমবাৰীৰ মুখ্য কাৰ্যালয়ত ব্যাপক প্ৰস্তুতি

ক'ভিড ১৯ ৰ প্ৰট'কল মানি চলি বৃহস্পতিবাৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব অসম গণ পৰিষদৰ অধিবেশন । এই অধিবেশনতে আগন্তুক তিনিটা বছৰৰ বাবে নতুন নেতৃত্ব বাচনি কৰা হ'ব ।

টকৌলাংছ' জলপ্ৰপাত এলেকাত উগ্ৰপন্থীৰ মুক্ত বিচৰণৰ ভিডিঅ’ ভাইৰেল

সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে ভাইৰেল হৈছে এক ভয়াবহ দৃশ্যৰ ভিডিঅ’ ৷ এই ভিডিঅ’টোত দেখা গৈছে মাৰণাস্ত্ৰ সহিতে উগ্ৰপন্থীৰ মুক্ত বিচৰণ ৷ অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ টকৌলাংছ’ জলপ্ৰপাত এলেকাত এইদৰে মুক্ত বিচৰণ কৰি থকা দেখা যায় কুকি উগ্ৰপন্থীৰ একাংশ মাৰণাস্ত্ৰধাৰী সদস্যক ৷ উক্ত ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷

অবৈধভাৱে ধন সংগ্ৰহক কেন্দ্ৰ কৰি উত্তপ্ত অসম-নগালেণ্ড সীমান্ত

চৰাইদেউৰ সোণাৰিত অসমৰ ব্যৱসায়ীৰ পৰা অবৈধভাৱে নগালেণ্ডৰ বিভিন্ন দল সংগঠনে ধন সংগ্ৰহৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ ইতিমধ্যে অসম-নগালেণ্ড সীমান্তত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় ব্যৱসায়ী সকলে ৷

ম'হৰ মৃত্য়ুৱে শংকিত কৰিছে দিখৌমুখৰ পশুপালক সকলক

পোহনীয়া ম'হৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমগুৰিৰ দিখৌমুখৰ পশুপালক সকলৰ মাজত ৷ বৃহত্তৰ অঞ্চলটোত দুকুৰিৰো অধিক ম'হৰ মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে পশুপালক সকলে ৷

কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে অধ্যক্ষা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল বৈঠক

কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে দলটোৰ অধ্যক্ষা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল বৈঠক। জি এছ টি, JEE(MAIN), NEET ৰ বিষয়ে বৈঠকত আলোচনা হয় ৷

COVID-19ত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তৰুণ গগৈ আক্ৰান্ত COVID-19ত ৷ সম্প্ৰতি তেওঁক প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.