ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ - 5 বজাৰ শীৰ্ষ দহটা খবৰ

5 বজাৰ শীৰ্ষ দহটা খবৰ

top-10-at-5-pm
5 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : May 12, 2021, 5:05 PM IST

ক'ভিড নিয়ন্ত্ৰণ: মাজুলীৰ দায়িত্ব ল’লে হিমন্তই, কোন মন্ত্ৰীৰ ভাগত কোন জিলা

ক'ভিডৰ জটিল পৰিস্থিতি পৰ্যালোচনাৰ বাবে নতুন মন্ত্ৰীসকলক জিলাসমূহ ভগাই দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলী জিলাৰ দায়িত্ব স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মূৰ পাতি লৈছে ।

টীম হিমন্তই আশীষ ল'লে সৰ্বানন্দ সোণোৱালৰ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তেৰজনীয়া কেবিনেটৰ ১১ গৰাকী মন্ত্ৰীয়ে বুধবাৰে সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক । সোণোৱালৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি আগন্তুক দিনত চৰকাৰখনৰ কাম-কাজ সূচাৰুৰূপে চলাই নিয়াৰ বাবে আশীষ গ্ৰহণ কৰে ।

বৰগোহাঞিৰ মহাপ্ৰয়াণত শোকস্তব্ধ প্ৰধানমন্ত্ৰী

হোমেন বৰগোহাঞিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ টুইট ৷ বৰগোহাঞিৰ প্ৰতিটো সৃষ্টিককৰ্মত অসমীয়া সংস্কৃতি আৰু জীৱনবোধ প্ৰতিফলিত হৈছিল বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ ৷

বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম

ভয়াৱহ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ৰাজ্য চৰকাৰে জাৰি কৰিছে পূৰ্বতকৈ অধিক কঠোৰ কেতবোৰ নীতি-নিৰ্দেশনা । ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই বুধবাৰে এখন সংবাদমেলযোগে ঘোষণা কৰে এই কথা।

হোমেন বৰগোহাঞিৰ মৃত্যুত আলফা(স্বা)ৰ শোক প্ৰকাশ

বিশিষ্ট লেখক,সাহিত্যিক,গল্পকাৰ,চিন্তাবিদ,সাংবাদিক, কথাশিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞি দেৱৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম (স্বা)য়ে ৷

ত্ৰিপুৰাৰ সৈতে সম্পৰ্ক ছেদ NAFED ৰ

এতিয়াৰে পৰা ত্ৰিপুৰাক মাহজাতীয় শস্য যোগান নধৰে ৰাষ্ট্ৰীয় কৃষি বিপণন সমবায় ফেডাৰেছনে । ত্ৰিপুৰাৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী মনোজ কান্তি দেৱে এই কথা প্ৰকাশ কৰিছে । মাহজাতীয় শস্যৰ নাটনি হৈছে যদিও ত্ৰিপুৰাত চাউল, ঘেঁহু আৰু ময়দা পৰ্যাপ্ত পৰিমাণে আছে বুলি তেওঁ জানিবলৈ দিয়ে ।

শিলচৰ অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধকৰ কেলেংকাৰী !

শিলচৰ অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা ৷ সমগ্ৰ দেশত মহামাৰী কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰা সময়তে শিলচৰ অসামৰিক চিকিৎসালয়ত একাংশ সুবিধাবাদী স্বাস্থ্যকৰ্মীয়ে কৰ’ণা প্ৰতিষেধকৰ নামত কেলেংকাৰী চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

চাবুৱাৰ বালিজানত ৰে’লে মহতিয়ালে অট’

চাবুৱাৰ বালিজানত চাইডিঙৰ ৰে'ল ক্ৰচিঙত দ্ৰুতবেগী যাত্ৰীবাহী ৰে’লে মহতিয়াই নিলে এখন অট’ । সৌভাগ্যক্ৰমে অট’খনত নাছিল কোনো যাত্ৰী । লগতে চালকজনেও অট’খন এৰি পলায়ন কৰিছিল ।

চেৰছিপ সমষ্টিৰ বিধায়ক হিচাপে শপত গ্ৰহণ লালদুহ'মাৰ

মঙলবাৰে মিজোৰামৰ চেৰছিপ সমষ্টিৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰিলে লালদুহ'মাই । তেওঁক শপত বাক্য পাঠ কৰায় মিজোৰাম বিধানসভাৰ অধ্যক্ষ লালৰিনলিয়ানা চাইল'ই ।

টিপ্ৰা-বিজেপি ৰাজনৈতিক সংঘৰ্ষত কেবাজনো আহত, কঠোৰ নিৰাপত্তা ব্যৱস্থা

টিপ্ৰা মথা আৰু ৰাজ্যিক শাসকীয় বিজেপি দলৰ মাজত ৰাজনৈতিক সংঘৰ্ষ সৃষ্টি হয় । এই সংৰ্ষত় দুয়োটা দলৰ পাঁচজনৰো অধিক কৰ্মী আহত হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.