ETV Bharat / state

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ

TOP 10 AT 5PM
সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Dec 15, 2020, 4:59 PM IST

মহানগৰীৰ চচলত কেব সেৱাৰ মালিক আৰু চালকৰ আমৰন-অনশন

ভাড়া নিৰিখ নিৰ্দ্ধাৰণ, কমিচন ১০ং লৈ হ্ৰাস কৰা, চালক সকলৰ নিৰাপত্তা , যাত্ৰীৰ KYC কৰাকে আদি কৰি কেইবাটাও দাবীৰে ১২ ঘন্টীয়া অনশনত বহে চালক সকল ৷ ইপিনে চালকসকলে দাবী উত্থাপন কৰে যে, বহিৰাগত বনিয়া সকলে তেওঁলোকৰ ওপৰত বিভিন্ন লুণ্ঠন চলাই আহিছে ৷

প্ৰচাৰ ভাৰতীৰ ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে ডিব্ৰুগড়ৰ আকাশবাণী কেন্দ্ৰটি বন্ধ কৰাৰ বাবে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় দল-সংগঠন তথা ৰাইজে ৷ প্রচাৰ ভাৰতীৰ অধীনত থকা আকাশবাণী ডিব্ৰুগড়ৰ কেন্দ্ৰটো বন্ধ কৰাৰ বিৰুদ্ধে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ

কোকৰাঝাৰ জিলাৰ গ্ৰীণফিল্ড বডোফা নগৰত আজি দিনৰ 11 বজাত অনুষ্ঠিত হয় চতুৰ্থখন বিটিচি পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠান ৷ বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰে ইপিপিএলৰ প্ৰমোদ বড়োয়ে ৷

আফগান শান্তি চুক্তিক লৈ পাক আৰ্মি চীফৰ সৈতে বাৰ্তালাপত মিলিত খালিজাড

আফগান শান্তি প্ৰক্ৰিয়াৰ বাবে আমেৰিকাৰ বিশেষ প্ৰতিনিধি জালময় খালিজাডৰ নেতৃত্বত এটা দলে পাকিস্তান স্থলসেনা প্ৰধান জেন. কমৰ জাৱেড বাজৱাৰ সৈতে আলোচনাত মিলিত হয় ।

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত সংযুক্ত গণৰাজ্যৰ বৈদেশিক সচিব

ক'ভিড ১৯ আৰু ব্ৰেক্সিটৰ পিচতেই প্ৰথমবাৰৰ বাবে চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে সংযুক্ত গণৰাজ্যৰ বৈদেশিক সচিব ডমিনিক ৰাব । সোমবাৰে ভাৰতত উপস্থিত হোৱা ডমিনিক ৰাবে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে দুয়োখন দেশৰ উমৈহতীয়া আঞ্চলিক আৰু আন্ত:ৰাষ্ট্ৰীয় বিষয়সমূহত আলোচনাত মিলিত হ'ব ।

গোৱালপাৰাৰ নিচানগ্ৰামত বৰদিনৰ প্ৰস্তুতি

ইংৰাজী নৱবৰ্ষ কাষ চপাৰ লগতে খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ উৎসৱ বৰদিনো কাষ চাপিছে । কৰ’ণা মহামাৰীৰ বাবে বিভিন্ন উৎসৱ উদযাপন কৰাৰ ক্ষেত্ৰত উৎসাহ উদ্দীপনা কিছু ম্লান পৰা পৰিলক্ষিত হ’লেও গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী গাৰো জনবসতিপূৰ্ণ নিচানগ্ৰাম গাৱঁৰ ৰাইজে খ্ৰীষ্টমাছৰ বাবে চলাইছে পূৰ্ণ প্ৰস্তুতি ৷ গাঁওখনৰ ডেকা গাভৰু সকলে গান গাই নাচি বাগি পবিত্ৰ খ্ৰীষ্টমাছ বা বৰদিনক আদৰিবলৈ পূৰ্ণৰূপে প্ৰস্তুত হৈছে ।

মাজুলীৰ নৱনীতাক লাগে আপোনাৰ অকণমান সহায়

মাজুলীৰ ভকতিদুৱাৰ গাঁৱৰ ভৱেন খাউণ্ড আৰু সাবৃত্তি খাউণ্ডৰ কন্যা নৱনীতা খাউণ্ডৰ দেহত ধৰা পৰিছে দুৰাৰোগ্য এছ.এল.ই ৰোগ । হঠাতে অহা এই কালধুমুহা সদৃশ ৰোগে পৰিয়ালটোৰ বাবে কঢ়িয়াই আনিছে অমানিশা ।

বকোত সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত বকোৰ গান্ধী মৈদান খেল পথাৰত অনুষ্ঠিত কৰা হৈছিল আন্তঃ ৰাভা হাছং ফুটবল প্ৰতিযোগিতা ৷ ১৪ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা অষ্টম বাৰ্ষিক জননেতা 'সব্যসাচী ৰাভা সোঁৱৰণী' ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত গোৱালপাৰাৰ কুৰুৱাবাচা কৃষ্ণজ্যোতি সংঘই বিজয়ী দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷

প্ৰখ্যাত এৰ'স্পেছ বৈজ্ঞানিক পদ্ম বিভূষণ ৰোড্ডাম নৰসিমহাৰ দেহাৱসান

দেশৰ প্ৰখ্যাত এৰ'স্পেছ বৈজ্ঞানিক তথা পদ্ম বিভূষণ বঁটাৰে সন্মানিত ৰোড্ডাম নৰসিমহাৰ ৮৭ বছৰ বয়সত দেহাৱসান ঘটে । বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বৈজ্ঞানিকগৰাকী ।

হৃত্বিকলৈ কংগনাৰ প্ৰশ্ন: কেতিয়ালৈ এই সৰু সম্বন্ধটোৰ বাবে কান্দিবা?

কংগনা ৰাণাৱটে ক্ৰিছ ছবিৰ অভিনেতা হৃত্বিক ৰোশনৰ প্ৰৰোচনামূলক এজাহাৰ অপৰাধ শাখালৈ স্থানান্তৰিত হোৱাৰ পাচতে পুনৰ তেওঁৰ "sob story" আৰম্ভ হ'ল বুলি কটুক্তি কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.