ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 7 PM

সাত বজাৰ শীৰ্ষ দহ বাতৰি...

TOP 10 @ 7 PM
সাত বজাৰ শীৰ্ষ দহ বাতৰি...
author img

By

Published : Aug 17, 2020, 7:08 PM IST

অৱশেষত নিৰ্বাপনৰ দিশে বাঘজানৰ জুই

বাঘজানত স্থাপিত হ'ল বিশেষ BOP ৷ বিশেষভাৱে তৈয়াৰী BOPটো সফলতাৰে সংস্থাপন কৰা হয় ৷

হাইলাকান্দিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ CAA বিৰোধী প্ৰতিবাদ

সোমবাৰে হাইলাকান্দিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ CAA বিৰোধী প্ৰতিবাদ সাব্যস্ত ৷ CAA বাতিল নকৰিলে আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

নাহৰকটীয়াত পুনৰ শতাধিক লোকৰ বিজেপিত যোগদান

সোমবাৰে নাহৰকটীয়া সমষ্টিৰ চাচনী মৌজাৰ শতাধিক লোকৰ পুনৰ বিজেপি দলত যোগদান ৷ নাহৰকটীয়া সমষ্টিৰ যুৱ নেতা তথা বিজেপিৰ নৱ গঠিত 2020-23 বৰ্ষৰ ৰাজ্যিক সমিতিৰ সম্পাদক তৰংগ গগৈৰ নেতৃত্বত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী ৷

পুনৰ বানৰ কবলত জলেশ্বৰৰ বৃহৎ অঞ্চল

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পুনৰ তাণ্ডৱ সৃষ্টি কৰিছে গোৱালপাৰাৰ জলেশ্বৰত ৷ হঠাতে অহা বাঢ়নী পানীয়ে বৃহত্তৰ অঞ্চলটো বুৰাই পেলোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত ৷

আনলক্ থ্ৰী: ডিমা হাছাওত চৰকাৰী নিয়ম উলংঘা

ৰাজ্য চৰকাৰে জাৰি কৰা আনলক্ থ্ৰীৰ নিয়ম ভংগ কৰিছে ডিমা হাছাওবাসীয়ে ৷ সামাজিক স্থানত মাক্স পৰিধান আৰু বাধ্যতামূলক, সামাজিক দূৰত্ব বর্তাই ৰখাৰ নিৰ্দেশ জাৰি কৰাৰ পাচতো চহৰখনত এই নিয়ম ভংগ কৰিছে স্থানীয় ৰাইজে ৷

পবিত্ৰ ভাদমাহত হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ব ৰাজ্য

কৰ'ণা সন্ত্ৰাসৰ মাজতে ৰাজ্যৰ অন্য স্থানৰ লগতে কলিয়াবৰৰ প্ৰায় নামঘৰ আৰু সত্ৰতে অনুষ্টুপীয়াকৈ হ'লেও পৰম্পৰা ৰক্ষা কৰি আজিৰে পৰা আৰম্ভ হৈছে প্ৰাতঃ প্ৰসংগ । বৰতালৰ গুৰু-গহীন শব্দৰ মাজেৰে পুৱা প্ৰহৰৰ বৰগীতৰ পিচতেই মঞ্জিৰা নামৰ ধ্বনিৰে মুখৰিত হ'ব ভাদ মাহৰ প্ৰতি পুৱা ৷ গুৰু দুজনাৰ পবিত্ৰ সৃষ্টিৰে, গুঞ্জৰিত হ'ব কলিয়াবৰ, সোঁত বব ভকতিৰ অমিয়া ৰসৰ ।

পুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ

পুনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ৷ দিল্লীৰ আৰ্মি হাস্পতালৰ চিকিৎসকে প্ৰকাশ কৰিছে এই কথা ৷

সুশান্তৰ বাবে কৰা প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিলে 10 লাখতকৈ অধিক লোকে

15 আগষ্টৰ দিনা সুশান্ত সিং ৰাজপুতৰ বাবে ৰখা হৈছিল "গ্ল'বেল প্ৰেয়াৰ মিট" ৷ অভিনেতা গৰাকীৰ ভগ্নী শ্বেতা সিং কীৰ্তিৰ মতে, প্ৰাৰ্থনা সভাত 10 লাখতকৈ অধিক লোক গোট খাইছিল ৷ লগতে শ্বেতাই প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰা সকলো লোককে কৃতজ্ঞতা জ্ঞাপন কৰে ছ'চিয়েল মিডিয়া যোগে ৷

অনুষ্টুপীয়াকৈ গণশিল্পী খগেন মহন্তৰ ৭৮ সংখ্যক জন্মদিন পালন

আজি গণশিল্পী খগেন মহন্তৰ ৭৮ সংখ্যক জন্মদিন । বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত শিল্পী গৰাকীৰ জন্মদিন উদযাপন কৰা পৰিলক্ষিত হয় । মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ খগেন মহন্ত উদ্যানতো অনুষ্টুপীয়াকৈ পালন কৰা হয় গণশিল্পী গৰাকীৰ জন্মদিন ৷

ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড;নিমিষতে ছাঁই তিনিটা আৱাসগৃহ

পৰৱৰ্তী সময়ত চিলিণ্ডাৰটোৰ বিস্ফোৰণ ঘটাত অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে । অগ্নিকাণ্ডত হেমচন্দ্ৰ হাজৰিকা,কল্যাণ দাস আৰু সুৰেন বৰুৱা নামৰ লোককেইজনৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত নিঃশেষ হয় । এখন বাইকসহ অন্যান্য সা-সম্পত্তিও জুইত জাহ যায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.