ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ - top 10 at 5pm

5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ
5 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Sep 2, 2021, 5:01 PM IST

মা ডাইনী আছিল, সেইবাবেই মই তেওঁক কুঠাৰেৰে হত্যা কৰিলো : পুত্ৰ

পুনৰ ৰাজ্যত সংঘটিত হৈছে ডাইনী সন্দেহত নৃশংস হত্যাকাণ্ড ৷ নিজ মাতৃকে ডাইনী সন্দেহত কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰই ৷

কেনেকৈ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল ইণ্টেৰিঅ'ৰ ডিজাইনাৰ সিদ্ধাৰ্থ শুক্লাই ?

এক হৃদয় বিদাৰক খবৰ ! টেলিভিছন জগত, বলীউডত শোকৰ ছাঁ পেলাই অজান মুলুকলৈ গুছি গ'ল জনপ্ৰিয় অভিনেতা তথা ৰিয়েলিটি শ্ব' বিগ বছ-১৩(Bigg Boss-13)ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লা(Sidharth Shukla) ৷ মাত্ৰ ৪০ বছৰ বয়সত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেতাগৰাকীৰ । সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু শোকবিহ্বল হৈ পৰিছে অজস্ৰ অনুৰাগী ।

বিষাক্ত সাপৰ বিষেৰে সম্ভৱ কৰ’ণা ভাইৰাছৰ চিকিৎসা !

কৰ’ণা প্ৰতিৰোধৰ বাবে সকলো দেশত এতিয়া ভেকচিন প্ৰদান কাৰ্য জোৰদাৰ গতিত চলিছে ৷ কিন্তু এতিয়ালৈ কোনো এখন দেশ তথা বৈজ্ঞানিকৰ দলে কৰ’ণাৰ ঔষধ আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ এনে সময়তে প্ৰকাশ পাইছে ব্ৰাজিলৰ গৱেষকৰ চাঞ্চল্যকৰ ভাষ্য ।

বানে ধোৱা কাজিৰঙা: পেলিকানৰ জলকেলি, পোৱালীৰ সৈতে মাইকী গঁড় কেমেৰাত বন্দী

ভদীয়া বানৰ কৱলত পৰি জীৱ কুলে পৰিত্ৰাণ বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলাৰ সময়তে কাজিৰঙাত দেখা গ’ল এটা পেলিকানৰ চৰাইৰ জলকেলিৰ লগতে পোৱালীৰ সৈতে এজনী মাইকী গঁড়ৰ বিনন্দীয়া দৃশ্য ৷

অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ্থে বিধায়ক মৃণাল শইকীয়াৰ নতুন প্ৰচেষ্টা

গ্ৰাম্যাঞ্চলত অৰ্থনৈতিক বিপ্লৱৰ সূচনাৰ্থে বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিছে বিধায়ক মৃণাল শইকীয়াই ৷ বিধায়ক গৰাকীৰ পৰিকল্পনা খুমটাইৰ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত নৱতম সংযোজন ঘটোৱাৰ উদ্দেশ্যে এখন অৰ্কিড উদ্যান গঢ়ি তোলা ৷

পবিতৰা অভয়াৰণ্যৰ 98% এলেকা বানত প্লাৱিত

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ পবিতৰা অভয়াৰণ্যতো বানৰ ফলত শোচনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আলাই-আথানি হৈছে জীৱ-জন্তুসমূহৰ ৷

অসমৰ ভূমিত বৈদ্যুতিক সংযোগৰ কাম কৰি থকা ঠিকাদাৰক ভাবুকি নগা দুৰ্বৃত্তৰ

সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ চুঙাজান এম ভি পঞ্চায়তৰ অন্তৰ্গত কাৰ্বি বনগাঁৱত বৃহস্পতিবাৰে অসম শক্তি বিতৰণ কোম্পানীৰ(APDCL) 11 KV বৈদ্যুতিক সংযোগৰ কাম কৰি থকা ঠিকাদাৰ আৰু বনুৱাক নগা দুৰ্বৃত্তই ভয় ভাবুকি প্ৰদান । চি আৰ পি এফ(CRPF) ৰ সন্মুখতেই নগা দুৰ্বৃত্তই কৰ্মৰত ঠিকাদাৰ আৰু বনুৱাক কাম কৰাত বাধা প্ৰদান কৰে ।

প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ দেহাৱসান

ধবাৰে নিশা প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ পৰলোক প্ৰাপ্তি ৷ বিগত ১০ বছৰ ধৰি গৃহবন্দী হৈ আছিল নেতাগৰাকী । মৃত্যুৰ সময়ত নেতাগৰাকী বয়স হৈছিল প্ৰায় ৯১ বছৰ ৷

অসমত চলিব কেৱল অসমীয়াগিৰি; বঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে প্ৰতিবাদ বীৰ লাচিত সেনাৰ

তিতাবৰত বঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে প্ৰতিবাদ বীৰ লাচিত সেনা অসমৰ ৷ বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক লৈ কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিল তিতাবৰ চহৰৰ মাজমজিয়া ৷

জাঁজীমুখত বাঢ়নী পানীত আৱদ্ধ হাতীৰ পোৱালী
টীয়কৰ জাঁজীমুখত বাঢ়নী পানীত আৱদ্ধ এটা হাতী পোৱালী ৷ আৱদ্ধ হাতীৰ পোৱালীটোক লৈ আতংক ৰাইজৰ মাজত । ৰাইজে হাতী পোৱালীটোক খেদি পঠোৱাৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সফল হোৱা নাই । এই সন্দৰ্ভত বন বিভাগক(Forest Department) খবৰ দিয়া হৈছে যদিও এই মুহুৰ্তলৈকে বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হোৱা নাই । সেয়েহে ৰাইজে নাও লৈ হাতী পোৱালীটো খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে । চাওক এই দৃশ্য...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.