ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ - শীৰ্ষ দহটা খবৰ

5 বজাৰ শীৰ্ষ দহটা খবৰ

top-10-at-5pm
5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : May 20, 2021, 5:16 PM IST

ক‘ভিড-19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...

ৰাজ্যত আংশিক লক ডাউনে হ্ৰাস কৰিছে ক’ভিড-19 ত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা

ৰাজ্যৰ ক’ভিড সংক্ৰমণক লৈ তৎপৰ স্বাস্থ্য বিভাগ ৷ নতুন কৈ গঠন হোৱা ৰাজ্য চৰকাৰ খনে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে কেতবোৰ নতুন নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছিল ৷ সমগ্ৰ ৰাজ্যখনত আংশিক লক ডাউনৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ যাৰফলত বিগত কিছু দিনৰ পৰা ৰাজ্যত হ্ৰাস পাইছে ক‘ভিড আক্ৰান্ত আৰু মৃতকৰ সংখ্যা ৷

বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ

পঞ্চদশ অসম বিধানসভাৰ অধ্যক্ষৰূপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু বিশ্বজিৎ দৈমাৰী ৷ অসম বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষৰ আসন অলংকৃত কৰাৰ বাবে আজি বিয়লি মনোনয়নৰ আনুষ্ঠানিকতা সম্পন্ন হ'ব ৷

ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ বৰপেটাত উপস্থিত মুখ্যমন্ত্ৰী

বৃহস্পতিবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ হাস্পতালখনৰ আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ হাস্পতালখনলৈ 50 টা অক্সিজেন কনচেণ্ট্ৰেটৰ যোগান ধৰাৰ লগতে পুনৰ 15 খন আইচিইউ যুক্ত বিচনা স্থাপন কৰা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

দৰঙত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযান

দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে অভিযান । নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু গাঞ্জা জব্দ কৰে আৰক্ষীয়ে । লগতে আৰক্ষীয়ে আটক কৰে এগৰাকী ড্ৰাগছ ব্যৱসায়ী ।

মৃত্যুঞ্জয় 108 এম্বুলেঞ্চতে প্ৰাণ হেৰুৱালে ক'ভিড আক্ৰান্তই

সমগ্ৰ দেশত সৰ্বত্ৰে এতিয়া কৰ’ণাই কালৰূপ ধাৰণ কৰিছে ৷ ভয়াৱহ হাৰত নিতৌ বৃদ্ধি পাইছে মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা ৷ অক্সিজেনৰ অভাৱ, ভেকচিনৰ সুবিধা লাভ নকৰা অথবা চিকিৎসা লাভ নকৰাৰ ফলত নিতৌ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ কেৱল এয়াই নহয়, চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতো প্ৰাণ হেৰুৱাইছে বহুলোকে ৷

চিৰাঙত শুকুৰবাৰৰ পৰা তিনিদিনীয়া লকডাউন

শুকুৰবাৰৰ পৰা তিনিদিনৰ বাবে চিৰাঙৰ বাসুগাঁৱত সম্পূৰ্ণ লক ডাউনৰ আহ্বান স্থানীয় লোক তথা দল-সংগঠনৰ । সাম্প্ৰতিক সময়ত কৰ'ণা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ।

উত্তৰাখণ্ডৰ বিজনাদত ডাৱৰ বিস্ফোৰণ

দেশত কৰ'ণাই সংহাৰী ৰূপ লোৱাৰ মাজতে প্ৰকৃতিয়েও ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে । উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । ৰাজ্যখনৰ চক্ৰতাৰ বিজনাদ খাদৰ ওচৰত পুৱা ডাৱৰ বিস্ফোৰণ হয় । ডাৱৰ বিস্ফোৰণৰ পিছৰে পৰা তিনিজন লোক সন্ধানহীন হৈ আছে । ইফালে বিকাশনগৰ অঞ্চলত বিগত দুদিন ধৰি ধাৰাবাহিক বৰষুণ হৈ আছে ।

গৃহ-আধাৰিত আৰএটি কিটত আইচিএমআৰৰ অনুমোদন

ক'ভিড-19 ৰ বাবে গৃহ-আধাৰিত দ্ৰুত এণ্টিজেন পৰীক্ষা (আৰএটি) কিটৰ অনুমোদন জনালে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ৷ বুধবাৰে আইচিএমআৰে দ্ৰুত এণ্টিজেন পৰীক্ষা (আৰএটি) কিটৰ অনুমোদন দিয়ে ৷ পুনেৰ মাইলেব ডিস্ক'ভাৰী চলিউশ্যন লিমিটেডে প্ৰস্তুত কৰি উলিয়াইছে এই গৃহ-আধাৰিত দ্ৰুত এণ্টিজেন পৰীক্ষা কিট ৷

ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিলে ৰাজস্থান চৰকাৰে

ৰাজস্থানত ব্লেক ফাংগাছত আক্ৰান্ত লোকৰ বৰ্ধিত সংখ্যালৈ লক্ষ্য ৰাখি বুধবাৰে ৰাজস্থান চৰকাৰে ৰাজ্যখনত এই ৰোগবিধক মহামাৰী হিচাপে ঘোষণা কৰে ৷ 'ৰাজস্থান মহামাৰী ৰোগ আইন, 2020' (The Rajasthan Epidemic Diseases Act, 2020) ৰ অধীনত চৰকাৰে ৰোগবিধক মহানাৰী হিচাপে ঘোষণা কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.