ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 AT 5PM

5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ
5 বজাৰ দহটা শীৰ্ষ খবৰ
author img

By

Published : Sep 1, 2021, 5:04 PM IST

মহানগৰীৰ মাজমজিয়াত দিন-দুপৰতে নৃশংস হত্যাকাণ্ড

ৰাজ্যত আৰক্ষী প্ৰশাসন অধিক সক্ৰিয় হৈছে যদিও ইয়াৰ সমান্তৰালভাৱে সংঘটিত হৈছে হত্যা-ধৰ্ষণৰ দৰে ঘটনা ৷ আনহে নালাগে, মহানগৰীৰ মাজমজিয়াতো যেন এতিয়া সুৰক্ষিত নহয় নাগৰিক ৷

সকলো মুকলি হ'ল : নতুন SOP ঘোষণা চৰকাৰৰ

অসম চৰকাৰে ঘোষণা কৰিলে নতুন SOP ৷ বুধবাৰে দিনৰ 11 বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে শিথিল কৰিছে সকলো ক'ভিড সংক্ৰান্তীয় বাধা নিষেধ ৷ জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই নতুন SOP ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ অঞ্চলে বানৰ কবলত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান সুৰক্ষাত নিয়োজিত বন সুৰক্ষা কৰ্মী-বিষয়াৰ সৈতে উদ্যানখনৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী কেশৱ মহন্তই ৷ উদ্যানত নিয়োজিত বন সুৰক্ষা কৰ্মী আৰু আৰক্ষী বাহিনীক ক'ভিড প্ৰতিষেধক প্ৰদানৰ বিশেষ ব্যৱস্থা কৰা হৈছে ৷

ৰঙা চিলিণ্ডাৰে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক

পুনৰ বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য ৷ 1 ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ 25 টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৷ বিগত 15 দিনৰ ভিতৰত ৰাজসাহায্য বিহীন এলপিজি চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি পাইছে ৷

পূৰ্বতকৈ কিছু ব্যতিক্ৰমী চিন্তাৰে আগবাঢ়িব বিচৰে মন্ত্ৰী ৰঞ্জিত দাসে !

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীক লগত লৈ নগাঁৱত পঞ্চায়ত প্ৰতিনিধিৰে বৈঠক মন্ত্ৰী ৰঞ্জিত দাসৰ । পঞ্চায়ত সভাপতিৰ বাসগৃহত বৈঠক মন্ত্ৰীৰ । পঞ্চায়ত প্ৰতিনিধিৰ সৈতে আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।

খিলঞ্জীয়াৰ হাতত অৰ্পণ হ’ব অসমৰ ঐতিহাসিক ক্ষেত্ৰসমূহৰ সুৰক্ষাৰ দায়িত্ব

খিলঞ্জীয়াৰ হাতত অৰ্পণ হ’ব অসমৰ ঐতিহাসিক ক্ষেত্ৰ । মহাভাৰতৰ যুগৰ পৰা আহোম যুগলৈ সকলো কীৰ্তি চিহ্ন সুৰক্ষাৰ দায়িত্বত থাকিব খিলঞ্জীয়াৰ হাতত : মন্তব্য অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ।

ভৌগলিক স্বীকৃতিপ্ৰাপ্ত কাৰ্বি আংলঙৰ আদাৰ বাবে ডাক বিভাগৰ বিশেষ কভাৰ

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ আদা খেতিয়কসকললৈ আশব্যঞ্জক বাতৰি ৷ জিলাখনত উৎপাদিত আদাই জিঅ’গ্ৰাফীকেল ইণ্ডিকেশ্যন লাভ কৰাৰ পিছতে ডাক বিভাগে মুকলি কৰিলে নতুন কভাৰ ৷

গ্ৰাহকলৈ সকাহ : পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস

অৱশেষত এটি সুখবৰ ৷ হ্ৰাস হৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ বিগত কিছুদিনত পেট্ৰ’ল-ডিজেলৰ লগতে অন্যান্য ইন্ধনজাত সামগ্ৰীৰ বৰ্ধিত মূল্যই জ্বলা-কলা খুৱাইছিল সাধাৰণ জনতাক ৷
চৰহা পোকৰ উপদ্ৰৱত অতিষ্ঠ টীয়কৰ কৃষকসকল

সম্প্ৰতি ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ বলীয়া বানত বুৰ গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অধিকাংশ কৃষি ভূমি ৷ বিমোৰত পৰিছে কৃষক ৷ তাৰ মাজতে আৰম্ভ হৈছে চৰহা পোকৰ সন্ত্ৰাস ৷

2,149 কিল’মিটাৰ দূৰত্ব অতিক্ৰমি ৰাজঘাটত উপস্থিত হ'ব চাইকেল ৰেলী

2,149 কিল’মিটাৰ দূৰত্ব পাৰ কৰি 2 অক্টোবৰত দিল্লীৰ ৰাজঘাটত উপস্থিত হ'ব চিআৰপিএফৰ চাইকেল ৰেলী । দেশ স্বাধীন হোৱাৰ 75 বৰ্ষ উপলক্ষে আয়োজন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তত চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.